গৰ্ভতে মৃত্যু হৈছে ৪৯টা শিশুৰ: স্বাস্থ্য ক্ষণ্ডৰ উন্নয়নৰ বিপৰীত ছবি

0 23

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২০অক্টোবৰ: তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা দুটা মাহত ৪৯টা মৃত নৱজাতকৰ জন্ম হোৱাৰ বিপৰীতে আন ১৩টা নৱজাতকৰ জন্মৰ পাছতে মৃত্যু ঘটিছে৷ উল্লেখযোগ্য যে,দুটা মাহত এই ৬২টা নৱজাতকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত মৃত্যু হোৱাৰ সন্দৰ্ভত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ চিকিৎসক কৰুণা হাজৰিকাই প্ৰকাশ কৰা মন্তব্যই ৰাজ্যৰ স্বাস্থ্য ক্ষেত্ৰৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে৷ উল্লেখযোগ্য যে,চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ভৰ্তি হোৱা ৪৯গৰাকী প্ৰসূতিৰ সন্তানৰ গৰ্ভতে মৃত্যু হৈছিল বুলি কয় হাজৰিকাই৷এই সন্দৰ্ভত তেওঁ কয় যে,ৰাজ্যত স্বাস্থ্য কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ,সামুহিক চিকিৎসা কেন্দ্ৰ তথা আদৰ্শ স্বাস্থ্য কেন্দ্ৰ সমূহৰ অসাৱধানতাৰ বাবেই এনে ঘটনা ঘটা বুলি আশংকা প্ৰকাশ কৰিছে৷ তেওঁ কয় যে,একোগৰাকী মহিলা গৰ্ভৱতী হ’লে এনে পঞ্জীয়ন হয় সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰ সমূহত৷ তদুপৰি ইয়াত থকা ধাত্ৰীয়ে স্হানীয় আশা কৰ্মীৰ সহযোগত প্ৰসূতিগৰাকীৰ চৰকাৰী নিয়ম অনুসৰি ল’ব লগীয়া যত্ন ল’ব লাগে যদিও বহু সময়ত তেনে নোহোৱাৰ বাবেই এনেদৰে চিকিৎসাধীন হোৱাৰ পূৰ্বেই গৰ্ভতে শিশুৰ মৃত্যু হোৱাৰ সম্ভাৱনা সন্দৰ্ভত মন্তব্য কৰে চিকিৎসক তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ হাজৰিকাই৷ উল্লেখযোগ্য যে,চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা আগষ্টত ২৬৯গৰাকী প্ৰসূতি আৰু ছেপ্টেম্বৰত ২৫০গৰাকী প্ৰসূতি ভৰ্ত্তি হৈছিল৷ৰাজ্যত যোৱা সময়চোৱাত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয় গঢ়ি উঠাৰ বিষয়ে চৰকাৰী ভাবে সফলতাৰ দাবী কৰি অহাৰ বিপৰীতে বিভিন্ন সমস্যা চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় সমূহত অব্যাহত থকাৰ লগতে প্ৰয়োজনীয় ঔষধ তথা উপযুক্ত চিকিৎসকৰ অভাৱৰ বিষয়ে অভিযোগ উঠি অহাই নহয়,বহু চিকিৎসা প্ৰকল্প উদ্বোধনৰ পাছতেই অকামিলা হৈ থকা ঘটনাৰ বিপৰীতে গৰ্ভাৱস্থাতে শিশুৰ মৃত্যুৰ ঘটনাই চিকিৎসা সুবিধা তথা প্ৰসূতিকলৈ চৰকাৰী আঁচনিয়ে এতিয়াও যে বহুসংখ্যক লোকক স্পৰ্শ কৰা নাই, তাৰে ইংগিত বহন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More