চন্দ্ৰ গৱেষণাত চীনক লৈ উদ্বেগ প্ৰকাশ

নাছাৰ মুৰব্বীৰ দাবীত হৈ চৈ জ্যোতিৰ্বিজ্ঞানীৰ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : চীনেও এইবাৰ চন্দ্ৰ দাবী কৰিব পাৰে! চীনা জ্যোতিৰ্বিজ্ঞানীসকলে ক’ব পাৰে যে, তেওঁলোকে চন্দ্ৰ দখল কৰিছে। এনে আশংকাৰ বিষয়ে প্ৰকাশ কৰিছে নাছাৰ মুৰব্বীগৰাকীয়ে। কিন্তু নাছাৰ এই দাবী খণ্ডন কৰা হৈছে। কোৱা হৈছে যে, তেওঁলোকৰ দাবীৰ কোনো গুৰুত্ব নাই।

* চন্দ্ৰৰ মালিকীস্বত্ব দাবীৰ ভয়
শেহতীয়াকৈ নাছাৰ প্ৰশাসক বিন নেলছনে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত চীনৰ লক্ষ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁৰ আশংকা— চীনে কেনেবাকৈ চন্দ্ৰৰ মালিকীস্বত্ব দাবী কৰিব পাৰে। আন দেশৰ গৱেষণাত বাধাৰ সৃষ্টি কৰিব পাৰে। চীনে চন্দ্ৰত অৱতৰণ কৰাৰ বাবে অভিযানত নমাৰ পিছৰে পৰা এই বিষয়ত চিন্তিত হৈ পৰিছে নাছা।

* চীন আৰু ৰাছিয়াৰ যৌথ পৰিকল্পনা
চন্দ্ৰক লৈ নাছাৰ প্ৰশাসক আৰু চীনৰ বিষয়াৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছে। দুয়োখন দেশেই চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত কাম কৰি আছে। ইফালে চন্দ্ৰ অধ্যয়ন সন্দৰ্ভত চাঞ্চল্যকৰ দাবীসমূহ চৰ্চালৈ আহিছে। ২০১৯ চনত চীন চন্দ্ৰৰ এটা অংশত এখন মহাকাশযান অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয়। ইফালে চীন আৰু ৰাছিয়াই ২০২৬ চনত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱাৰ যৌথ পৰিকল্পনা ঘোষণা কৰিছে।

* চন্দ্ৰ বা কোনো গ্ৰহৰ অধিকাৰৰ প্ৰশ্ন
কেৱল চন্দ্ৰলৈ যোৱা অভিযানেই নহয়, ২০২৬ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ গৱেষণা কেন্দ্ৰ নিৰ্মাণৰ ইচ্ছাও আছে। কিন্তু চীনক লৈ নাছাৰ উদ্বেগজনক বাৰ্তাৰ সৈতে দুগৰাকী বিশিষ্ট মহাকাশ বিজ্ঞানী একমত নহয়। তেওঁলোকে ভাবে যে, কোনো দেশৰ বাবে মহাকাশত চন্দ্ৰ বা কোনো বিশেষ গ্ৰহক দাবী কৰাটো কেতিয়াও সম্ভৱ নহয়।

* চন্দ্ৰ গৱেষণাৰ একপক্ষীয় দাবী
জ্যোতিৰ্বিজ্ঞানীসকলে যুক্তি আগবঢ়ায় যে, চীন আন্তঃৰাষ্ট্ৰীয় মহাকাশ আইনৰ দ্বাৰা বান্ধ খাই আছে। দেশখনে চন্দ্ৰৰ ওপৰত গৱেষণা কেতিয়াও একপক্ষীয়ভাৱে দাবী কৰিব নোৱাৰে। দাবী কৰিব নোৱাৰিব যে, কেৱল তেওঁলোকেহে চন্দ্ৰৰ ওপৰত গৱেষণা কৰিব। অন্যান্য কোনো সংস্থা বা দেশক গৱেষণা কৰিবলৈ নিদিব। চীনে যদি তেনে কৰে তেন্তে ই আন্তঃৰাষ্ট্ৰীয় মহাকাশ আইনৰ বিৰুদ্ধে হ’ব।

* যদি কোনোৱে চন্দ্ৰৰ মালিকীস্বত্ব দাবী কৰে?
কোনো দেশেই কেতিয়াও চন্দ্ৰ দখল কৰিব নোৱাৰে। চীনে যদি তেনে কৰিবলৈ চেষ্টা কৰে তেন্তে আন্তৰ্জাতিক গৰিহণাৰ সন্মুখীন হ’ব। যদি কোনো দেশে চন্দ্ৰৰ মালিকীস্বত্ব দাবী কৰে তেন্তে সেয়া হ’ব এক ঘৃণনীয় কাম। মহাকাশ বা মহাকাশৰ যিকোনো বস্তুৰ সন্ধান বা অধ্যয়ন কৰাৰ অধিকাৰ সকলোৰে আছে। সেয়া যিকোনো ব্যক্তিয়েই কৰিব পাৰে। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলেও চীন একমাত্ৰ দেশ নহ’ব যি চন্দ্ৰক পৈতৃক সম্পত্তি হিচাপে দাবী কৰিব পাৰে।

* চন্দ্ৰৰ বাবে নাছাৰ পৰিকল্পনা
চীনে যেনেকৈ ৰাছিয়াৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুলৈ যোৱাৰ পৰিকল্পনা কৰিছে, ঠিক তেনেদৰে আমেৰিকাৰ নেতৃত্বত ২০ খন দেশৰ দল আৰ্টেমিছ একৰ্ডছেও ২০২৫ চনৰ ভিতৰত মানুহক চন্দ্ৰলৈ পঠিয়াই ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰি চন্দ্ৰপৃষ্ঠত এটা গৱেষণা কেন্দ্ৰ আৰু এটা মহাকাশ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাও কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More