চন্দ্ৰলৈ আপোনাৰ নাম পঠোৱাৰ শেষ সুযোগ

0 25

আপুনি যদি নাছাৰ আর্টেমিছ-১ (Artemis-1) মিছনত যোগ দি জোনলৈ আপোনাৰ নাম পঠাব বিচাৰে, তেন্তে আপোনাৰ হাতত আৰু মাত্র কেইটামান দিনহে বাকী আছে। NASAই সকলোকে ফ্লেছ ড্রাইভত নিজৰ নিজৰ নাম ৰখাৰ বাবে আমন্ত্রণ জনাইছে। এই মিছনত আপোনাৰ নামো নির্বাচন কৰা হ’ব পাৰে। যেতিয়া আর্টেমিছ-১-এ চন্দ্ৰক প্রদক্ষিণ কৰিব, তেতিয়া আপোনাৰ নামটোও ফ্লেছ ড্রাইভত ফ্লেছ হ’ব। যদিও এনে কাম এয়াই প্রথম নহয়। মার্চ ৰভাৰ মিছনৰ লগত পাৰচিভাৰেন্স ৰভাৰৰ যোগেদিয়ো প্রায় ১১ মিলিয়ন নাম পঠোৱা হৈছিল।

  •  আর্টেমিছ-১ মিছন কি
    National Aeronautics and Space Administration বা NASAই তেওঁলোকৰ মনুষ্যবিহীন আর্টেমিছ-১ উৎক্ষেপণৰ প্রস্তুতি আৰম্ভ কৰিছে। এই চন্দ্ৰৰ মিছন পৰীক্ষাৰ বাবে যুক্তৰাষ্ট্রৰ ফ্লৰিদাৰ কেনেডি স্পেচ চেন্টাৰত এক লঞ্চপেড প্রস্তুত কৰা হৈছে। এই মিছনটো পূৰ্বে এক্সপ্লৰেছন মিছন-১ নামেৰে পৰিচিত আছিল। নাছাই চতুর্থবাৰৰ বাবে আর্টেমিছ ৱান মেগা মুন ৰকেটত ইন্ধন ভৰোৱাৰ চেষ্টা কৰিছে। চন্দ্ৰলৈ আপোনাৰ নাম পঠাবলৈ ক্লিক কৰক— http://nasa.gov/wearegoing
  •  গ্ৰীক পুৰাণৰ পৰা
    পৰিকল্পনা অনুযায়ী সকলো ঠিকেঠাকে থাকিলে ৰকেটটো আগষ্টত উৎক্ষেপণৰ বাবে প্রস্তুত হ’ব। আপোনাক কৈ থওঁ যে, এই মিছনটো আগেয়ে তিনিবাৰ ৱেট ড্রেছ ৰিহাৰ্চেল শেষ কৰাত ব্যর্থ হৈছে। আর্টেমিছ মিছন চন্দ্ৰক বুজাৰ বাবে পৰৱর্তী প্রজন্ম হিচাবে পৰিচিত। অর্থাৎ চন্দ্ৰ আৰু মঙলক লৈ গৱেষণাৰ নতুন দুৱাৰ খুলি দিব এই মুন মিছনে। এক গ্রীক পুৰাণৰ পৰা এপল’ৰ যমজ ভনীয়েকৰ নামেৰে নামকৰণ কৰা হৈছে। আর্টেমিছক চন্দ্ৰৰ দেৱী বুলিও কোৱা হয়।
  •  এক জটিল অভিযান
    এইটো এটা অত্যন্ত জটিল মিছন, যিটোৱে চন্দ্ৰ আৰু মঙ্গল গ্রহত গৱেষণাৰ দুৱাৰ খুলি দিব। ৰবট আৰু মহাকাশচাৰীসকলৰ গৱেষণাত সহায় কৰাৰ বাবে NASAই চন্দ্র আৰু মঙ্গল গ্রহৰ পৃষ্ঠত একোটা আর্টেমিছ বেছ কেম্প আৰু চন্দ্ৰৰ কক্ষপথত এটা গেটৱে স্থাপন কৰিব। আর্টেমিছ লুনাৰ এক্সপ্ল’ৰেছন প্রগ্রেমৰ মাধ্যমেৰে নাছাই ২০২৪ চনৰ ভিতৰত প্রথম মহিলা আৰু প্রথম পুৰুষক চন্দ্ৰলৈ পঠোৱাৰ পৰিকল্পনা লৈ কাম কৰিছে। এয়া নির্ভৰ কৰিছে এই মিছনৰ সাফল্যৰ ওপৰত। নাছাই চেয়াৰ কৰা তথ্য অনুযায়ী, আর্টেমিছ-১ মিছনৰ অধীনত কোনো নভোচাৰীকে চন্দ্ৰলৈ পঠোৱা নহ’ব, অৱশ্যে মহাকাশযানো খালী নাথাকিব। ইয়াত এস্ট্রোর্ড ৰেডিয়েচন জেকেট পিন্ধাই মানব মূর্তি পঠোৱা হ’ব। এই মিছনৰ মাধ্যমেৰে ইয়াৰ পৰিৱেশ বুজিবলৈ আৰু ভৱিষ্যতে প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ সহায় কৰিব।
  • (শতাব্দৰ সম্পাদনা গোটৰ সংগ্ৰহ)
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More