চলিত বছৰৰ বাৰিষা কালত গুৱাহাটীৰ শিক্ষানুষ্ঠানত ৩০০০গছ ৰোপণ কৰিব বনবিভাগে

0 17

গুৱাহাটী, ৯ মেঃ আজি গুৱাহাটী মহানগৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় চৌহদত বৃহৎ বৃক্ষৰোপণ অভিযানৰ অংশ হিচাপে পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জে পাঞ্জাবাৰী বন শিবিৰৰ অন্তৰ্গত বাঘৰবৰী প্ৰাথমিক বিদ্যালয় আৰু বাঘৰবৰী হাইস্কুলত ৪৫জোপা গুৰুত্বপূৰ্ণ ঔষধিগুণ যুক্ত আৰু পাৰিপাৰ্শ্বিক মূল্য থকা স্থানীয় প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰে আৰু এনে ৩০টা উদ্ভিদৰ পুলি উপস্থিত শিক্ষক, শিক্ষাৰ্থী আৰু স্থানীয় লোকৰ মাজত বিতৰণ কৰে। দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন বৰ্মন আৰু অমৃত চন্দ্ৰ দাসে এই কাৰ্যসূচীত তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়ায়। তেওঁলোকে লগতে বিশ্বব্যাপী পাৰিপাৰ্শ্বিক সমস্যাৰ সন্দৰ্ভত গছৰ গুৰুত্বৰ বিষয়ে শিক্ষাৰ্থীসকলক বুজাই কয়। উক্ত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পূব কামৰূপৰ DFO ৰোহিণী বল্লভ ডেকা, DA NEWS PLUSৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, গুৱাহাটী ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা, তত্বাৱধায়ক নিৰ্মল ডেকা আৰু পাঞ্জাবাৰী বন শিবিৰৰ কৰ্মীবৃন্দই । ব্যক্তিসকলে আমলখি, অৰ্জুন, মধুৰিআম, বকুল, আজাৰ, মহানিম, ৰঙা চন্দন ইত্যাদি গছ ৰোপন কৰি বৃক্ষ ৰোপন সম্পৰ্কে ছাত্ৰ ছাত্ৰীৰ মাজত ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰে। উল্লেখযোগ্য যে গুৱাহাটী ৰেঞ্জৰ সকলো বীট আৰু শিবিৰে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনৰ 20 পইণ্ট কাৰ্যসূচীৰ অংশ হিচাপে চলিত বছৰৰ বাৰিষা কালত ৩০০০গছ ৰোপণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More