চন্দ্ৰৰ মাটিত সৰু বাগিচা !

বিজ্ঞানীৰ নিৰীক্ষণত ধৰা পৰিছে ন ন তথ্য

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাই : চন্দ্ৰৰ মাটিত এখন সৰু বাগিচা। এই বাগিচাত প্ৰথম অংকুৰিত গছবোৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ এই প্ৰচেষ্টাই দেখুৱাইছে যে, চন্দ্ৰৰ মাটিত খেতি কৰাটো কঠিন হ’ব পাৰে কিন্তু অসম্ভৱ নহয়। এসময়ত যিটো অসম্ভৱ যেন লাগিছিল, সেয়া আজি সম্ভৱ কৰি তুলিছে বিজ্ঞানীসকলে। চন্দ্ৰৰ মাটিত বীজ অংকুৰণ উদ্ভিদ বিজ্ঞানৰ এক বৃহৎ কৃতিত্ব বুলি গণ্য কৰা হৈছে।

* ৫০ বছৰ আগতে অনা চন্দ্ৰৰ মাটিত গছ
মহাকাশচাৰীসকলে চন্দ্ৰৰ মাটি আনি নাছাৰ পৰীক্ষাগাৰত প্ৰথম বীজ সিঁচিলে। সেই বীজবোৰ অংকুৰিত হৈছে। এপ’ল’ মিছনে ৫০ বছৰ পূৰ্বে চন্দ্ৰৰ পৰা এই মাটি সংগ্ৰহ কৰিছিল। সেই মাটিতে গছ গজি উঠিল। ফলত চন্দ্ৰৰ পৃষ্ঠত যে অক্সিজেন আৰু খাদ্য তৈয়াৰ কৰিব পৰা যায় সেয়া স্পষ্ট হৈ পৰিল।

* চন্দ্ৰত খেতি কৰিবলৈ বহু সময় লাগে
চন্দ্ৰত গজা উদ্ভিদ পৃথিৱীৰ আগ্নেয়গিৰিৰ পদাৰ্থৰ ওপৰত গজা উদ্ভিদৰ দৰে সতেজ নহয় বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। চন্দ্ৰৰ মাটিত গজা উদ্ভিদবোৰেও ক্ৰমান্বয়ে স্থলজ পদাৰ্থত পুষ্টি লাভ কৰিছিল। ফলত চন্দ্ৰত খেতি হ’বলৈ বা খেতি কৰিবলৈ বহু বেছি সময় লাগিব।

* চন্দ্ৰৰ পৰা সংগৃহীত নমুনাত সফল বিজ্ঞানী
চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰাৰ পিছতো নাছাই মুকলি নকৰিলে। কাৰণ এইবোৰ লৈ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পথত তেওঁলোকে খোজ দিছিল। কিন্তু সেই বহুমূলীয়া নমুনাবোৰ সঁচাকৈয়ে অমূল্য বুলি সকলোৱে জানিছিল। এতিয়া নাছাই নিজৰ আৰ্টেমিছ প্ৰগ্ৰেমৰ জৰিয়তে তেওঁলোকৰ বিজ্ঞানীসকলে কেনেদৰে অগ্ৰগতি লাভ কৰিছে সেই বিষয়ে ব্যাখ্যা কৰিছে।

* চন্দ্ৰলৈ দীৰ্ঘম্যাদী অভিযানত নাছা
এতিয়া নাছাই চন্দ্ৰলৈ মানুহ পঠোৱাৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনাৰে নাছা দীৰ্ঘম্যাদী অভিযানত নামিছে। ২০২৫ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ পঠোৱাৰ সিদ্ধান্ত লৈছে। ২০২৪ চনৰ শেষৰ ফালে এই অভিযানৰ কাম আৰম্ভ হ’ব। নাছাই নতুন উদ্যমেৰে কাম আৰম্ভ কৰিছে। চন্দ্ৰৰ মাটিত গছ-গছনি ৰোপণৰ প্ৰতি উৎসাহ আৰু বাঢ়িছে।

* চন্দ্ৰত খেতি কৰাটো এটা দুঃস্বপ্ন
চন্দ্ৰৰ মাটি খেতিৰ বাবে একেবাৰেই উপযোগী নহয়। এজন মানুহৰ বাবে চন্দ্ৰৰ মাটিত খেতি কৰাটো এটা দুঃস্বপ্ন। কাৰণ চন্দ্ৰৰ মাটি অক্সিডাইজড আইৰণৰ সলনি ধাতুৰ লোৰে ভৰি থাকে। মহাকাশৰ শিলবোৰ ভঙা কাঁচৰ দৰে মাটিৰ লগত মিহলি হৈ আছে। নাইট্ৰ’জেন, ফছফৰাছ বা অন্যান্য পুষ্টিকৰ উপাদানৰে ভৰপূৰ নহয়। ফলত গছজোপাৰ বৃদ্ধি নিখুঁত নহ’বও পাৰে।

* সৰিয়হৰ দৰে উদ্ভিদ ৰোপণ কৰা হৈছিল
বিজ্ঞানীসকলে চন্দ্ৰৰ মাটিত পাৰ্থিৱ সামগ্ৰীৰে সাৰ দি গছৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু বিজ্ঞানীসকলে উপলব্ধি কৰিছে যে, এই প্ৰক্ৰিয়াটো কিমান কঠিন আছিল। ফ্ল’ৰিদা বিশ্ববিদ্যালয়ৰ গৱেষকসকলে থেলাছৰ ট্ৰাইলজী চলাইছিল। চন্দ্ৰৰ মাটিত সৰিয়হৰ দৰে উদ্ভিদ ৰোপণ কৰা হৈছিল।

* ১৬টা পাত্ৰত সিঁচা হৈছিল বীজ
গৱেষণাকাৰী দলটোৱে প্ৰথমে এটা সৰু পাত্ৰত বীজবোৰ ৰোপণ কৰিছিল। এপ’ল’ ১১ৰ নমুনা চাৰিটা পাত্ৰত ৰখা হৈছিল, আৰু এপ’ল’ ১২ৰ নমুনা চাৰিটা পাত্ৰত ৰখা হৈছিল। এপ’ল’ ১৬ৰ নমুনাও চাৰিটা পাত্ৰত ঢালি পৃথিৱীৰ আগ্নেয়গিৰিৰ ভিতৰৰ পদাৰ্থবোৰ চাৰিটা পাত্ৰত ৰখা হৈছিল। মুঠ ১৮টা পাত্ৰত বীজ সিঁচা হয়। দেখা যায় যে চন্দ্ৰৰ মাটিত গজি উঠা গছবোৰতকৈ পৃথিৱীৰ আগ্নেয়গিৰিৰ মৌলবোৰত গছবোৰ বহুত বেছি সজীৱ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More