চন্দ্ৰায়ন, মঙ্গলায়ন ৰ পাছত এইবাৰ শুক্ৰায়ন

0 34

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে’ : চন্দ্ৰ, মঙ্গলৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এইবাৰ মন মেলিছে পুৱতি তৰা শুক্ৰগ্ৰহলৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে অলপতে ঘোষণা কৰিছে যে, শুক্ৰ গ্ৰহৰ বিশদ অধ্যয়নৰ বাবে এখন মহাকাশ যান প্ৰেৰণৰ বাবে সংস্থাটো প্ৰায় সাজু হৈছে। উল্লেখযোগ্য যে, শুক্ৰগ্ৰহলৈ ভাৰতৰ এইটো প্ৰথম অভিযান হ’ব। ২০১৭-১৮ চনৰ কেন্দ্ৰীয় বাজেটত অভিযানৰ পূৰ্ব প্ৰস্তুতিৰ বাবে ধন ধাৰ্য কৰা হৈছিল।
আজি বহুবছৰৰ পৰাই ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ কাষতে থকা গ্ৰহটোৰ গতি-প্ৰকৃতি নিৰীক্ষণ কৰি ভালেমান বৈজ্ঞানিক তথ্য আৱিষ্কাৰ কৰিছে। শুক্ৰ গ্ৰহৰ বৈজ্ঞানিক দিশসমূহৰ বিষয়ে অনুষ্ঠিত হোৱা এখন আলোচনা চক্ৰ উদ্বোধন কৰি সোমনাথে কয় যে, গ্ৰহটোৰ বিষয়ে বহুখিনি তথ্য আহৰণ কৰা হৈছে যদিও ইয়াৰ বহুবোৰ দিশ এতিয়াও ৰহস্যৰ আৱৰ্তত আৰু এনেবোৰ দিশ উন্মোচনৰ বাবে গ্ৰহটোলৈ অধিক অভিযান চলোৱাৰ প্ৰয়োজনীয়তা আছে।
জীৱৰ বসবাসৰ বাবে অনুপযোগী বুলি বিবেচিত হোৱা গ্ৰহটোৰ বায়ুমণ্ডল অত্যধিক কাৰ্বন ডাই অক্সাইড আৰু ডাৱৰ সমূহ ছালফিউৰিক এচিদৰে পূৰ্ণ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অভিযান কালত প্ৰধানকৈ গ্ৰহটোৰ পৃষ্ঠভাগৰ গঠন, বায়ুমণ্ডলৰ সংযুক্তি আৰু গ্ৰহটোৰ আয়ন’স্ফিয়েৰৰ লগত সৌৰ বতাহৰ সম্পৰ্ক অনুসন্ধান কৰিব। ইয়াৰ উপৰিও শুক্ৰ গ্ৰহটোৰ আগ্নেয়গিৰি, বজ্ৰপাতৰ সৃষ্টি, অম্লজানৰ অৱস্থিতি আৰু ভূতত্ত্ব সম্পৰ্কেও বিশদ অধ্যয়ন চলাব। মহাকাশ সংস্থাটোৰ অধ্যক্ষ গৰাকীয়ে অতি কম সময়ৰ ভিতৰতে এই অভিযান আৰম্ভ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ আৰু কয় যে, অভিযানটোৰ বাবে প্ৰকল্প প্ৰতিৱেদন, কাৰ্য পৰিকল্পনা ইত্যাদি সকলো সাজু আৰু বিত্তীয় দিশটোও চিনাক্ত কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More