চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা

0 78
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ বধাকৰাত সোৱণশিৰি নদীয়ে এতিয়া চপৰা চপৰে গৰা খহোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ লাইলেঙিয়াত নদীখনে ধেনুভিৰিয়াকৈ তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত সমগ্ৰ বধাকৰা অঞ্চলত নদীখনে এফালৰ পৰা গৰা খহনীয়াৰ সৃষ্টি কৰাত নিকটৱৰ্তী প্ৰায় কুৰিখনৰো অধিক গাঁৱলৈ ভাবুকি নামি আহিছে৷ পূৰ্বে এই নদীখন বহু দূৰৈত আছিল যদিও এতিয়া নদীখনে খহনীয়াৰ সৃষ্টি কৰি হৰিদাস, বেৰকেপ, সোণোৱাল গাঁও আদিৰ কাষ চাপি অহাত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ মিচিং স্বায়ত্তপৰিষদৰ লগতে ন-কদম গাঁও পঞ্চায়তেও উক্ত স্থানত খহনীয়া ৰোধৰ বাবে কোনো প্ৰচেষ্টা গ্ৰহণ কৰা নাই৷ ইফালে ভূতৰ ওপৰত দানহ পৰাদি নদীখনৰ পাৰতে নিতৌ ১০-১৫ খন ট্ৰেক্টৰে নদীৰ পাৰৰ পৰা পুখুৰী সদৃশ গাঁত কৰি মাটি কঢ়িয়াই থকাত নদীখনৰ খহনীয়াত অৰিহনা যোগাইছে৷ এই বিষয়ে স্থানীয় লোকে বন বিভাগ আৰু আৰক্ষীক অভিযোগ দিও কোনো সু-ফল লাভ কৰা নাই বুলি আজি নদীৰ পাৰত কেবাজনো স্থানীয় লোকে অভিযোগ কৰে৷ শীঘ্ৰে নদীখনৰ পাৰত চলি থকা অবৈধ খনন বন্ধৰ দাবী জনাই এইসকল লোকে৷ এনেদৰে নিতৌ নদীৰ পাৰত অবৈধ খনন কাৰ্য চলাই থকা কাৰ্যত অঞ্চলটোত স্থানীয় লোকৰ মাজতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এনেদৰে অবৈধ খনন অব্যাহত থাকিলে শীঘ্ৰে নদীখনে মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিব বুলি আজি এইসকল স্থানীয় লোকে ক্ষোভ ব্যক্ত কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More