গড়মূৰ সৰু সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সংবাদমেল

মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত: সত্ৰাধিকাৰ সহিতে বৈষ্ণৱ সকল আন্দোলনত বহাৰ হুংকাৰ:

0 281

শতাব্দ প্ৰতিনিধি, মাজুলী, ১২ ম’: ঐতিহাসিক মাজুলীৰ গড়মূৰ সত্ৰ আৰ্থিক সংকটত ভুগিছে যাৰ বাবে সত্ৰৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হৈছে এই কথা আজি সংবাদমেলৰ যোগেদি প্ৰকাশ কৰিছে গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিয়ে।আজি ১২-৩০ বজাত গড়মূৰ সত্ৰৰ অতিথি গৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি সত্ৰখনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰবীন শৰ্মা, সম্পাদক ৰবীন মুদৈ, গড়মূৰ পীতাম্বৰ দেৱ যুৱ কল্যাণ সংঘৰ সভাপতি দিনমণি দত্তয়ে আৰ্থিক সুবিধাৰ বাবে সত্ৰখন পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধা হোৱাৰ কথা প্ৰকাশ কৰে।সংবাদ মেলত গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা দ্বাদশ গৰাকী সত্ৰাধিকাৰ শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰ দেৱগোস্বামীৰ দিনলৈ সত্ৰাধিকাৰসকল উদাসীন প্ৰথাৰে সত্ৰ পৰিচালনা কৰি আহিছিল বুলি উল্লেখ কৰি এয়োদশ গৰাকী সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে তেখেতৰ মধ্য বয়সত উদাসীন প্ৰথা ত্যাগ কৰি তেওঁ গৃহস্থী ধৰ্ম পালন কৰিবলৈ আগ্ৰহী হয়।এই ক্ষেত্ৰত তেখেতে দৃঢ় স্থিতি গ্ৰহণ কৰি সত্ৰৰ বৈষ্ণৱ তথা শিষ্য সকলৰ আহ্বানকো উপেক্ষা কৰাৰ প্ৰয়াস কৰাত ২০১৫ চনত সদৌ অসম শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ শিষ্যসকলৰ সন্মিলিত সভাই হৰিদেৱ গোস্বামীৰ সিদ্ধান্তক সন্মতি জনাই ৰাজ সত্ৰৰ নিয়ম অনুসৰি সত্ৰাধিকাৰসকল উদাসীন হোৱাৰ লগতে স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি সত্ৰৰ বিগ্ৰহৰ নামত থাকে, সেইবাবেই তেখেতে ইচ্ছাকৃত ভাৱে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পদ ত্যাগ কৰাৰ লগতে সত্ৰ ও ত্যাগ কৰে।পূৰ্বৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰ ত্যাগ কৰাৰ পাছতেই পূৰ্বৰ সত্ৰাধিকাৰ গৰাকীয়ে সত্ৰখনৰ পুঁজি সময়মতে খতিয়ান নিদিয়াৰ বাবেই সত্ৰৰ পুঁজি চৰকাৰে বন্ধ ৰখাৰো অভিযোগ তুলিছে সংবাদমেলত। সংবাদমেলত সত্ৰাধিকাৰগৰাকীৰ বাধাৰ বাবেই ২০১৪-২০১৫ চনৰ পৰা বৰ্তমানলৈকে সত্ৰৰ বিভিন্ন ঠাইত থকা সত্ৰৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰাৰ বাবদ পাব লগা ক্ষতিপূৰণ লাভ কৰা নাই বুলি পূৰ্বৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।২০১৪ চনৰ পূৰ্বে হৰিদেৱ গোস্বামী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৈ থকাৰ সময়ত সত্ৰৰ পুঁজিৰ খৰছ সময়মতে নিদিয়াৰ বাবেই সত্ৰৰ ফাণ্ড বন্ধ আছিল আৰু সত্ৰ ত্যাগ কৰা দুটা বছৰৰ পাছত হিচাব দিয়াত ক্ষতিপূৰণৰ টকা মুকলি হোৱাৰ প্ৰচেষ্টা চলি থাকোতেই পূৰ্বৰ সত্ৰাধিকাৰ গৰাকীয়ে এখন আবেদনৰ জৰিয়তে সত্ৰখনে পাব লগা পুঁজি বন্ধ কৰি ৰাখিছে বুলি সংবাদমেলত সদৰী কৰে।গড়মূৰ সত্ৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰাৰ পাছত চাৰিবাৰকৈ মাজুলীৰ উপায়ুক্তকো লগ কৰাৰ পাছতো আজিও উক্ত ধন সত্ৰখনলৈ এৰি দিয়া নাই বুলি সংবাদমেলত সদৰী কৰে।১৯৬৯-৭০ চনত চৰকাৰে সত্ৰখনৰ বহু বিঘা মাটি অধিগ্ৰহণ কৰিছিল আৰু তাৰ বিনিময়ত ক্ষতিপূৰণ হিচাপে এটি পুঁজি সত্ৰখনলৈ দিয়ে।পূৰ্বৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে এই পুঁজি ব্যৱহাৰ কৰিছিল।কিন্তু মাজুলী, নগাঁও গোলাঘাটকে আদি কৰি বিভিন্ন ঠাইত থকা সত্ৰৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰাৰ পাছত সত্ৰখনে বৰ্তমান পাব লগা পুঁজিত বিভিন্ন ধৰণেৰে বাধা প্ৰধান কৰিছে এই ক্ষেত্ৰত পূৰ্বৰ সত্ৰাধিকাৰ গৰাকীয়েই হওঁক বা অন্য তৃতীয় পক্ষ ব্যক্তি, প্ৰশাসনৰ লোকেই হওঁক যদি সত্ৰ পৰিচালনাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে গোপাল মহাপ্ৰভুৱে বিচাৰ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী লগতে উপায়ুক্তক আজি এই সংবাদমেলাৰ জৰিয়তে সত্ৰৰ পুঁজি এৰি দিবলৈ আহ্বান জনায় অন্যথা বৰ্তমান গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামী সহিতে সকলো সত্ৰৰ বৈষ্ণৱে আন্দোলনত বহিব বুলি উল্লেখ কৰে।গড়মূৰ সত্ৰ প্ৰাক্তন সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে গড়মূৰ সত্ৰ আৰু সত্ৰাধিকাৰ পদ ত্যাগ কৰাৰ পাছত বিভিন্ন সভা সমিতি আৰু অনুষ্ঠানত নিজকে গড়মূৰ সত্ৰ সত্ৰাধিকাৰ হিচাবে পৰিচয় দি অহাত সংবাদমেল যোগেদি হৰিদেৱ গোস্বামীক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় নিদিবলৈ সকীয়াই দিছে।সংবাদ মেলত অদ্যপৰিমিত হৰিদেৱ গোস্বামীয়ে নিজকে শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ অধিকাৰ হিচাপে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বুুলি উল্লেখ কৰি গুৱাহাটীত ৰাষ্ট্ৰপতি নিচান কাৰ্যসূচীত হৰিদেৱ গোস্বামীক শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় কৰাই দিয়া হৈছে।এনে কাৰ্য নীতি বিৰুদ্ধ।যিহেতু ২০১৫ চনতেই গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামীক সত্ৰাধিকাৰৰ আসনত অধিষ্ঠিত কৰা হয়।সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা হৰিদেৱ গোস্বামীক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰৰ আসনখনক কোনো ক্ষেত্ৰতে ভৱিষ্যতে ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা লগতে ভৱিষ্যৎ দিনত হৰিদেৱ গোস্বামীয়ে নিজকে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে পৰিচয় দিলে তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ বাধ্য হব বুলি সংবাদ মেলত উল্লেখ কৰে।সংবাদ মেলত গড়মূৰ সত্ৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, গড়মূৰ পীতাম্বৰ দেৱ যুৱ কল্যান সংঘৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More