শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ এপ্ৰিল :
- চাইবাৰ অপৰাধৰ বলি হ’লে ডায়েল কৰক ১৯৩০
এ টি এম অথবা বেংকৰ পৰা ধনৰ হৰলুকিৰ দৰে ঘটনা সংঘটিত হ’লে অথবা আন চাইবাৰ অপৰাধৰ কবলত পৰিলে ২৪ ঘণ্টাৰ ভিতৰত ১৯৩০ নম্বৰত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । বহু সময়ত অসমৰ মানুহ চাইবাৰ অপৰাধৰ বলি হৈ আহিছে । সেয়ে তেওঁ ৰাইজক সজাগ আৰু সতৰ্ক হ’বলৈ আহ্বান জনায় । ইফালে চাইবাৰ হেকাৰৰ কবলত পৰা অইল ইণ্ডিয়াৰ ঘটনাৰ অন্তৰালত নাইজেৰিয়ান দুষ্ট চক্ৰৰ হাত থকা বুলি উল্লেখ কৰি তেওঁ চি আই ডিৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থাৰ চাইবাৰ বিশেষজ্ঞই তদন্ত অব্যাহত ৰখা বুলি কয় ।
- গৰুৰ চোৰাং বেহাৰ পৰা আৰ্জিত ধনৰ এটা শকত অংশ যায় ভাৰত বিৰোধী চক্ৰৰ হাতলৈ । আজি তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত এইদৰে কয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই । গৰু ছিণ্ডিকেটৰ ধন জেহাদীৰ হাতলৈ যায় বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিয়াৰ পাছতে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ এই ভাষ্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে । আৰক্ষী সঞ্চালকপ্ৰধানজনে কয় যে এইক্ষেত্ৰত আৰক্ষীয়ে যথেষ্ট প্ৰমাণ লাভ কৰিছে । গৰুৰ চোৰাং বেহাৰ ধন মৌলবাদী শক্তিয়ে ব্যৱহাৰ কৰাৰ প্ৰমাণ আছে বুলি তেওঁ কয় । সংবাদ মাধ্যমৰ আগত অধিক তথ্য সদৰি কৰাৰ পৰা বিৰত থকা আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে অসম আৰক্ষীয়ে গৰুৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰটোক সমুচিত প্ৰতুত্তৰ দিবলৈ সক্ষম হৈছে । তেওঁ লগতে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ।
- আলফাৰ নেতৃত্বক আৰক্ষী সঞ্চালকপ্ৰধানৰ আহ্বান
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱক, যুৱতী আলফামুখী হোৱা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানজনে কয় যে অসমত এটা সময়ত বিৰাজ কৰা হিংসাজৰ্জৰ পৰিৱেশ বৰ্তমান শাম কাটিছে । তেজৰ ফাকু খেলাৰ পৰিৱেশ, হত্যা, অপহৰণ, সংঘৰ্ষ এইবোৰ অসমৰ জনমানসৰ পৰা ক্ৰমে নাইকিয়া হৈ গৈছে । ইয়াক পুনৰ জীৱন দিবলৈ যোৱাটো দুৰ্ভাগ্যজনক কথা হ’ব বুলি উল্লেখ কৰি অসমৰ ভৱিষ্যতৰ স্বাৰ্থত এই ডেকাল’ৰাবোৰক কৰ্মৰ জৰিয়তে সমাজত প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ তেওঁ আলফাৰ নেতৃত্বক আহ্বান জনায় ।