গুৱাহাটীস্থিত ইউ জি চিৰ আঞ্চলিক কাৰ্যালয় দিল্লীলৈ স্থানান্তৰিত

অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰতিক্ৰিয়া আৰু অসন্তুষ্টি প্ৰকাশ

0 107

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১১ ফেব্ৰুৱাৰী : বিশ্ববিদ্যালয় অনুদান আয়োগৰ চমুকৈ ইউ জি চিৰ গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়টো কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে দিল্লীলৈ স্থানান্তৰ কৰা কাৰ্যত অসম কলেজ অধ্যক্ষ পৰিষদে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক ড০ ৰঞ্জন কলিতাই আজি প্ৰেৰণ কৰা এক সংবাদ বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছে যে, ইউ জি চিৰ ক্ষেত্ৰীয় কাৰ্যালয়টো গুৱাহাটীত থকা কাৰণে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ কলেজসমূহৰ কাম-কাজ কৰাত সুবিধা হৈছিল৷ কিন্তু যোৱা ২৩ ফেব্ৰুৱাৰী তাৰিখে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সচিব ৰাজেশ কুমাৰ বাৰ্মাই ৰাজ্যখনৰ সকলো মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা এখন জাননীত গুৱাহাটীস্থিত ইউ জি চিৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়টো দিল্লীলৈ স্থানান্তৰ কৰাৰ কথা জানিবলৈ দিয়ে আৰু ভৱিষ্যতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কলেজৰ সকলো কাম দিল্লীৰ পৰা হ’ব বুলি কয়৷ পত্ৰখন লাভ কৰাৰ পিচতে অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° সৌমাৰজ্যোতি মহন্ত আৰু সম্পাদক ড° ৰঞ্জন কলিতাই অসমৰ মুখ্যমন্ত্ৰীলৈ ইউ জি চিৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যালয়টো পুনৰ গুৱাহাটীলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ যদি ইউ জি চিৰ উত্তৰ আঞ্চলিক কাৰ্যলয়টো পুনৰ গুৱাহাটীলৈ ঘূৰাই অনা নহয় তেতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয়সমূহে দিল্লীত গৈ ইউ জি চিৰ কাম কৰিব লাগিব য’ত সময় আৰু অৰ্থ দুয়োফালে খৰচান্ত হ’ব৷ ইয়াৰ লগতে বিবৃতিটোত যোৱা ৯ মাৰ্চ তাৰিখে নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ চৌধুৰী কলেজলৈ গৈ থাকোতে সৰ্থেবাৰী-নলবাৰী পথত হোৱা সামান্য দুৰ্ঘটনাৰ অজুহাত লৈ পথাচাৰী লোকে অধ্যক্ষগৰাকীক বেয়াকৈ আক্ৰমণ কৰাৰ ঘটনাক অসম কলেজ অধ্যক্ষ পৰিষদে তীব্ৰ গৰিহনা দিয়ে আৰু আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷ লগতে পথত দুৰ্ঘটনা সংঘটিত হলে মাৰ-পিট কৰাৰ সলনি আহতজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবৰ বাবেহে কলেজ অধ্যক্ষ পৰিষদে আহ্বান জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More