ঘেঁহু, চেনিৰ পাছত চাউলৰ ৰপ্তানিত হাত ধৰিব নেকি ভাৰতে

চৰকাৰৰ স্থিতি অস্পষ্টঃ ব্যৱসায়ী দোদোল্যমান পৰিস্থিতিত

0 21

শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে’ : ঘেঁহু, চেনিৰ পাছত এইবাৰ চাউলৰ ৰপ্তানিৰ ওপৰত ভাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰিব নেকি? এনে এটা প্ৰশ্নই এতিয়া দেশখনৰ বাণিজ্য মহলত তোলপাৰ লগাইছে, বিশেষকৈ চাউল ৰপ্তানিকাৰকসকলৰ মাজত। অৱশ্যে চৰকাৰী পক্ষই এই বাতৰি অস্বীকাৰ কৰি ইয়াক উৰাবাতৰি বুলি আখ্যা দিছে। হ’লেও চৰকাৰৰ স্পষ্টীকৰণৰ কোনো বিশ্বাসযোগ্যতা নোহোৱাৰ দৰে হৈছে। ঘেঁহুৰ ৰপ্তানি নিষিদ্ধ কৰাৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত চৰকাৰে এই বাতৰি শেষ মুহূৰ্ত্তলৈকে অস্বীকাৰ কৰি আহিছিল যদিও হঠাতে ১৩ মে’ তাৰিখে চৰকাৰে ঘেঁহুৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি সকলোকে বিস্মিত কৰি তুলিছিল।Critical period China looks to secure national food supply by focusing on technology and manpower upgrades
চাউল ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চীনৰ পাছতে বিশ্বৰ দ্বিতীয় বৃহৎ দেশ। ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষই প্ৰায় ১৫০ খন দেশলৈ ৬.১১৫ বিলিয়ন ডলাৰ মূল্যৰ চাউল(অনা বাছমতি) ৰপ্তানি কৰিছিল। বাছমতি চাউলকে ধৰি দেশখনে যোৱা বিত্তীয় বৰ্ষত ২১.১ নিযুত মেট্ৰিক টন চাউল ৰপ্তানি কৰিছিল।যোৱা দুবছৰৰ ক’ভিড পৰিস্থিতি আৰু সম্প্ৰতি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে খাদ্য নিৰাপত্তাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে আৰু খাদ্য-সামগ্ৰী ৰপ্তানিৰ বিষয়টোত বহুতো ৰাষ্ট্ৰই ইতিমধ্যে হাত ধৰাৰ ইঙ্গিত পোৱা গৈছে। দেশীয় চাহিদা অক্ষুণ্ণ ৰখা আৰু মূল্য সুস্থিৰে ৰখাৰ স্বাৰ্থত ভাৰতেও প্ৰথম ঘেঁহু আৰু পাছত চেনি ৰপ্তানিত প্ৰতিবন্ধকতা আৰোপ কৰিছে। আনহাতে দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰো যোৱা আঠ বছৰৰ ভিতৰত সৰ্বোচ্চ ৭.৭৯ শতাংশ হৈছেগৈ। চৰকাৰী এটা সূত্ৰই জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নেতৃত্বত এটা দলে অত্যাৱশ্যকীয় খাদ্য শস্যৰ উৎপাদনৰ ওপৰত অহৰহ নিৰীক্ষণ চলাই আছে। তদুপৰি মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবেও উচ্চ পৰ্যায়ত প্ৰতিটো সামগ্ৰীৰ ওপৰতে গতিবিধি নিৰীক্ষণ কৰি থকা হৈছে আৰু সময়ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৰ্থনৈতিক বিশ্লেষক সকলৰ মতে চাউল ৰপ্তানিৰ ক্ষেত্ৰতো চেনিৰ দৰে ভাৰত চৰকাৰে ১০ নিযুত মেট্ৰিক টনৰ অধিক ৰপ্তানিত বাধা-নিষেধ আৰোপ কৰাৰ সম্ভাৱনা নথকা নহয়। কিন্তু চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে, দেশত এতিয়াও যথেষ্ট পৰিমাণৰ ধান-চাউল মজুত আছে আৰু ই মুঠেও চিন্তাৰ বিষয় নহয়। চৰকাৰী তথ্য অনুযায়ী ভাৰতীয় খাদ্য নিগমৰ হাতত যোৱা ১ মে’ তাৰিখলৈকে ৩৩.২৭ নিযুত মেট্ৰিক টন চাউল আৰু ২৬.৬১ নিযুত মেট্ৰিক টন পৰিমাণৰ ধান মজুত আছে। দেশৰ খাদ্য নিৰাপত্তাৰ স্বাৰ্থত ভাৰতে কেনেবাকৈ চাউলৰ ৰপ্তানিত নিষেধাজ্ঞা বলবৎ কৰিলে দেশখনে যে প্ৰচুৰ আন্তৰাষ্ট্ৰীয় হেঁচাৰ সন্মুখীন হ’ব লাগিব সেয়াও নিশ্চিত। সামান্য পৰিমাণৰ ঘেঁহু ৰপ্তানি কৰা ভাৰতে সম্প্ৰতি ইয়াৰ ৰপ্তানিত বাধা-নিষেধ আৰোপ কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা এই নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে প্ৰচুৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More