চাৰিখন শিশু নাটকৰ সফল মঞ্চায়নেৰে সামৰণি তেজপুৰৰ আংগিকৰ “শৈশৱতে ধেমালিতে” শীৰ্ষক শিশু নাটসমাৰোহ

0 13

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : তেজপুৰৰ নিকটৱৰ্তী ডিপোটাৰ এগৰাকী দক্ষ তথা ৰুচিশীল নাট্যকৰ্মী তথা এন এছ ডিৰ ডিপ্লমা প্ৰাপক শোণিতজ্যোতি শইকীয়াৰ বিশেষ তৎপৰতাত গঢ়ি উঠা নাট্যানুষ্ঠান “আংগিক” ৰ উদ্যোগত দুদিনীয়াকৈ ঐতিহ্য মণ্ডিত ডিপোটা নাট্য মন্দিৰত অনুস্থিত হোৱা “শিশু নাট সমাৰোহ” ৰ কালি চাৰিখনকৈ শিশু নাটৰ সফল মঞ্চায়নৰে সামৰণি পৰে। উল্লেখ্য যে, আংগিকৰ আমন্ত্ৰণত তেজপুৰ অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে নিজেই ৰচনা কৰা নাটক “ৰহিলা সুন্দৰীৰ বিয়া” সফল মঞ্চায়নৰে ৰাইজৰ সমাদৰ আৰু আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱাৰ লগতে “ইফক্ৰ “প্ৰযোজিত আৰু নিতুমণি কলিতা পৰিচালিত, গৌতম পাঠক সহ পৰিচালিত চাৰুকমল হাজৰিকা ৰচিত “পীমু” ৰ লগতে শোণিতজ্যোতি শইকীয়াৰ দুখনকৈ নাটকেৰে কালি সামৰণি পৰে। তেজপুৰৰ “অৰিন্দম নাট্য বিদ্যালয়” ৰ শিক্ষাৰ্থীৰ দ্বাৰা পৰিৱেশিত “ৰহিলা সুন্দৰীৰ বিয়া” শীৰ্ষক নাটকখনিৰ সামগ্ৰিক পৰিকল্পনা পৰিচালনা আছিল অৰিন্দম নাট্য বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত কুমাৰ ভূঞাৰ আৰু দক্ষ অভিনেত্ৰী চিমি গোস্বামীৰ। সেইদৰে শোণিতজ্যোতি শইকীয়াৰ পোহৰ, অমৰজ্যোতি বৰা আৰু হেমধৰ দাসৰ দৃশ্য সজ্জা, দিব্যজ্যোতি নাথৰ ৰূপসজ্জাৰে সফল মঞ্চায়ন হোৱা নাটকখনত অভিনয় কৰা শিশু সকল আছিল ক্ৰমে অভিপ্ৰিয়া গোস্বামী, মুক্তাৱলী মহন্ত, নিলঞ্জনা শইকীয়া, কৃষ্টি বৰা, শৰণ্যা মহন্ত, ফাৰহান আহমেদ, নিয়ৰ শইকীয়া, জ্ঞানম মহন্ত, স্বৰ্ণীল শৰ্মা, প্ৰণিত বৰা, অংকিত শৰ্মা, ধৃতিষ্মা আল্যব্যন, উন্মনা শইকীয়া, , হৃতিক বৰা , অহিৰণ বৰা, চায়াংক দাস, কামাখ্যী ডেকা, দেৱৰাজ কলিতা আৰু দেৱাশিস কলিতা। উল্লেখ্য যে, “শৈশৱতে ধেমালীতে’ শীৰ্ষক আংগিকৰ এইবাৰ তৃতীয় বাৰ্ষিক নাট সমাৰোহত প্ৰথম নিশা নাট্যানুষ্ঠান” ইফক্ৰ’ই পৰিবেশন কৰে ‘পীমু’ আৰু অৰিন্দম নাট্য বিদ্যালয়ে ‘ ৰহিলা সুন্দৰীৰ বিয়াৰ লগতে দ্বিতীয় নিশা শোণিত জ্যোতি শইকীয়াৰ পৰিচালনাৰে আঙ্গিকৰ শিল্পী সকলে পৰিবেশন কৰে দুখন নাট ক্ৰমে বিজয় তেণ্ডুলকাৰৰ অমৰ সৃষ্টি ‘ব’বী’ আৰু জয়ন্তীয়া বীৰৰ কাহিনীৰে ‘উ কিয়াঙ নাংবা’। ব’বীত অভিনয় কৰে চৰ্চিকা চৌধুৰী, গৌতম শৰ্মা, সুদীপ্ত ৰাজ উপাধ্যায়, ৰণ্জীতা ডেকা, সমীৰণ বৰুৱা, আয়ুস দাস, ইচু দাস, হৰ্ষিতা গোস্বামী, ৰক্তিম নাথ, দেবাঙ্গিনি বৰা, দেবাৰ্সনা শইকীয়া, বৃষ্টি দাস, তৃষা কলিতা আৰু বিদিশা বৰদলৈয়ে। আনহাতে উ কিয়াঙ নাংবাত অভিনয় কৰে দুকৰিৰো অধিক শিশু শিল্পীয়ে। পোহৰ ব্যৱস্থাপনা উজ্জ্বল শইকীয়াৰ আৰু পৰিকল্পনা ডিম্পল সন্দিপন কাশ্যপৰ। নাটক দুয়োখনিত আৱহ সঙ্গীত কৰে মৃণ্ময় বৰাই। দুয়োটি নিশাই শিশু অভিনেতা সকলে দৰ্শকৰ মন জয় কৰে। প্ৰতি নিশাই পাঁচশতাধিক দৰ্শকৰ সমাগমেৰে নাট সমাৰোহ খনি সফল ভাৱে অনুষ্ঠিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More