‘গ্ৰীন ইউৰিয়া’ : পৰিৱেশ বান্ধৱ সাৰ

ৰামকৃষ্ণ মিছনৰ নৱতম উদ্ভাৱন

0 84

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুন : শতাধিক বছৰৰ পুৰণি পদ্ধতি নহয়। নতুন পদ্ধতিত পৰিৱেশ বান্ধৱ ইউৰিয়া (Nature Friendly Urea) প্ৰস্তুত কৰিছে বেলুৰ মাঠ ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলে। এই পদ্ধতিত ইউৰিয়া তৈয়াৰ কৰিলে বায়ু প্ৰদূষণৰ আশঙ্কা নাথাকে বুলিয়েই দাবী কৰিছে তেওঁলোকে। পৰিৱেশ বান্ধৱ পদ্ধতিত এই ইউৰিয়া প্ৰস্তুত কৰিছে বেলুৰ মঠৰ ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ ইণ্ড্ৰাষ্ট্ৰিয়েল এণ্ড এপ্লাইড কেমেষ্ট্ৰি বিভাগৰ প্রধান আৰু তেওঁৰ সহযোগী গৱেষকসকলে। নাম ৰাখিছে গ্রীন ইউৰিয়া। মূলতঃ দুটা ধাপত এই ইউৰিয়া তৈয়াৰ হয়। প্রথম ধাপত শতাব্দী প্রাচীন Haber-Bosch process অনুযায়ী নাইট্রজেন আৰু হাইড্রজেনক নির্দিষ্ট অনুপাতত মিহলি কৰি প্রায় ৪০০ৰ পৰা ৬০০ ডিগ্রী চেলচিয়াছ তাপমাত্রা আৰু বায়ুমণ্ডলৰ ২০০-৪০০ চাপত ধাতৱ অনুঘটকৰ উপস্থিতিত এমনিয়া তৈয়াৰ কৰা হয়। দ্বিতীয় ধাপত সেই এমনিয়া আৰু কার্বন-ডাই-অক্সাইডৰ মাজত বিক্রিয়া ঘটাই তৈয়াৰ কৰা হয় ইউৰিয়া। শতাধিক বছৰৰ পুৰণি পদ্ধতিত, বাণিজ্যিকভাৱে ইউৰিয়া তৈয়াৰ কৰিবলৈ প্রচুৰ তাপৰ প্রয়োজন হয়। তাৰ বাবে লাগে কয়লা। ইউৰিয়া তৈয়াৰ কৰাৰ সময়ত প্রচুৰ কার্বন ডাই অক্সাইড উৎপন্ন হয়। যাৰ ফলত হয় বায়ু প্ৰদূষণ। কিন্তু, ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলয দাবী— তেওঁলোকে উদ্ভাৱন কৰা পদ্ধতিত ইউৰিয়া তৈয়াৰ কৰাৰ সময়ত কোনো তাপৰ প্রয়োজন নহয়। ফলত বায়ু প্ৰদূষণৰ আশঙ্কা নাথাকে। ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ বিভাগীয় প্রধান উত্তম কুমাৰ ঘোড়ই কয় যে, গ্ৰীন ইউৰিয়া তৈয়াৰ কৰিবলৈ কোনো ইন্ধনৰ প্রয়োজন নাই। বৰঞ্চ এই ক্ষেত্ৰত বায়ুমণ্ডলৰ কার্বন ডাই অক্সাইড ব্যৱহাৰ কৰি পৰিৱেশত তাৰ মাত্রাও কমাই অনা সম্ভৱ। গ্রীন ইউৰিয়াৰৰ উদ্ভাৱনে আগন্তুক দিনত খেতিৰ বাবে নাইট্রজেনযুক্ত সাৰৰ যোগানত গুৰুত্বপূর্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে ইতিমধ্যেই এই উদ্ভাৱনৰ বিষয়ে জার্মানীৰ এক গৱেষণা পত্রিকাত প্ৰকাশৰ বাবে অনুমোদিত হৈছে বুলি ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰৰ গৱেষকসকলে জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More