গুৱাহাটীৰ লাচিত ঘাটত দুদিনীয়াকৈ মঞ্চস্থ হ’ব “লাচিত-বুৰঞ্জী লিখা তৰোৱাল”

হাতী,ঘোঁৰা আৰু নৌকাৰে শৰাইঘাটৰ গৌৰৱগাঁথাক সুঁৱৰিবলৈ সাজু ৰেপাৰেটৰী

0 51

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ডিচেম্বৰঃ ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগাই, যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ উঞ্চ প্ৰৱাহ৷ চাৰিশ বছৰৰ পাছত সেই মহাবীৰ লাচিতকেই এইবাৰ দেখা পোৱা যাব গুৱাহাটীৰ লাচিত ঘাটত৷ ঐতিহাসিক শৰাইঘাটৰ নিলগতে পুনৰ ঘূৰিব মহাবীৰ লাচিতৰ মোমাই কটা হেংদাং৷ উল্লেখযোগ্য যে,গুৱাহটীত ১৭ আৰু ১৮ ডিচেম্বৰৰ সন্ধিয়া ‘প্ৰজ্ঞা’ৰ উদ্যোগত বীৰ লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ ‘ৰেপাৰটৰী’ৰ দ্বাৰা মুক্তাংগনত প্ৰদৰ্শিত হ’ব “লাচিত,বুৰঞ্জী লিখা তৰোৱাল” শীৰ্ষক নাটখন৷ IMG 20221216 WA0056মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত তথা মহাবাহুৰ জলৰাশিত মহাবীৰ লাচিতৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে অসমীয়া সেনাৰ বীৰবিক্ৰম পুনৰ এবাৰ উদ্ভাসিত হ’ব৷ শব্দ আৰু পোহৰৰ কৌশলী ব্যৱস্থাপনাৰ লগতে হাতী, ঘোঁৰা, নাও আদিৰ ব্যৱহাৰেৰে ঐতিহাসিক শৰাইঘাট ৰণৰ স্মৃতিক নতুন প্ৰজন্মৰ মাজলৈ জীৱন্ত ৰূপত লৈ যোৱা হ’ব৷ ইতিমধ্যে লাচিত ঘাটক সৰ্বদিশে সাজু কৰা হৈছে এই নাটকৰ বাবে৷ কেবাদিন পূৰ্বেই ইয়াত উপস্থিত হৈছেগৈ নাটকৰ অধিকাংশ কলাকুশলী৷ উপস্থিত হৈছেগৈ স্বৰ্গদেউ প্ৰতাপ সিংহ উঠি ৰাজসভালৈ আহিব লগা হাতী ৰামু৷ একেদৰেই আহি পাইছেহি ঘোঁৰা৷ কালি সন্ধিয়া আখৰা কৰাৰ পাছত আজি সন্ধিয়া ইয়াত পূৰ্ণ পৰ্যায়ৰ আখৰা কৰা হৈছে৷ উল্লেখযোগ্য নয়ন জ্যোতি ভট্টাচাৰ্যৰ লাচিত,বুৰঞ্জী লিখা তৰোৱাল নামৰ গ্ৰন্থখনৰ আধাৰত নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাই নাট্যৰূপ দিয়া একে নামৰ নাটকখন যোৱা ১৯ আৰু ২০নৱেম্বৰত তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীৰ পাৰত প্ৰদৰ্শন কৰা হৈছিল৷ হেজাৰ হেজাৰ দৰ্শকৰ সঁহাৰিৰ পাছত এইখন নাটক কাইলৈৰ পৰা দুনিশা প্ৰদৰ্শিত হ’ব গুৱাহাটীৰ ফাঁচী বজাৰৰ লাচিত ঘাটত৷ আঢ়ৈশ অভিনেতা অভিনেত্ৰীৰ অভিনয়,নৃত্যৰ সমাহাৰ ঘটা এইখন নাটক খনত মুখ্য ভূমিকাত বিজিত গগৈয়ে অভিনয় কৰিব৷ আনহাতে প্ৰাঞ্জল শইকীয়াৰ দৰে বিশিষ্ট অভিনেতাৰ লগতে বিধায়ক পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, প্ৰবীন অভিনেত্ৰী জাহানাৰা বেগম, জ্যেষ্ঠ অভিনেতা ভূপেন শৰ্মা, প্ৰশান্ত বৰা, ৰাজীৱ শৰ্মা,অশ্বিনী বৰা আদি সকলৰ লগতে অবনী বৰা, মৌৰাজ কৌশিক, প্ৰহ্লাদ তালুকদাৰ, জীতেন কুমাৰ দাস, পুুতুল বৰুৱা, সঞ্জীৱ বৰঠাকুৰ, শান্তনু শইকীয়া, নমিতা মহন্ত, মধুস্মিতা হাজৰিকা ডেকা, ৰণজিৎ বৰা, গৌতম শৰ্মা, জিতু কলিতা, অৰূপ মহন্ত, বিপুল কুমাৰ নাথ, মিণ্টু নয়ন দাস, নৱ কিশোৰ শইকীয়া, নৱজিৎ শৰ্মা, বিষ্ণু দাস, জ্ঞানদ্বীপ বড়ো, হীৰক কলিতা, অপূৰ্ব বৰা, প্ৰশান্ত দাস, জান তালুকদাৰ, বিস্তৃৰ্ণা ভট্টাচাৰ্য, হিমাশ্ৰী বৰা, ভিলাৰচিয়া বৰা, কৃষাণু, আদিত্য, পাপু, প্ৰিয়াংশু মনজিৎ, পৱন, দেৱাশীষ, দেৱ, ৰনি, লিজা, দিশা আদি ন পুৰণি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব এইখন বিশেষ নাটকত৷IMG 20221216 WA0057 বিশাল আয়োজনৰ এইখন নাটকত উজ্জ্বল শইকীয়া, জিতুমণি কলিতা আৰু প্ৰতিভা শৰ্মাৰ সহ পৰিচালনাৰ লগতে ৰঞ্জীৱ দাসে সংগীত পৰিচালনা, ডিম্পল দাসে আলোক সম্পাত, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰা বৰদলৈয়ে নৃত্য পৰিচালনা, ইন্দ্ৰানী তামুলীৰ সাজসজ্জা, কুলেন বৰা, যোগেন তাঁতীৰ দৃশ্যসজ্জা, মৃগেন চন্দ্র বড়া, দিব্যজ্যোতি নাথ, নিতুমণি কলিতা, ভূপেন শইকীয়াই ৰূপসজ্জা, হীৰেন নাথৰ সমৰকলা আৰু সৌমিত্ৰ দত্তই কলা নিৰ্দেশনাৰে যি অনন্য মাত্ৰা ইতিমধ্যেই প্ৰদান কৰিছে সিয়ে গুৱাহাটীতো দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰি নাটকখনৰ নাট্যকাৰ পৰিচালক পুলক কুমাৰ ডেকাই ৰাইজক গুৱাহাটীৰ লাচিত ঘাটত নাটকখন উপভোগ কৰাৰ বাবে আহ্বান জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More