চলিত শতিকাতে বিনষ্ট হ’ব বিশ্বৰ সমস্ত সমুদ্র জগত !

জানো আহক এই বিপর্যয়ৰ কাৰণ

0 62

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মে’ : বিশ্বত পৰিৱেশ-প্রকৃতিৰ ওপৰত প্ৰদূষণে নানা ধৰণৰ প্রভাৱ পেলাইছে। কেতিয়াবা হিমবাহ গলি গৈছে, বাঢ়িছে তাপপ্রবাহ, বাঢ়িছে অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৰিৱেশবিদসকলে ইয়াৰ বাবে দায়ী কৰিছে গোলকীয় উষ্ণতাকেই। আৰু তাৰ ফলত যিবোৰ বিপর্যয় ঘটাৰ শংকা বাঢ়িছে তাৰ ভিতৰত অন্যতম হ’ল সমুদ্রজগত ধ্বংস হৈ যোৱাৰ আশংকা। সমুদ্রজগত ধ্বংস হৈ যোৱাৰ অর্থ হল সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য বিনষ্ট হৈ যোৱা। ‘গ্ল’বেল অচেন ৱার্ম’ বা মেৰুবৰফ গলি যোৱাৰ ফলতেই সমুদ্রজগতলৈ আহিছে গভীৰ বিপর্যয়। আৰু এই বিপর্যয় ইমানেই ব্যাপক যে, ২১০০ চনৰ ভিতৰত বিশ্বৰ সমুদ্রজগতত ঘটিব এই বিৰল ঘটনা। কি বিৰল ঘটনা? সমুদ্রজল শুকাই যাব নেকি? নহয়, ঠিক তেনে নহয়; সমুদ্রজল শুকাই যোৱাৰ দৰে ঘটনা নহয় এইটো। Science পত্রিকাত প্রকাশিত এক গৱেষণাপত্ৰত কোৱা হৈছে যে, সমুদ্রজল উষ্ণ হৈ উঠা ঘটনাৰ সূত্রে অচিৰেই সমুদ্রজগতত যি ঘটিবলৈ ধৰিছে, ডাইন’ছৰ কুল বিলুপ্ত হৈ যোৱাৰ পিছৰে পৰা এই ধৰণৰ বিপর্যয়ৰ আশংকা বিজ্ঞানীসকলেও কৰা নাছিল। সমুদ্রজলৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ‘অক্সিজেন ডিপ্লিচন’ও সমান সমানে ঘটিব আৰু ইয়াৰ ফলত বিনষ্ট হৈ যাব সমুদ্রজগত। এই প্রাকৃতিক বিপর্যয়ৰ ফলত বহু জলজ প্রজাতি বিলুপ্ত হৈ যাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More