ঘাৰমৰা সৰু সত্ৰৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোক

0 140

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাৰমৰা সৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ক্ষীৰকৃষ্ণ গোস্বামীৰ সহধৰ্মিনী চিত্ৰাৱতী গোস্বামীৰ [৮০] যোৱা নিশা দেহাৱসান ঘটে৷ অঞ্চলটোৰ ধৰ্মপ্ৰাণা তথা সমাজসেৱিকা গোস্বামীয়ে মৃত্যুৰ সময়ত ৬ পুত্ৰ-বোৱাৰী, দুই জী-জোঁৱাই সহ বহু নাতি-নাতিনীক এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত ঘাৰমৰা সৰু সত্ৰৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More