গ্ৰহাণুত আৱিষ্কাৰ এমিন’ এচিডঃ জাপানী বিজ্ঞানীৰ সফলতা

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুন : জাপানী গৱেষকসকলে প্ৰথমবাৰৰ বাবে মহাকাশত উৰি থকা এটা গ্ৰহাণুত জীৱনৰ বাবে মূল উপাদান এমিনো এচিড আৱিষ্কাৰ কৰিছে। তেওঁলোকে Hyabusa2 অভিযানৰ দ্বাৰা গ্ৰহাণু Ryuguৰ পৰা ঘূৰাই অনা নমুনাত ২০বিধ এমিনো এচিড চিনাক্ত কৰে। এই তথ্যই বৈজ্ঞানিকৰ দাবীক নিশ্চিত কৰে যে, গ্ৰহাণুটোত কাৰ্বন আৰু জৈৱিক পদাৰ্থৰ উপস্থিতি আছে। জাপানৰ মহাকাশ সংস্থা জাক্সা (Jaxa)ই সৌৰজগতত এই পদাৰ্থসমূহ কেনেদৰে বিতৰণ কৰা হয় আৰু পৃথিৱীৰ জীৱৰ সৈতে ইয়াৰ সম্পৰ্ক কেনেদৰে আছে তাৰ সূত্ৰ বিচাৰি উলিয়াবৰ বাবে চেষ্টা চলাইছে। উল্লেখ্য যে, এমিনো এচিড হৈছে এনে অণু যিবোৰ একত্ৰিত হৈ প্ৰটিন গঠন কৰে আৰু ই জীৱনৰ নিৰ্মাণকৰ্তাৰ দৰে। এই অণুবোৰ জীৱৰ বাবে অপৰিহাৰ্য; কাৰণ ইহঁতে খাদ্য ভাঙি যোৱা, বৃদ্ধি, শৰীৰৰ কলা মেৰামতি কৰা, শৰীৰৰ আন কেইবাটাও কাৰ্য সম্পাদন কৰাত সহায় কৰে। এইবোৰক শৰীৰে শক্তিৰ উৎস হিচাপেও ব্যৱহাৰ কৰিব পাৰে। পৃথিৱীত পৰা গ্ৰহাণুবোৰত পূৰ্বতে এই এমিনো এচিডবোৰ ধৰা পৰিছে। কিন্তু প্লাজমা জ্বলাই সৃষ্টি কৰা পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে প্ৰৱেশ কৰাৰ সময়ত এইবোৰ হেৰাই যোৱাৰ বাবে পৰিমাণ নিৰ্ণয় কৰাটো সহজ নহয়। ইয়াৰে ২০টা মূল উপাদানৰ আৱিষ্কাৰে সৌৰজগতৰ সৃষ্টিৰ পৰা এই অৱশিষ্টসমূহত জৈৱিক পদাৰ্থৰ উপস্থিতি নিশ্চিত কৰিছে। উল্লেখ্য যে, Ryugu হৈছে অধ্যয়ন কৰা সৌৰজগতৰ আটাইতকৈ আদিম পদাৰ্থ। ই এটা চি আই কণ্ড্ৰাইট গ্ৰহাণু। এই পাথৰীয় কাৰ্বনসমৃদ্ধ গ্ৰহাণুটো; যাৰ ৰাসায়নিক গঠন সূৰ্যৰ লগত আটাইতকৈ অধিক মিল আছে। হোকাইডো বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানৰ অধ্যাপক হিছায়োছি ইউৰিমোটোৱে space.comক গ্ৰহাণুটোৰ বিষয়ে এইদৰে কয়— “এই গ্ৰহাণুবোৰ পানী আৰু জৈৱিক পদাৰ্থৰে সমৃদ্ধ, কোটি কোটি বছৰৰ আগতে নৱজাত পৃথিৱীলৈ প্ৰেৰণ কৰা জীৱৰ বীজৰ সম্ভাৱ্য উৎস।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More