চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ

0 18

ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্রীৰ প্ৰতি আহ্বান। চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত সহায় কৰিব।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ জুলাইঃ অসমৰ চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত প্ৰডিউচাৰ কাউঞ্চিল, অসমৰ এটা সজাতি দলে আজি জনতা ভৱনত সাংস্কৃতিক মন্ত্রী বিমল বড়াক সাক্ষাৎ কৰি ৰাজ্যৰ চলচ্চিত্র উদ্যোগৰ উন্নয়ন সন্দৰ্ভত এক আলোচনাত মিলিত হয়। আন্তর্জাতিক খ্যাতি সম্পন্ন চলচ্চিত্র পৰিচালিকা তথা প্ৰযোজিকা মঞ্জু বৰা,ৰঞ্জিত দাস, চন্দ্র মুদৈ, প্ৰদীপ হাজৰিকা আদি প্ৰযোজক আৰু পৰিচালকৰে গঠিত দলটোৱে সাংস্কৃতিক মন্ত্রী বড়াৰ সৈতে ৰাজ্যিক চলচ্চিত্র নীতি -২০১৯ ৰ কাৰ্যকৰী কৰণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। এই চলচ্চিত্র নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্র উদ্যোগটোৰ বিকাশত কিদৰে সহায় কৰিব এই সন্দৰ্ভতো কাউঞ্চিলৰ তৰফৰ পৰা মন্ত্রীগৰাকীক অৱগত কৰোৱা হয়।IMG 20220706 WA0017 আনহাতে চলচ্চিত্র সংস্থাটোৰ তৰফৰ পৰা গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বা তেনে কোনো অন্য স্থানত অহৰহ অসমীয়া, জনগোষ্ঠীয় অথবা ভাল ভাৰতীয় ভাষাৰ চলচ্চিত্ৰ স্থানীয় দৰ্শকে চোৱাৰ সুবিধা হোৱাকৈ তথা ৰাজ্যৰ চলচ্চিত্র উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্র গৃহ অথবা ছবি ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈও মন্ত্রী বড়াক অনুৰোধ জনায়। এই সন্দৰ্ভত মন্ত্রী গৰাকীয়ে প্ৰডিউচাৰ কাউঞ্চিলৰ দলটোক ইতিবাচক সঁহাৰি জনাই পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More