গেৰুকামুখত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মানৱ শৃংখলেৰে আছুৰ বিশাল প্ৰতিবাদ

এন এইচ পি চি হুঁচিয়াৰ, বিজেপি গ’ বেক ধবনিৰে উত্তাল গেৰুকামুখ

0 20

 গেৰুকামুখৰ পৰা এন এইচ পি চিক খেদি পঠোৱা হ’বঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ প্ৰতাৰকঃ সদৌ অসম ছাত্ৰ সন্থা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ অক্টোবৰঃ গেৰুকামুখত এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ কৰাৰ সময়তে প্ৰকল্পস্থলী ধ্বংসস্তুপ সদৃশ হোৱাৰ পিছত বৃহৎ নদীবান্ধটোৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ তীব্ৰতৰ হৈ উঠিছে৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰৱেশদ্বাৰত সদৌ অসম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সোৱণশিৰি প্ৰকল্প বন্ধ কৰি দিয়াৰ দাবী জনায়৷ গেৰুকামুখৰ দৰে ঠুনুকা পাহাৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি এন এইচ পি চি তিস্তি থাকিব নোৱাৰিব আৰু এন এইচ পি চিক ইয়াৰ পৰা খেদি পঠোৱা হ’ব বুলি আজি আছুৱে তীব্ৰ হুংকাৰ দিয়ে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হোৱাৰ পিছত আজি আছুৱে পুনৰ বিশাল মানৱ শৃংখলেৰে এন এইচ পি চিৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ জনায়৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিবাদস্থলীত কয়- নামনিবাসী ৰাইজৰ কথা চিন্তা নকৰাকৈ গেৰুকামুখত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিজেপি চৰকাৰে ৰাইজক প্ৰতাৰণা কৰিছে৷ এনে বৃহৎ নদীবান্ধ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিবই লাগিব আৰু কোনো কাৰণতে এন এইচ পি চিক ইয়াত তিস্তি থাকিবলৈ দিয়া নহব বুলি হুংকাৰ দি কয় এন এইচ পি চিক ইয়াৰ পৰা খেদি পঠোৱা হ’ব৷ তেওঁ আৰু কয়- এতিয়া গেৰুকামুখত বিশেষজ্ঞ সমিতিয়ে দিয়া প্ৰতিবেদনৰ সকলো কথা আখৰে আখৰে প্ৰমাণিত হৈছে৷ ঠুনুকা পাহাৰ খহি এতিয়া বিপৰ্যয়ৰ সূচনা হৈছে৷ এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু এন এইচ পি চিয়ে ‘কা’ আন্দোলন, কভিড মহামাৰীৰ সুযোগ লৈ বান্ধ নিৰ্মাণৰ কাম আগবঢ়ালে যদিও এই জলবোমা বন্ধ কৰিবই লাগিব৷ আমি ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ আইনী যুঁজো সমানেই আগবঢ়াই নিছিলো৷ কিন্তু চৰকাৰখনে ৰাইজক চৰম প্ৰতাৰণা কৰি গোপনে বান্ধ নিৰ্মাণ কৰিলে৷ এই ক্ষেত্ৰত আমি ক্ষান্ত নাথাকো৷ আজিৰ এই আন্দোলনৰ জৰিয়তে ভৱিষ্যতৰ দিনত ভয়াৱহ আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে৷ আজিৰ প্ৰতিবাদস্থলীত আছুৱে এন এইচ পি চি হুচিয়াৰ, বিজেপি চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, বিজেপি হায় হায়, বিজেপি গ’ বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন ধবনি দি গেৰুকামুখ কঁপাই তোলে৷ উল্লেখ্য যে আজি প্ৰকল্পস্থলীত আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পূৰ্ব ইংগিত পাই লখিমপুৰ-ধেমাজি জিলা প্ৰশাসনে এন এইচ পি চিৰ মুখ্য প্ৰৱেশদ্বাৰত বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী, আৰক্ষী মোতায়েন কৰি মুখ্য প্ৰৱেশদ্বাৰ লোৰ গেটেৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে৷ ইফালে দিনৰ ১২ বজাত চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, বিশ্বনাথ চাৰিআলি, ধেমাজি, লখিমপুৰ আদিৰ পৰা সমবেত হোৱা আছুৰ হাজাৰ হাজাৰ সদস্যই এন এইচ পি চিৰ মুখ্য প্ৰৱেশদ্বাৰত সমবেত হৈ বিশাল মানৱ শৃংখলেৰে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ইফালে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধনমনি দত্তই কয় যে হিমালয়ৰ পাদদেশত ভূ-কম্প প্ৰৱণ এলেকাত এনে বান্ধ যে সম্ভৱ নহয় সেই কথা বিশেষজ্ঞ সমিতিয়ে পূৰ্বেই স্পষ্ট কৰি গৈছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখন বান্ধ লবীৰ পক্ষত নে ৰাইজৰ পক্ষত সেই কথা চৰকাৰে স্পষ্ট কৰিব লাগে বুলিও দত্তই কয়৷ কোনো কাৰণতে লখিমপুৰ-ধেমাজি-মাজুলীবাসীক নিশ্চিহ্ন হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি কয় যে বৃহৎ নদীবান্ধৰ নিৰ্মাণকাৰ্য চৰকাৰে বন্ধ কৰিবই লাগিব৷ উল্লেখ্য যে বিভিন্ন দল সংগঠনৰ হাজাৰ বিজাৰ প্ৰতিবাদৰ পাছতো এন এইচ পি চি কতৃৰ্পক্ষ তথা কেন্দ্ৰীয় চৰকাৰ নাচোৰবান্দা হৈ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলাই যোৱাৰ বাবেই ইতিমধ্যে প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হ’ল৷ অৱশ্যে শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰি প্ৰকল্পৰ কাম যথেষ্ট পিছুৱাই যোৱাৰ লগতে এন এইচ পি চি কতৃৰ্পক্ষকো চিন্তিত কৰি তুলিছে৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোৱণশিৰি নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবীত হোৱা মানৱ শৃংখল কাৰ্যসূচীত কেন্দ্ৰীয় বিষয়-ববীয়াসকলৰ লগতে সাতখন জিলাৰ সভাপতি-সম্পাদক সহ আছুৰ বৃহৎ সংখ্যক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More