গুৱাহাটীত ৩ কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। ২৯ নৱেম্বৰ মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে জব্দ কৰে কমেও ৫০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাৰ মূল্য ৩ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। গড়চুক অঞ্চলত এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জাৰ পেকেটসমূহ এখন ট্ৰাকৰ ভিতৰৰ গোপন চেম্বাৰত ৰখা হৈছিল। ত্ৰিপুৰাৰ পৰা অসমলৈ আহিছিল ট্ৰাকখন। গাঞ্জা জব্দকৰণৰ সন্দৰ্ভত গুৱাহাটী আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে। ধৃত চাৰিওজন বিহাৰৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More