গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনত খহি পৰিল পাহাৰঃ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

এন এইচ পি চিত আকৌ অথন্তৰঃ সোৱণশিৰিত জলস্তৰ বৃদ্ধিঃ নিৰাপদ স্থানলৈ শ্ৰমিক-কৰ্মচাৰী স্থানান্তৰ

0 22

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ছেপ্টেম্বৰঃ পুনৰ যেন প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ যোৱা নিশা প্ৰচণ্ড বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন ঘটিছে গেৰুকামুখত৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা পাহাৰ খহি পৰিছে৷ IMG 20220924 WA0017ইফালে অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলস্তৰ অভাৱনীয় হাৰত বৃদ্ধি পাব ধৰিছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত প্ৰকৃতিয়ে ধাৰাবাহিক ভাৱে ৰুষ্ট হৈ অহাত প্ৰকল্প নিৰ্মাণত যথেষ্ট বাধাৰ সৃষ্টি হৈছে৷ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে পূৰ্বে দুটাকৈ ডাইভাৰ্চেন টাৰ্নেল বন্ধ হৈ থকাৰ ফলত যোৱা নিশাৰ পৰা নিৰ্মীয়মান প্ৰকল্পটোৰ মূল বান্ধৰ ওপৰেৰে পানী অত্যধিক ৰূপত ববলৈ ধৰাত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে৷ প্ৰকৃতিৰ ওচৰত একপ্ৰকাৰে হাৰ মানিছে নিৰ্মাণকাৰী সংস্থাটোৱে৷ ইফালে প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰাত প্ৰকল্পস্থলীৰ পৰা নিৰ্মাণকাৰী সংস্থাটোৱে বিভিন্ন সা-সৰঞ্জামৰ লগতে একাংশ শ্ৰমিক কৰ্মচাৰীক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ বাধ্য হৈছে৷ প্ৰকল্পটোত এতিয়া কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীসকলে একপ্ৰকাৰে আতংকৰ মাজেৰে সময় পাৰ কৰিছে৷ উল্লেখনীয় কথা যে কিছুদিনৰ পূৰ্বে এনে ভূমিস্খলনৰ ফলত দুটাকৈ ডাইভাৰ্চেন টাৰ্নেল বন্ধ কৰাৰ লগতে প্ৰকল্পৰ সোঁপাৰে পাহাৰ খান্দি সুৰঙ্গ নিৰ্মাণেৰে প্ৰকল্পস্থলীত শ্ৰমিক কৰ্মচাৰী বিষয়াসকল উপস্থিত হোৱাৰ বাবে পথ নিৰ্মাণ কৰা হৈছে৷ সঘনাই গেৰুকামুখৰ থুনুকা পাহাৰ খহি পৰাত এন এইচ পি চি কৰ্তৃপক্ষও বিমোৰত পৰিছে৷ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবঢ়া প্ৰকল্পটোৰ এনে অথন্তৰে নিৰ্মাণ কাৰ্যত বাৰে বাৰে যতি পেলাই আহিছে৷ লক্ষণীয় কথা যে ১১৬ মিটাৰ উচ্চতাৰ এই বান্ধটোৰ নিৰ্মাণ কাৰ্য সামগ্ৰিক ভাৱে প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে আৰু শেহতীয়াকৈ মূল বান্ধত সংলগ্ন ৪ খনকৈ গেটৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত অব্যাহত থকাৰ সময়তে বৃহৎ নদীবান্ধ প্ৰকল্পটোত অথন্তৰৰ সৃষ্টি হৈছে৷ মূলত দুটাকৈ ডাইভাৰ্চন টাৰ্নেল বন্ধ হৈ থকাৰ ফলত আৰু সোৱণশিৰিৰ বক্ষৰে অভাৱনীয় হাৰত পানী বৈ অহাত এই পানীভাগ প্ৰচণ্ড শব্দৰে নিৰ্মীয়মান গেট সমূহৰ ওপৰেৰে তথা মূল বান্ধৰ ওপৰেৰে পানী বাগৰিছে৷ নামনিত এই পানীয়ে এক প্ৰকাৰে বিভিষীকাৰ সৃষ্টি কৰাৰ লগতে ঠায়ে ঠায়ে প্ৰচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰাত নৈপৰীয়া লোকসকল চিন্তিত হৈ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More