গোগামুখ কলেজত যোগ দিবস পালন

0 5

গোগামুখ, ২১ জুনঃ ধেমাজিৰ এখন অগ্ৰণী কলেজ গোগামুখ মহাবিদ্যালয়ত আজি বিশ্ব যোগ দিবসৰ লগত সঙ্গতি ৰাখি আন্তৰাষ্ট্ৰীয় যোগ দিবস পালন কৰা হয় । গোগামুখ কলেজৰ এনএচএচ গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি- ঢকুৱাখনা মণ্ডলৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মহিলা কোষৰ সম্পাদিকা ড° ঝুমা দাসে । গোগামুখ কলেজৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি কলেজৰ অধ্যাপক অজয় পাটিৰ আৰু হাৰ্হি কলেজৰ অধ্যাপক অজিত শৰ্মা । সভাৰ পাছত যোগগুৰু যাদৱ পোখৰেল আৰু তেওঁৰ সহকৰ্মীসকলৰ নেতৃত্বত যোগাসন কাৰ্যসূচীত কলেজৰ অধ্যক্ষ প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰী সকল আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানৰ মাজতে পুৱা ৬-৪০ বজাত প্ৰধানমন্ত্ৰীৰ দ্বাৰা ইউটিউবত প্ৰচাৰিত কাৰ্যসূচী সকলোৱে উপভোগ কৰি সন্তুষ্টি প্ৰকাশ কৰে । অনুষ্ঠানতে মহাবিদ্যালয়ৰ অধ্যক্ষই অহা জুলাই মাহৰ পৰা ৰুদ্ৰাক্ষ যোগ বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগত গোগামুখ কলেজত যোগ শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ কৰা হব বুলি ঘোষণা কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More