গুৱাহাটীৰ খানাপাৰাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তি উদযাপন

0 12

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১০ মেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত বিশাল কাৰ্যসূচীৰ ‍আয়োজন কৰা হয়। বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশ গ্ৰহণ কৰে। বৰ্ষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰি কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালত অসমত উন্নয়ন হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্র মোডীৰ নেতৃত্বত অসমলৈ শান্তিৰ বাতাবৰণ আহিছে। ইয়াৰ বাবে অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম বিজেপিক ধন্যবাদ জনায়। তেওঁ ক’ভিড ব্যৱস্থাপনাক লৈ অসম চৰকাৰক প্রশংসা কৰে। আনহাতে ৰাজ্যৰ সন্ত্ৰাসবাদৰ সমস্যা, অনুপ্ৰৱেশ আদিৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ৯ হাজাৰতকৈ অধিক উগ্রপন্থী মূলসূঁতিলৈ ঘূৰি আহিছে। বৰ্তমান চৰকাৰৰ দিনত বাংলাদেশৰ পৰা অনুপ্রৱেশ ৰোধ হৈছে। ড° শৰ্মাৰ নেতৃত্বত উত্তৰ-পূবলৈ শান্তি আহিছে বুলি তেওঁ কয়। স্বাস্থ্যখণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমৰ প্রতিখন জিলাত এখনকৈ মেডিকেল কলেজ স্থাপনৰ কাম আৰম্ভ হৈছে। অসম দেশৰ ভিৰতৰতে হেল্থ হাবত পৰিণত হ’ব। অসমত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচন, পৌৰ নিৰ্বাচন আৰু জি এম চিৰ নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰাৰ বাবে অসমৰ ৰাইজক অমিত শ্বাহে ধন্যবাদ জনায়। আনহাতে অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰ উদ্ধৃতিৰে ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে। বিগত এটা বছৰত ৰাজ্যত চলা ড্ৰাগছ বিৰোধী অভিযানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৫৫০ কোটি টকাতকৈ অধিক টকাৰ ড্রাগছ ধ্বংস কৰা হৈছে। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিযুক্তিৰ সংকল্প পূৰণৰ দিশেৰে চৰকাৰ আগবাঢ়িছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে অৰুণোদয় আঁচনিৰ পৰিমাণ ১,২৫০ টকালৈ বৃদ্ধি কৰা হ’ব। মিছন বসুন্ধৰাৰ জৰিয়তে ৮ লাখ লোক উপকৃত হৈছে। নৱেম্বৰৰ মাহত এইমছ আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ডিজিটেল সেৱাৰ জৰিয়তে চৰকাৰ আৰু জনতাৰ দূৰত্ব কমোৱা হৈছে। কামৰ মাজেৰে অসম বৈভৱশালী ৰাজ্য হিচাবে প্ৰতিষ্ঠা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ প্রতিশ্রুতি লোৱা হৈছে। শক্তিশালী ভাৰত গঢ়াৰ বাবে প্রধানমন্ত্রী, গৃহমন্ত্রীয়ে কাম কৰি আছে। সৰ্বশ্রেষ্ঠ অসম আমি নিৰ্মাণ কৰিম, আমি সৰ্বশ্রেষ্ঠ ভাৰত গঢ়িম বুলি তেওঁ কয়। বৰ্ষপূৰ্তিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপি মিত্ৰজোঁট দলৰ নেতাৰ লগতে আটাইকেইজন মন্ত্ৰী, বিজেপিৰ সাংসদ তথা বিধায়কসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More