দাদুল দেৱকৃষ্ণ বৰুৱা
কোনো কোনোৱে কয় ‘বাইচকুল’। কোনো কোনোৱে কয় ‘শখ–ঘোঁৰা’। এতিয়াৰ পৰা প্রায় দুই শতাব্দী আগেয়ে আজিৰ চাইকেলক কোৱা হৈছিল শখ-ঘোঁৰা নামেৰে। কোনো কোনোৱে কৈছিল মানৱচালিত মেচিন। কাৰণ চকা থাকিলেও আকাৰ আৰু আয়তন আছিল অনেক ডাঙৰ আৰু সেয়ে মেচিনৰ সহায়ত চলাবলগীয়া হয়। চাইকেল (cycle) অথবা বাইচাইকেল (bicycle) অথবা বাইক (bike) হৈছে মানুহৰ দ্বাৰা চালিত নাইবা মটৰচালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। ইয়াৰ ফ্ৰেমৰ লগত দুটা চকা অগা-পিছাকৈ সংযুক্ত হৈ আছে। চাইকেল শব্দটো হৈছে বাই-চাইকেল শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা—এটা আগত, এটা পিছত, চলোৱা হয় ভৰিৰে পেডেল মাৰি – গতিকে বাই-চাইকেল।
- ‘চাইকেল’ শব্দৰ আঁতিগুৰি আৰু উদ্ভাৱন
‘বাই-চাইকেল’ শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল ১৮৬৮ চনৰ The Daily News নামৰ কাকতখনত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট অৱশ্যে ইয়াৰ আগতেই ১৮৪৭ চনত ব্যৱহাৰ হৈছিল। এই বাহনবিধ আৱিষ্কাৰৰ মূলতে আছিল এক মর্মান্তিক ঘটনা। হঠাৎ আগ্নেয়গিৰিৰ কবলত গোটেই পথাৰৰ ফচল পুৰিছিল, তাৰ লগতে বহু ঘোঁৰাও আগ্নেয়গিৰিৰ জুইত মৰিছিল। গতিকে ফচলৰ বিস্তৃত পথাৰ চাবলৈ যোৱাৰ ক্ষেত্ৰত সমস্যা আহিছিল। আৰম্ভ হৈছিল ফচলৰ পথাৰৰ বিস্তৃত এলেকাৰ এটা স্থানৰ পৰা অন্য স্থানলৈ দ্রুতগতিত যোৱাৰ ভাবনা চিন্তা। আৰু জার্মানীৰ এক চিভিল চার্জন বেৰন কার্ল ভন ড্রেইছৰ মূৰৰ পৰা বাহিৰ হ’ল এক নতুন ধৰণৰ যানৰ কথা। মানুহৰ যাতায়াতৰ কাৰণে তেওঁ সাজি উলিয়ালে প্ৰথম দুচকীয়া বাহন— dandy horse। যাক ড্ৰেইছিয়েন অথবা ল’ফমেছাইন বুলিও কোৱা হয় আৰু য’ত দুয়োফালে দুটা চকা সংযুক্ত হৈ আছিল। ইয়েই আছিল আধুনিক বাইচাইকেলৰ অগ্ৰদূত। সেই যানৰ পেটেন্টো কৰিলে তেওঁ। সেয়াই আৰম্ভণি। কেতিয়াবা দুচকাৰ, কেতিয়াবা তিনি চকাৰ ৰূপত বিয়পি পৰিল জার্মানী, ফ্রান্স প্রভৃতি দেশত। লণ্ডনৰ ডেনিছ জনচন নামৰ এক উৎসাহীয়ে ১৮১৮ চনত তৈয়াৰ কৰিলে আৰু এক ধৰণৰ যান। যিখন দুচকাত চলে। ক্রমশঃ এই যানখন বিভিন্ন প্রান্তত কেৱল উৎসাহ নহয়, প্রবল উদ্দীপনাত জনপ্রিয় হৈ উঠিবলৈ ধৰিলে কামৰ সুবিধাৰ বাবে। এহাতে জনপ্রিয়তা, অন্যহাতে তাৰ ৰূপ পৰিৱর্তন কৰি কিদৰে আৰু সহজ তথা স্বাভাৱিক কৰি তুলিব পৰা যায় তাৰো আৰম্ভ হ’ল ভাবনা। আমি যদি বর্তমান যুগৰ আধুনিক চাইকেলৰ অতীতৰ ফালে ঘূৰি চাওঁ, তেতিয়া দেখিবলৈ পাম, এই দুশ বছৰত তাৰ অবয়ৱ বা ৰূপ পৰিৱর্তন হৈছে প্রায় দুশ বাৰৰো বেছি। এক অর্থত ১৮৬০ চনৰ পৰা ১৮৮০ আছিল বাইচাইকেলৰ বিৱর্তনৰ গতি।
- চাইকেল আৰু নাৰী
দুচকাৰ পিঠিত ভৰ কৰি দ্রুতভাৱে এঠাইৰ পৰা আন ঠাইলৈ কাম-কাজত যাব পৰা এক সহজ সঁজুলি। কেৱল কি পুৰুষৰ বাবেই উপযোগী? নাৰীৰ উপযোগী চাইকেলো উলিওৱা হ’ল। সেই সময়ত নাৰীৰ উপযোগী চাইকেলক লৈ কম আলোড়ন হোৱা নাছিল গোটেই দুনিয়াত। ফেমিনিজিম এণ্ড চাইকেল। চাইকেলক লৈ বিজ্ঞানী-ডাক্তৰ মহলত হৈ চৈ। সকলো প্রতিৰোধক নেওচি দুচকীয়া চাইকেলে গোটেই বিশ্বত স্থান দখল কৰি লয়। চাইকেলে চলাই গ’লে স্কার্টৰ বাধাই ছোৱালীবোৰক অসুবিধাত পেলায়। সেয়ে তৈয়াৰ কৰা হ’ল ছোৱালী উপযোগী চাইকেল। পথাৰৰ ফচল চোৱাৰ পৰা আৰম্ভ কৰি যুদ্ধৰ কামতো তাহানি চাইকেলে এক অনন্য ভূমিকা লৈছিল। এই চাইকেলৰ উন্মাদনাতেই এদিন ফ্রান্সত ৰাষ্ট্ৰপতি এলিজাবেথ উইলিয়ার্ডে গঢ়ি তুলিলে ‘উইমেন খ্ৰীষ্টিয়ানছ টেম্পাৰেন্স ইউনিয়ন’ (WCTU)। তেওঁ লিখিছিল— ‘এ ওমেন ৰাইডছ অন এ হুইল’। নাৰীশক্তিৰ বহিঃপ্রকাশ তেতিয়া ঘটিছিল চাইকেলত। আৰু এই চাইকেলৰ কথা ক’লেই উঠি আহে পৃথিৱীখ্যাত আয়াৰলেণ্ডৰ লেখিকা বিয়াত্রিচ গ্রিমচ (Beatric Grimshaw)-ৰ কথা। ১৮৭০ চনত জন্ম হোৱা এই লেখিকাগৰাকীয়ে জীৱনৰ প্ৰথমচোৱাত চাইকেলত উঠিয়েই কলেজলৈ গৈছিল। সেই চাইকেলেই তেওঁক এটা প্রান্তৰ পৰা আন এক প্রান্তলৈ সাংবাদিকতাৰ পেশাত লৈ ফুৰিছিল। ফ্রীলান্স সাংবাদিকতাৰ পৰা বিশ্বৰ নামী কাকতৰ সম্পাদক আৰু মালিকো হৈছিল। সেই নাৰী সম্পাদক-লেখিকাৰ উত্থানৰ সেয়া আন এক ৰোমাঞ্চকৰ কাহিনী।
- লণ্ডনৰ ৰাজপথত তিনি চাইকেল আৰোহী
এই চাইকেল উন্মাদনাৰ দিনতেই তেতিয়াৰ ইংলেণ্ডৰ পৰা খবৰ আহিল তিনি বাঙালী সন্তানৰ। যি ইংলেণ্ডৰ পথত চাইকেল চলাবলৈ আৰম্ভ কৰিছে। তেতিয়া ইংলেণ্ডত তেওঁলোকক ঠিকমতে চিনিব পৰা হৈ উঠা নাই। পৰৱর্তীকালত তিনিজনেই পৃথিৱী বিখ্যাত হৈ উঠে। এই তিনিজন হ’ল বিজ্ঞানী জগদীশচন্দ্র বসু, বিজ্ঞানী প্রফুল্লচন্দ্র ৰায় আৰু স্বামী বিৱেকানন্দ। লগত জগদীশপত্নী লেডী অবলা বসু। ১৮৯৬ চনৰ এপ্রিলৰ শেষৰফালে স্বামীজীয়ে ইংলেণ্ডত চাইকেল চলোৱাৰ অভ্যাস কৰে। অনেক যুদ্ধ, অনেক পাহাৰপথ অতিক্ৰম কৰি আজি চাইকেল অন্যতম পৰিৱেশপ্ৰদূষণমুক্ত যান হিচাবে চিহ্নিত। চাইকেল ধনীৰো যান, দুখীয়াৰো যান। সহজ সাশ্রয়ী পৰিৱেশনির্ভৰ যান হিচাবে সর্বজনস্বীকৃতি আদায় কৰিছে। এক কথাত চাইকেল মানৱ জাতিৰ অগ্রগতিৰ প্রতীক। দুই শতাব্দী ধৰি যাৰ জনপ্রিয়তা। এই মুহূ্র্তত ১০০ মিলিয়নৰ বেছি মানুহে প্রতিদিনে চাইকেলেৰে যাতায়াত কৰি কাম-কাজ কৰে গোটেই বিশ্বত।
- বিশ্ব চাইকেল দিৱসৰ আঁৰৰ মানুহজন
বিশ্ব বাইচাইকেল দিৱস ঘোষণাৰ পিছত যিজন মানুহৰ মৌলিক অৱদান আছে, তেওঁ হৈছে পোলেণ্ডৰ জাতীয় অলিম্পিকছ চাইক্লিং দলৰ প্রাক্তন সদস্য Leszek Sibilsk। জলবায়ু পৰিৱর্তন আৰু পৰিৱেশ প্ৰদূষণজনিত সমস্যাৰ প্রতি জন সচেতনতা প্রসাৰৰ কামত নিবেদিত এই মানুহজনৰ একক প্রচেষ্টাতেই বিশ্ব চাইকেল দিৱস ঘোষণাৰ বাবে প্রচাৰ অভিযানে এক আন্তর্জাতিক মাত্রা পায়। ক্রমে এই প্রচাৰ অভিযানৰ সমর্থনত আগুৱাই আহে তুর্কমেনিস্তান আৰু অন্যান্য ৫৬খন দেশ। শেষপর্যন্ত ৰাষ্ট্রসঙ্ঘই ২০১৮ চনৰ ১২ এপ্ৰিলত ৩ জুন তাৰিখটো বিশ্ব চাইকেল দিৱসৰূপে পালনৰ কথা ঘোষণা কৰে। এই দিনটো উদযাপনৰ প্রধান বার্তা হ’ল বাইচাইকেল সাধাৰণ মানুহৰ আৰু সাধাৰণ মানুহৰ বাবে। ইউৰোপীয় চাইক্লিষ্ট ফেডাৰেচনৰ মহাসচিব বার্নার্ড এনচিংকৰ কথাত— “চাইকেল সৰল, ব্যয়সাশ্রয়ী, নির্ভৰযোগ্য, প্ৰদূষণৰহিত আৰু পৰিৱেশৰ লগত সঙ্গতিপূর্ণ পৰিবহণ যান।”
- চাইকেল আৰু স্বাস্থ্য
চাইকেল শিক্ষা, স্বাস্থ্য পৰিসেৱা আৰু খেলাধূলাৰ উপকৰণ হিচাবে ব্যবহার্য; অৱসৰ বিনোদনৰ উৎকৃষ্ট মাধ্যম। বাইচাইকেলে চালকৰ সামাজিক যোগাযোগ বঢ়ায়। আশপাশৰ পৰিৱেশ সম্পর্কে সচেতনতা বঢ়ায়। এইদৰেই চাইকেলে সমাজত মৈত্রী আৰু সৌভ্রাতৃত্ববোধৰ বার্তা বহন কৰি সমাজ গঠনত এক তাৎপর্যপূর্ণ অৱদান যোগায়। বেলজিয়াম, চুইজাৰলেণ্ড, জাপান, নৰৱে, জার্মানী, ডেনমার্ক, নেদাৰলেণ্ডছৰ দৰে পশ্চিমীয়া দেশবোৰত ব্যাপকভাৱে জনপ্রিয় চাইকেল। আনকি কিছু দেশৰ ৰাষ্ট্রপ্রধানেও চাইকেল চলায়। পৰিৱেশ বচাবলৈ বিশ্বৰ উন্নত দেশবোৰে এতিয়া চাইকেলৰ ফালে ঘূৰিছে। যদি আপুনি নিজৰ স্বাস্থ্যৰফালে চায় তেতিয়াহলে প্রতিদিনে চাইকেল চলোৱাৰ উপকাৰিতাসমূহ উপেক্ষা কৰিব নোৱাৰিব। ব্যস্ত জীৱনযাত্রাৰ দৌৰত নিয়মীয়া শৰীৰচর্চাত মন নালাগে বেছিভাগ মানুহৰেই। মৰ্নিং ৱাকত যোৱাৰ অভ্যাস থাকিলেও কেতিয়াবা সেয়াও মিছ হৈ যায়। ইয়াৰ পৰিৱর্তে আপুনি যদি দিনৰ যিকোনো সময়ত চাইকেল চলায় তেতিয়াহলে একাধিক উপকাৰিতা মিলিব। এতিয়া মানুহ সহজেই অৱসাদগ্রস্ত হৈ পৰিছে। এই ক্ষেত্রত আপোনাক সহায় কৰিব পাৰে চাইক্লিঙে। গৱেষণাত দেখা গৈছে, প্রকৃতিৰ মাজে মাজে চাইকেল চলালে এণ্ঢৰফিনচ আৰু এড্রিনালিন হৰমন নিঃসৃত হয়, যাৰ ফলত আত্মবিশ্বাস বাঢ়ি যায়। নিয়মিত যি চাইকেল চলায়, তেওঁলোকৰ বাবে ই মেডিটেচনৰ দৰে কাম কৰে। মনসংযোগো বাঢ়ি যায়। আৰু ফিজিকেল এংজাইটি কমি গ’লে ৰাতি টোপনিও ভাল হয়। ওজন কমাব বিচাৰে, কিন্তু শৰীৰচর্চা কৰাৰ সময় নাই। এই ক্ষেত্রত দৈনিক চাইকেল কৰি অফিচ বা আন ঠাইলৈ যাতায়াত কৰক। কৈশোৰৰ দিনবোৰ হয়তো ঘূৰি নাহিব; কিন্তু শৰীৰ ঠিক থাকিব। নিয়মিত চাইকেল চলালে ওজন কমিবলৈ বাধ্য। গৱেষণাত দেখা গৈছে যে, এঘণ্টা চাইকেল চলালে প্রায় ৫০০ কেলৰি ওজন কমে। একেদৰে মেদ বহুলতা, ডায়াবেটিছৰ দৰে ৰোগৰ প্ৰভাৱো কমি যায়। ইয়াৰ উপৰি হার্ট খুব ভালে থাকে। দৌৰাৰ দৰেই চাইকেল চালনাৰ বাবে পৰিশ্রম কৰিবলগীয়া হয়। ইয়াৰ ফলত শৰীৰত স্বাভাৱিকতকৈ বেছি পৰিমাণৰ অক্সিজেন প্রয়োজন হয়। ফলত শ্বাস-প্রশ্বাস প্রক্রিয়া দ্রুতভাৱে চলি থাকে। সেয়ে হাওঁফাওঁ ভালে থাকে আৰু কার্যক্ষমতা বাঢ়ে।
- চাইকেল আৰু জলবায়ু পৰিৱর্তন
ভাবিছে নিশ্চয় এয়া কিদৰে সম্ভৱ ? জলবায়ু পৰিৱর্তনৰ দৰে এটা ভীষণ কঠিন বিষয়ৰ সমাধান কেনেকৈ হ’ব পাৰে বাইচাইকেল? ট্রেন্সপর্ট চেক্টৰৰ পৰা পৃথিৱীৰ মুঠ গ্রীন হাউচ গেছ নির্গমন হয় প্রায় ১৫ শতাংশৰ ওচৰা-ওচৰি। আমাৰ দৈনন্দিন যাতায়াতৰ এক ক্ষুদ্ৰ অংশ সামান্য পৰিৱর্তন কৰিলে আমি নিশ্চয় জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে নিঃসন্দেহে যুদ্ধ ঘোষণা কৰিব পাৰিম। সম্প্রতি অক্সফর্ড বিশ্ববিদ্যালয়ৰ ক্রিষ্টীয়ান ব্রেণ্ডৰ নেতৃত্বত পৃথিৱীৰ সাতখন চহৰজুৰি প্রায় চাৰি হাজাৰ মানুহৰ ওপৰত কৰা এক গৱেষণাৰ পৰা জনা গৈছে যে, যদি আমি আমাৰ দৈনন্দিন যাতায়াতৰ এটা মাত্র ট্রিপ গাড়ী ব্যৱহাৰ নকৰি চাইকেল ব্যৱহাৰ কৰোঁ, সেই ক্ষেত্রত প্রতিজন নাগৰিকে ট্রেন্সপর্ট চেক্টৰত গ্রীন হাউচ গেছৰ নিৰ্গমন প্রায় ৬৭ শতাংশ কমাব পৰা যায়। এই সমীক্ষাত আৰু জনা গৈছে যে, যদি জনসংখ্যাৰ মাত্র দহ ভাগ মানুহে দিনে এটাকৈ ট্রিপ গাড়ীৰ সলনি বাইচাইকেলেৰে কৰে, সেই ক্ষেত্রত ট্রেন্সপর্ট চেক্টৰত গ্রীন হাউচ গেছৰ পৰিমাণ প্রায় ১০ শতাংশ কমি যাব। এই সমীক্ষাত এক চমক লগোৱা তথ্য পোহৰলৈ আহিছে। সেই তথ্য হ’ল আমি কামতকৈ অকাৰণত (বজাৰ কৰা বা ঘূৰা ঘূৰি কৰা) গাড়ী বেছি ব্যৱহাৰ কৰোঁ। অর্থাৎ যি ক্ষেত্ৰত হাতত সময় লৈ ওলাই গ’লে অনায়াসে খোজকাঢ়ি বা ৰাজহুৱা পৰিবহণত বা চাইকেলেৰে যাতায়াত কৰা সম্ভৱ, সেই সমস্ত ঠাইত আমি প্রতিনিয়ত গাড়ী বা মটৰচাইকেল ব্যৱহাৰ কৰি আহিছোঁ। কামৰ ক্ষেত্রত সময়ানুৱর্তিতাৰ কাৰণে যদি আমি গাড়ী ব্যৱহাৰ কৰিও, বাকী ক্ষেত্রবিশেষে চাইকেল ব্যৱহাৰ কৰি আমি ব্যক্তিগত গ্রীন হাউচ গেছ নির্গমনৰ পৰিমাণ প্রভূত পৰিমাণে কমাই আনিব পাৰোঁ। সম্প্রতি জলবায়ু পৰিৱর্তনৰ সকলোতকৈ বৃহত্তম আৰু নির্ভৰযোগ্য সংস্থা IPCCয়ে তেওঁলোকৰ প্ৰতিবেদনত পৰিষ্কাৰ কৰি দিছে যে, চৰকাৰী নীতিয়ে যিদৰে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰিব পাৰে, একেদৰে প্রতিজন ব্যক্তিয়ে নিজৰ জীৱনযাত্রাৰ পৰিৱর্তনৰ মাধ্যমেৰে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে প্রতিৰোধ গঢ়ি তুলিব লাগিব। সেই পৰিৱর্তনবোৰৰ ভিতৰত অন্যতম হ’ল স্বল্প দূৰত্বৰ যাতায়াত খোজেৰে বা চাইকেলেৰে কৰা। আমাৰ গাঁও বা চহৰবোৰত এনেধৰণৰ অসংখ্য পথ আছে যিবোৰেৰে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ গাড়ীত যদি ৩০ মিনিট লাগে, খোজেৰে গ’লে লাগে ১০ মিনিট। সময়ৰ লগে লগে গাড়ীৰ সংখ্যা বাঢ়িছে আৰু তাৰ লগতে বাঢ়িছে ট্রেফিক জামৰ পৰিমাণ। সম্প্রতি বিশ্ব বেংকৰ এক গৱেষণা পত্ৰ অনুযায়ী কলকাতা, বেঙ্গালুৰু আৰু হায়দৰাবাদ ভাৰতবর্ষৰ ভিতৰত সকলোতকৈ ধীৰগতিসম্পন্ন চহৰ। চহৰত সুকীয়া চাইকেল লেন থাকিলে যিদৰে ৰাস্তাত গাড়ীৰ পৰিমাণ কমিব তেনেদৰে চহৰৰ গতিও বৃদ্ধি হ’ব। বিশেষকৈ সৰু সৰু ট্রিপবোৰৰ ক্ষেত্রত অনেক সময়ত গাড়ী ব্যৱহাৰ কৰিলে বহু বেছি সময় লাগে। এটা উদাহৰণ দি ক’ব পাৰি— আপুনি হয়তো ১০ মিনিট দূৰৰ এখন ঠাইলৈ যাব আৰু তাৰ বাবে আপুনি এপৰ জৰিয়তে এখন গাড়ী বুক কৰিছে। ভিৰৰ মাজেৰে ধোঁৱা উলিয়াই উলিয়াই আপোনাৰ ওচৰ পাবলৈ গাড়ীখনক লাগিল ১৫ মিনিট! অর্থাৎ এই ক্ষেত্রত প্রত্যক্ষ আৰু পৰোক্ষভাৱে আপুনিও ভিৰ বঢ়াইছে। আকৌ অনেক সময়ত নিজৰ গাড়ী থাকিলে আমি পাঁচ খোজ দূৰৰ দোকানখনলৈয়ো গাড়ীত গৈহে ভাল পাওঁ। সেই ক্ষেত্রত আপুনি ভিৰ আৰু গ্রীন হাউচ গেছ বঢ়াইছে। গতিকে আমি যদি গাড়ীৰ সলনি চাইকেলৰ ফালে মন দিওঁ, তেতিয়াহলে ট্রেফিক জামৰ লগতে কমিব গ্রীন হাউচ গেছো। জলবায়ু পৰিৱর্তন আৰু আমাৰ জীৱনযাত্রাৰ পৰিৱর্তনৰ কাৰণে একাধিক নতুন নতুন ৰোগৰো উৎপাত বাঢ়িছে। চাইকেল চলোৱাটো কিন্তু এটা ভীষণ ভাল ব্যায়ামো। সম্প্রতি মার্কিন যুক্তৰাষ্ট্রৰ এখন চহৰত স্বাস্থ্য সম্পর্কিত এক পৰীক্ষা-নিৰীক্ষা কৰি দেখা গৈছে যে, দিনে মাত্র আধাঘন্টা চাইকেল চলালে ভাৰতীয় মুদ্রাত প্রায় ৪০ হাজাৰ টকাৰ ওচৰা-ওচৰি বছৰি কেৱল স্বাস্থ্যৰ ক্ষেত্ৰত কম খৰছ হয়। ভাৰতবর্ষ বা বাংলাদেশৰ ক্ষেত্রত এই সংখ্যাটো হয়তো ইমান বেছি নহয়; কিন্তু সেয়া কম হ’লেও যে দলিয়াই দিয়াৰ দৰে নহয় সেয়া কোৱাটো বাহুল্য মাথোঁ। এই প্রসঙ্গত আৰু এটা বৈজ্ঞানিক অনুসন্ধানৰ কথা কোৱা জৰুৰী। মার্কিন যুক্তৰাষ্ট্রৰ ১১খন চহৰত এক সমীক্ষা চলাই দেখা গৈছে যে, যদি প্রতিজন মানুহে তেওঁৰ যাতায়াতাৰ অহা বা যোৱা যিকোনো এবাৰ গাড়ীৰ সলনি বাইচাইকেলেৰে কৰে, সেই ক্ষেত্রত এই চহৰবোৰত কেৱল স্বাস্থ্য খণ্ডতে যে ৭.৩ বিলিয়ন মাৰ্কিন ডলাৰ বাচিব তেনে নহয়, তদুপৰি প্রায় এঘাৰশ মানুহৰ প্রাণ প্রতি বছৰে বাচিব। গতিকে চাইকেল চলাওক। জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজিবলৈ চাইকেল চলাওক। চহৰৰ গতি বঢ়াবলৈ চাইকেল চলাওক। সেয়াও যদি নহয়, অন্ততঃ ভীষণ স্বার্থপৰ হৈ কেৱল নিজৰ শৰীৰ সুস্থ ৰাখিবলৈ আৰু টকা বচোৱাৰ বাবে চাইকেল চলাওক।
এই গতিৰ যুগতো চাইকেলক কোনেও এৰাপৰলীয়া কৰিব নিবিচাৰে। এজন ভ্রমণকাৰীৰ বাবে চাইকেল কিমান মূল্যবান তাৰ অনেক কাহিনী বর্ণিত আছে অভিজ্ঞতালব্ধ কিতাপৰ পাতত। …চাইকেলৰ আছে অলেখ কথা। বিচিত্ৰ। আমোদজনক। কৈ থাকিলে ওলাই থকা কথা…