গোলাঘাটত চোৰৰ মহা অথন্তৰ 

0 19

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৫ মেঃ  দিন দুপৰতে মন্দিৰত চুৰি কাৰ্য সম্পন্ন কৰিবলৈ সোমাই নিজ অভীষ্ট সিদ্ধিৰ বাবে সষ্টাঙ্গে সেৱা লৈ ভগৱানৰ আশীৰ্বাদ বিচাৰিলেও ভগৱান পিছে চোৰৰ প্ৰতি সদয় নোহোৱাত মহা অথন্তৰত পতিত হৈ অৱশেষত ভক্তিপ্ৰাণ এই গভাইত চোৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ এক ঘটনাই গোলাঘাটত চাঞ্চল্যৰ লগতে আমোদো দিছে। ঘটনাটো আজি দিনৰ ভাগত গোলাঘাট নগৰৰ সমীপৰ ভগাগাঁৱৰ। জানিবলৈ পোৱা মতে গাঁওখনত থকা শিৱ মন্দিৰত আজি পুৱাৰ ভাগতে কোনো নথকাৰ সুযোগ লৈ চুৰি কৰিবলৈ সোমাল আটাবুৰ নামৰ এক দুৰ্ধৰ্ষ চোৰ। মন্দিৰত প্ৰৱেশ কৰিয়েই চোৰ আটাবুৰে মন্দিৰত ওলমি থকা টিলিঙা বজাই সেৱা লৈ চুৰি কাৰ্যত সফল হোৱাৰ বাবে জনালে প্ৰাৰ্থনা। ইয়াৰ পাছতে মন্দিৰৰ ভিতৰত থকা এটা কলহকে ধৰি যি পালে সামৰি-সুতৰি আনকি মন্দিৰৰ টিলিঙাটোও খুলি লৈ উধাও হ’ব খোজোতেই ৰাইজৰ ৰোষত পৰিল চোৰ। হাতেলোটে ধৰা পৰা চোৰক স্থানীয় ৰাইজে উত্তম-মধ্যম দি গাঁৱৰ পথৰ দাঁতিৰ এটা বিদুতৰ খুঁটাত বান্ধি আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চোৰটোক কৰায়ত্ত কৰি গোলাঘাট থানালৈ লৈ যায়। ঠেলা গাড়ী লৈ ভঙা লোহা-লক্কৰৰ ব্যৱসায়ত জড়িত আটাবুৰ নামৰ এই চোৰটোৱে আজিয়েই বোলে জীৱনত প্ৰথম চুৰি কৰিবলৈ এনেদৰে মন্দিৰত সোমোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More