শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২৩ এপ্ৰিলঃ গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ সহযোগত আজি বিশ্ব গ্ৰন্থ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত গোলাঘাট নগৰৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ‘ক’ শাখাৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অনুব্ৰতা হাজৰিকাই। দ্বিতীয় স্থান নিশিতা বৰুৱা তৃতীয় স্থান সুনয়ন গগৈ আৰু উদ্গনি বঁটা লাভ কৰে অন্বেষণা চলিহাই। আটাইকেইজন গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।’খ’ শাখাৰ প্ৰতিযোগিতাত মহাত্মা বাল্য ভৱনৰ ছাত্ৰী মেঘৰাগিনী বৰাই প্ৰথম, গোলাঘাট দণ্ডধৰ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰী চৈয়দা মুঞ্জিমা চাহৰিন চুলতানাই দ্বিতীয় আৰু মহাত্মা বাল্য ভৱনৰ সৃষ্টিপ্ৰিয়া দেৱীয়ে তৃতীয় স্থান লাভ কৰে। উদ্গনি বঁটা লাভ কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ জ্ঞানদ্বীপ শইকীয়াই। প্ৰতিযোগিতাৰ বিচাৰক ৰূপে উপস্থিত আছিল ফৰকাটিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° লুকুমনি গোস্বামী আৰু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত শইকীয়া।ইয়াৰ পিছতে শাখা সাহিত্য সভাৰ সভাপতি অনিল শৰ্মাৰ সভাপতিত্বত হোৱা বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অৰ্ণৱ শইকীয়াই ‘বৰ্তমান পৰিৱেশত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে।
বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা, অন্যতম প্ৰাক্তন সভাপতি অপৰাজিতা বৰুৱা, বিশিষ্ট সাংবাদিক দ্বীপেন দত্ত, ড° লুকুমনি গোস্বামী, শাখাৰ উপ-সভাপতি ৱাজিদুৰ ৰহমান, গোলাঘাট জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰা আৰু সহ -প্ৰধান শিক্ষয়িত্ৰী বনশ্ৰী কাকতি। সভাতেই গোলাঘাট জাতীয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ৰিজুৱানা হুছেইনৰ ‘কলাজ’ গ্ৰন্হখনি উন্মোচন কৰে ডাঃ অজিত বৰুৱাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক বনশ্ৰী কাকতিয়ে। শলাগৰ শৰাই আগবঢ়ায় ৱাজিদুৰ ৰহমানে।