গোলাঘাটৰ প্ৰশাসন-আৰক্ষী-অভিভাৱক সচেতন হবৰ হল

ড্ৰাগচ সেৱনঃ ভয়ংকৰ ৰূপত দ্ৰুত গতিত বৃদ্ধি পাইছে এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা

0 26

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৬ মেঃ গোলাঘাটত এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা অতি ভয়ানক ৰূপত দ্ৰুত গতিত বৃদ্ধি পোৱাৰ এক তথ্যই ইয়াৰ সচেতন মহলক শংকিত কৰি তুলিছে। বিশেষ সূত্ৰে জানিবলৈ পোৱা মতে বিগত কেইটামান মাহতে গোলাঘাটত বহু সংখ্যক লোক নতুনকৈ এইচ.আই.ভি. আক্ৰান্ত ৰূপে চিনাক্ত হৈছে। ইয়াৰে অধিকাংশই ড্ৰাগচ আসক্ত যুৱক বুলি তথ্যটোত প্ৰকাশ। উল্লেখ্য, গোলাঘাটত দীৰ্ঘদিন ধৰি এক শক্তিশালী চক্ৰই নিষিদ্ধ ড্ৰাগচৰ ৰমৰমীয়া বেহা অবাধ গতিত চলাই নিয়াৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। গোলাঘাটত ড্ৰাগচে বহু যুৱকৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ লগতে সংশ্লিষ্ট পৰিয়ালসমূহকো অভাৱনীয় বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিছে। অতি নিৰ্মম পৰিস্থিতিত ড্ৰাগচ আসক্ত যুৱকৰ মৃত্যুৰ একাধিক ঘটনাই সময়ে সময়ে গোলাঘাটৰ জনজীৱনত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে এটা সময়ত গোলাঘাটৰ আৰক্ষীয়ে জিলাখনত নিষিদ্ধ ড্ৰাগচ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলি ড্ৰাগচ গ্ৰহণকাৰী বহু যুৱকৰ লগতে ড্ৰাগচৰ খুচুৰা সৰবৰাহকাৰীক ড্ৰাগচ সহ গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াভাৱে গোলাঘাটত আৰক্ষীৰ ড্ৰাগচ বিৰোধী অভিযান বহুখিনি নিষ্প্ৰভ হৈ পৰাহে পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে ড্ৰাগচ মাফিয়া চক্ৰই গোলাঘাট নগৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত নিষিদ্ধ ড্ৰাগচ সৰবৰাহৰ নেটৱৰ্ক দিনকদিনে শক্তিশালী কৰি তোলাৰ বিষয়হে ৰাইজৰ মাজত চৰ্চিত হৈছে। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গোলাঘাট জিলাত গা কৰি উঠা এই নিষিদ্ধ ড্ৰাগচ সাম্ৰাজ্য নিয়ন্ত্ৰিত হৈ অহাৰ কথাও সকলোৰে জ্ঞাত। উল্লেখ্য, বিশেষকৈ উঠি অহা প্ৰজন্মক লক্ষ্য কৰি লৈ জিলাখনত হোৱা ড্ৰাগচৰ অবাধ সৰবৰাহে ভৱিষ্যতৰ অধিক ভয়াবহ দিনৰ ইংগিত দিছে। নিষিদ্ধ ড্ৰাগচ সেৱনকাৰী যুৱকৰ গোপন আড্ডাত বিশেষকৈ ইঞ্জেকচনৰ জৰিয়তে ড্ৰাগচ সেৱনৰ ফলতে গোলাঘাটত শেহতীয়াভাৱে মাৰাত্মক এইচ.আই.ভি.ৰ সংক্ৰমণ অতিশয় উদ্বেগজনক হাৰত বৃদ্ধি পোৱা বুলি কৰ্ত্তৃত্বশীল সূত্ৰত প্ৰকাশ। জিলাখনত ড্ৰাগচ বিৰোধী সজাগতা অভিযান প্ৰশাসন তথা স্বাস্থ্য বিভাগে অধিক ব্যাপক কৰি তোলাৰ লগতে নিষিদ্ধ ড্ৰাগচ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ উপযুক্ত পৰিকল্পনা তথা কঠোৰ পদক্ষেপ অত্যন্ত জৰুৰী হৈ পৰা বুলি গোলাঘাটৰ সচেতন মহলে দাবী জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More