ঘূনাসুঁতিত দলং নিৰ্মাণত অনিশ্চয়তা

ঘাগৰ কলাখোৱাত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া ঃ চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা

0 132

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১১ মে’ ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিগত বৰ্ষৰ ১৬ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঐতিহাসিক ঘূনাসুঁতিত উপস্থিত হৈ ঘাগৰ-ঘূনাসুঁতি সংযোগী পথৰ সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’ব লগা পকী দলংখনৰ শিলান্যাস আৰু ভূমি পূজন কৰিছিল যদিও এই দলংখনৰ নিৰ্মাণক লৈ এতিয়া চৰম অনিশ্চয়তা আহি পৰিছে৷ সোৱণশিৰি নদীৰ ভয়ংকৰ গৰা খহনীয়াই এনে অনিশ্চয়তা নমাই আনিছে৷ উল্লেখ্য যে বহু প্ৰতীক্ষাৰ অন্তত ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্য চৰকাৰে সোৱণশিৰৰ ওপৰত মহাইজানত দ্বিতীয়খন পকী দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে দলং নিৰ্মাণ স্থলীৰ সমীপতে বিশেষকৈ ঘাগৰ কলাখোৱাত এতিয়া ব্যাপক গৰা খহনীয়া অব্যাহত থকাত দলংখন নিৰ্মাণক লৈ জটিলতা আহি পৰিছে৷ মহাইজানৰ সমীপত এই দলংখন নিৰ্মাণৰ বাবে গৌতম কনষ্ট্ৰাকচনে একপ্ৰকাৰে কাম আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে এনে অথন্তৰৰ সৃষ্টি হৈছে৷ লক্ষণীয় কথা যে ২.১ কিলোমিটাৰ দৈঘ্যৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে লখিমপুৰ-ঢকুৱাখনাৰ দূৰত্ব অভাৱনীয়া ভাৱে হ্ৰাস হ’ব৷ ৩৮৩ কোটি টকা ধাৰ্যৰে ৰাজ্য চৰকাৰে সোৱণশিৰিৰ ওপৰত ঘাগৰ-ঘূনাসুঁতি ঘাটত নিৰ্মাণ কৰিবলৈ লোৱা এই দলংখনে কেৱল ঘূনাসুঁতিবাসীৰে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যক একপ্ৰকাৰে যাতায়তৰ ক্ষেত্ৰত সংযোগ কৰিব৷ দলংখন নিৰ্মাণ হৈ উঠিলে সমগ্ৰ ঘূনাসুঁতি অঞ্চলৰ লগতে ঢকুৱাখনা, মৰনৈ বেবেজীয়া, বিলমুখ আদিৰ লোকসকল ব্যৱসায় বাণিজ্য, শিক্ষা-দীক্ষা আদিৰ ক্ষেত্ৰত বিশেষ ভাৱে উপকৃত হ’ব৷ শেহতীয়াকৈ দলংখনৰ নিৰ্মাণস্থলীৰ পৰা প্ৰায় ৩-৪ মিটাৰ দূৰত্বৰ ঘাগৰ কলাখোৱাত সোৱণশিৰি নদীয়ে ৰুদ্ৰৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ পৰিতাপৰ কথা যে ঘাগৰ-ঘূনাসুঁতি ঘাটত সোৱণশিৰিৰ ওপৰত এখন দলং নোহোৱাৰ বাবে অতীজৰে পৰা এই ঘাটত ৰাইজে প্ৰথমে টুলুঙা নাৱেৰে আৰু এতিয়া দুই-এখন চৰকাৰী ফেৰীৰ জৰিয়তে ৰাইজে পাৰাপাৰ হৈ আহিব লগা হৈছে৷ বহু সময়ত দিনৰাতি এই ঘাটত নাৱেৰে পাৰ হোৱাৰ সময়ত বহু লোক নাও দুৰ্ঘটনাতো পতিত হৈ আহিছে৷ একেদৰে বহু সময়ত নাৱতে সন্তান প্ৰসৱ কৰাৰ দৰে ঘটনাও ঘটি আহিছে৷ সেয়েহে সম্প্ৰতি সোৱণশিৰি নদীয়ে মহাইজান, ঘাগৰ কলাখোৱা অঞ্চলত চপৰা-চপৰে গৰা-খহনীয়াৰ সৃষ্টি কৰাত সকলোৱে দলংখনৰ নিৰ্মাণক লৈ সন্দেহ ব্যক্ত কৰিছে৷ ইফালে মুখ্যমন্ত্ৰীয়ে দলঙৰ ভূমিপূজন আৰু শিলান্যাস কৰি এই দলংখন ২০২৫ বৰ্ষৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰি ২০২৬ চনত এই দলঙেৰে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছিল যদিও সম্প্ৰতি দলংখনৰ নিৰ্মাণ কাৰ্যৰ কাম ৫ শতাংশও আগবঢ়া নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More