গুৱাহাটীৰ নাগৰিকলৈ পদূলিত প্ৰাথমিক চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ পৰিকল্পনা 

আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, কাঞ্চন ৰোপনেৰে ভৱিষ্যতে ৰমকজমক হ'ব মহানগৰ

0 46

গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত পাৰিষদবৰ্গৰে জলবায়ু পৰিবৰ্তন-গোলকীয় উষ্ণতা বৃদ্ধিক লৈ স্বাস্থ্য-জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক, নিজ ৱাৰ্ডত সৌন্দৰ্যবৰ্ধক গছপুলি ৰোবলৈ পাৰিষদসকলক আহ্বান

দিছপুৰ, ২৮ মে’: গুৱাহাটী পৌৰ নিগমে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত নিগমৰ নৱনিৰ্বাচিত পাৰিষদসকলক লৈ আজি আয়োজন কৰা এখন বিশেষ সজাগতা আৰু পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তিবিদ্যা তথা জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। সভাত গুৱাহাটী মহানগৰীখনক ক্ৰমবৰ্ধমান প্ৰদূষণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ লগতে পৰিবেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে এতিয়াৰে পৰাই প্ৰতিটো ৱাৰ্ড এলেকাতে সুপৰিকল্পিত ভাৱে সেউজ আৱৰণ বৃদ্ধিৰ লগতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে মন্ত্ৰী মহন্তই। বিশেষকৈ প্ৰতিগৰাকী পাৰিষদৰ নেতৃত্বত এতিয়াৰে পৰাই নিজ ৱাৰ্ডৰ ৰাজহুৱা স্থান, পথৰ দাঁতি আদিত আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, কাঞ্চন আদি সৌন্দৰ্যবৰ্ধক গছপুলি ৰোপণেৰে সমগ্ৰ মহানগৰখনিক আগন্তুক ৩-৪ বছৰৰ ভিতৰতে সেউজ আৱৰণেৰে সুশোভিত কৰি তোলাত আগভাগ ল’বলৈ সভাত নৱনিৰ্বাচিত পাৰিষদসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।IMG 20220528 WA0035

ইফালে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সভাত পৌৰ নিগমৰ পাৰিষদসকলৰ আগত সদৰী কৰে যে মহানগৰবাসীৰ বাবে নিজ ৱাৰ্ড এলেকাতে পুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰাথমিক চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আগ্ৰহত স্বাস্থ্য বিভাগে ইতিমধ্যে এক পৰিকল্পনা হাতত লৈছে। ইয়াৰ বাবে অহা জুনৰ প্ৰথম ভাগতে স্বাস্থ্য বিভাগৰ ছগৰাকী বিষয়াক নিয়োজিত কৰি প্ৰতিটো ৱাৰ্ডতে থকা চৰকাৰী চিকিৎসা আন্তঃগাঁথনিৰ এক বিতং জৰীপ চলোৱা হ’ব। স্বাস্থ্য বিভাগৰ এই ছগৰাকী বিষয়াৰ প্ৰত্যেকেই নিগমৰ দহটাকৈ ৱাৰ্ডত স্থানীয় নৱনিৰ্বাচিত পাৰিষদগৰাকীৰ সহযোগত জৰীপ চলাই প্ৰতিটো ৱাৰ্ডত থকা প্ৰাথমিক তথা দ্বিতীয় স্তৰৰ চিকিৎসা সেৱা আগবঢ়োৱা চৰকাৰী চিকিৎসালয়ৰ সংখ্যা, চিকিৎসালয়গৃহৰ অৱস্থা, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ অনুমোদিত পদৰ সংখ্যা, খালী থকা পদৰ সংখ্যা, কি কি সা-সুবিধা তথা চিকিৎসা যন্ত্ৰ-পাতি চিকিৎসালয়ত উপলব্ধ হৈ আছে, সেই বিষয়ত বিতং তথ্য গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিব বুলিও মন্ত্ৰী মহন্তই উল্লেখ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, জৰীপৰ অন্তত বিষয়াকেইগৰাকীয়ে দিয়া প্ৰতিবেদন চালি-জাৰি চাই প্ৰতিটো ৱাৰ্ডতে পুৱাৰে পৰা সন্ধিয়ালৈকে দৈনিক দুটা শ্বিফ্টত প্ৰাথমিক চিকিৎসা সেৱা বাৰ্ডবাসীৰ বাবে উপলব্ধ হোৱাকৈ প্ৰয়োজনীয় সা-সুবিধা, চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু যন্ত্ৰ-পাতিৰে ন্যূনতম এখনকৈ হ’লেও চৰকাৰী চিকিৎসালয় সম্পূৰ্ণ সাজু কৰি তোলাৰ বিষয়ে আমি চিন্তা কৰিছো। তদুপৰি, আগন্তুক দিনত ৱাৰ্ডসমূহত থকা প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা সেৱা আগবঢ়োৱা চৰকাৰী চিকিৎসালয় পৰিচালনা সমিতিক নেতৃত্ব প্ৰদানৰ দায়িত্ব নিগমৰ পাৰিষদসকলৰ হাতত তুলি দিয়াৰ বিষয়েও স্বাস্থ্য বিভাগে বিবেচনা কৰি থকা বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই সভাত প্ৰকাশ কৰে। মহানগৰীৰ উজানবজাৰস্থিত পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত নিগমৰ নৱনিৰ্বাচিত পৌৰপতি মৃগেন শৰণীয়া, উপ পৌৰপতি স্মিতা ৰয়, অতিৰিক্ত আয়ুক্ত ৰঞ্জিত স্বৰ্গীয়াৰী, যুটীয়া আয়ুক্ত পংকজ চক্ৰবৰ্তী, কামৰূপ (মহানগৰ) জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস, কামৰূপ জিলাৰ মাণ্ডলিক বন বিষয়া (সামাজিক বনানিকৰণ) বিনোদ কুমাৰ পায়েং, অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ (এছটেক)ৰ প্ৰকল্প সমন্বয়ক ড° প্ৰাঞ্জল বেজবৰুৱায়ো অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More