চলতি বছৰত মহাকাশলৈ নাযায় ‘গগনযান-২০২২’

সুৰক্ষাজনিত কাৰণত পিছুৱাইছে দিন

0 42

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : পিছুৱাই গৈছে মহাকাশলৈ ভাৰতীয় মহাকাশচাৰী প্ৰেৰণৰ প্রকল্প। কালি ২০ মে’ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISROৰ তৰফৰ পৰা জনোৱা হৈছে যে, নিৰাপত্তাজনিত কাৰণত চলিত বছৰত ‘গগনযান-২০২২’ প্রকল্পৰ চূড়ান্ত ধাপ সম্পন্ন নহ’বও পাৰে। ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে এই সম্পৰ্কে কয়— ‘’নিৰাপত্তাৰ কাৰণে আগন্তুক ছেপ্টেম্বৰ আৰু নৱেম্বৰত দুখন মনুষ্যবিহীন মহাকাশযান নিৰাপদে ঘূৰাই অনাৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’’ ইছ’ৰৰ এক সূত্র জনাইছে যে, মহাকাশযান উৎক্ষেপণতকৈয়ো নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাটো বহু বেছি কঠিন। নাছাৰ অভিযাত্রী কল্পনা চাওলাৰ ‘কলম্বিয়া’ মহাকাশযানখন পৃথিৱীলৈ ঘূৰাৰ পথত ‘হিট ছিল্ড’-ত সমস্যা হোৱাত বায়ুমণ্ডলৰ সংস্পর্শলৈ আহোতেই জ্বলি গৈছিল। এই ক্ষেত্রত সেয়ে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিয়েই আগুৱাব লাগিব। ২০১৮ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কাৰ্যসূচীত ‘গগনযান-২০২২’ প্রকল্পৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ইয়াৰ পিছত ইছৰ’ৰ তৎকালীন অধ্যক্ষ কে চিভনে জনাইছিলে যে, ২০২২ চনত শ্রীহৰিকোটাৰ উৎক্ষেপণ কেন্দ্রৰ পৰা এই মহাকাশযান উৎক্ষেপণ কৰা হ’ব। তাত থাকিব তিনিজন ভাৰতীয় মহাকাশচাৰী। উৎক্ষেপণৰ ১৬ মিনিটৰ মূৰত মহাকাশযানখন ভূপৃষ্ঠৰ পৰা ৩০০-৪০০ কিলোমিটাৰ দূৰত্বত উপস্থিত হৈ পৃথিৱীক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ বাবে ব্যৱহাৰ কৰা হ’ব ভাৰতৰ নিজা জিএছএলভি এম কে-থ্রি ৰকেট। ইয়াৰ পিছত গগনযান প্রকল্পৰ অগ্রগতিৰ খবৰ জনাই ইছৰ’ৰ তৰফৰ পৰা কোৱা হৈছিল যে, ৰাছিয়া, আমেৰিকা আৰু চীনৰ পিছত চতুর্থ দেশ হিচাবে মহাকাশত গৱেষণাৰ উদ্দেশ্যে নভোচৰ পঠোৱাৰ কর্মসূচী নির্দিষ্ট সময়সীমাৰ ভিতৰতেই সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। প্রসংগক্ৰমে উল্লেখযোগ্য যে, পৃথিৱীক ঘেৰি মহাকাশযানৰ যি ‘অৰবাইটাল মডিউলটি’ পাক খাব তাত দু’টি অংশ থাকিব। এটাত মহাকাশচাৰীসকল থাকিব। সেইটোৰ নাম ‘ক্রু মডিউল’। যিটো সংযুক্ত থাকিব ‘ছার্ভিচ মডিউল’ৰ লগত। ৫-৭ দিন মহাকাশচাৰীসকল মহাকাশত থাকিব। ইয়াৰ পিছত আৰব সাগৰৰ উপকূলৰ কোনো ঠাইলৈ তেওঁলোকক ঘূৰাই অনা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More