গৃহৰক্ষীৰ  ৬ মহীয়া চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক  আহ্বান

ৰাজ্যত আছে ২৪ হাজাৰ গৃহৰক্ষী জোৱানঃ প্ৰতি ছমাহত নিয়োজিত হয় ১৪ হাজাৰহে গৃহৰক্ষী জোৱান

0 25

লখিমপুৰত জোৱানৰ সংবাদমেল ঃ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ অক্টোবৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে৷ চলিত মাহত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী জোৱানসকলৰ দৰমহা ৯০০০ টকাৰ পৰা ২৩০১০ টকালৈ বৃদ্ধি কৰাত চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই জোৱানসকলে আদৰণি আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইফালে জিলা সভাপতি ক্ষীৰোদ দত্ত, যুটীয়া সম্পাদক ডিম্বেশ্বৰ বৰা আদিয়ে সংবাদমেলত কয় যে চৰকাৰে গৃহৰক্ষী জোৱানসকলৰ চাকৰি ছমহীয়া কাৰ্যকালৰ পৰিৱৰ্তে নিয়মীয়াকৰণ কৰক৷ ছমাহৰ পিছত একাংশ গৃহৰক্ষী জোৱানে কাম বিচাৰি ৰাইজৰ কাষ চাপিব লগা হয় বুলিও তেওঁলোকে দুখ প্ৰকাশ কৰে৷ শেহতীয়াকৈ চৰকাৰে গৃহৰক্ষী জোৱানসকলৰ দৰমহা বৃদ্ধি কৰাত এই জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালে কিছু সকাহ লাভ কৰিছে বুলি ব্যক্ত কৰি এতিয়া চৰকাৰে তেওঁলোকৰ চাকৰি সমূহ স্থায়ী কৰি দিবলৈ চৰকাৰৰ প্ৰতি গোহাৰি জনায়৷ লখিমপুৰ জিলাত ৯৫০জন প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান থকাৰ বিপৰীতে ইয়াৰে ৪৫০ জনহে প্ৰতি ছমাহত কৰ্মসংস্থাপন লাভ কৰাৰ বিপৰীতে বাকীসকল ছমাহৰ বাবে ঘৰত বহি থাকিব লগা হয় বুলি কয়৷ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান দুৰ্ণকান্ত শইকীয়া, আজিমউদ্দিন আহমেদ, মতিউৰ ৰহমান, অঞ্জলি নাথ, সুভাষ চেতিয়া আদি উপস্থিত থকা সংবাদমেলত জিলা সভাপতি দত্তই কয় যে সম্প্ৰতি সমগ্ৰ ৰাজ্যত প্ৰায় ২৪ হাজাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান আছে যদিও প্ৰতি ছমাহত ইয়াৰে ১৪ হাজাৰ জনেহে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে আকৌ ১০ হাজাৰ ৫০০জন ৰাজ্য চৰকাৰৰ অধীনত আৰু ৩ হাজাৰ ৫০০জন এজেঞ্চিৰ অধীনত নিয়োজিত হয় বুলি তেওঁলোকে সংবাদমেলত সদৰি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More