চাৰিধামৰ ঈশ্বৰ প্ৰাপ্তিৰ পথত তীৰ্থযাত্ৰীয়ে সৃষ্টি কৰিছে পৰ্বতসম আৱৰ্জনা

যমুনেত্ৰী, গঙ্গোত্ৰী, ভাগীৰথী আৰু অলকানন্দা এতিয়া নৰ্দমালৈ পৰ্যবসিত

0 81

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে’ :

পুণ্যতীৰ্থ দেৱভূমি আখ্যা দিয়া উত্তৰাখণ্ডত ৩ মে’ৰ পৰা আৰম্ভ হৈছে বিখ্যাত চোটা চাৰধাম যাত্ৰা, অৰ্থাৎ চাৰিধাম যাত্ৰাৰ ক্ষুদ্ৰ সংস্কৰণ। প্ৰতি বছৰৰ অক্ষয় তৃতীয়াৰ দিনা আৰম্ভ হোৱা এই যাত্ৰা দীপাৱলীৰ দুদিন পাছলৈকে অব্যাহত থাকে। এই যাত্ৰাত তীৰ্থযাত্ৰী সকলে যমুনোত্ৰী, গঙ্গোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ এই চাৰিখন হিন্দুৰ পৱিত্ৰ তীৰ্থস্থান দৰ্শন কৰে। 7949cba0 d7fc 11eb 8234 fa90d3519d9c 1631779298629 1631779312955এই বছৰ এই যাত্ৰা আৰম্ভ হৈছিল ৩ মে’ তাৰিখে। উত্তৰাখণ্ডৰ পৰ্যটন বিভাগৰ তথ্য অনুযায়ী এতিয়ালৈকে প্ৰায় ৫ লাখ যাত্ৰীয়ে চাৰিধাম ভ্ৰমণ কৰিছে আৰু প্ৰায় এক নিযুতৰো অধিক লোকে এই যাত্ৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে। ইয়াৰোপৰি উৎকট গ্ৰীষ্মপ্ৰবাহৰ বাবে কাষৰীয়া ৰাজ্য সমূহৰ পৰা এই শীতল পৰ্বতীয়া স্থান সমূহলৈ ঢাপলি মেলা পৰ্যটকসকল আছেই।
চাৰিধাম যাত্ৰাৰ সময়ছোৱাত উত্তৰাখণ্ডৰ হিমালয়ৰ উচ্চাংশত তীৰ্থযাত্ৰী সকলৰ পৰা সৃষ্ট বিভিন্ন ধৰণৰ আৱৰ্জনাই অঞ্চলটোৰ ভঙ্গুৰ পৰিৱেশতন্ত্ৰত ইতিমধ্যে এক বিৰূপ প্ৰভাৱ পেলাইছে। পুণ্যপ্ৰাপ্তিৰ সন্ধানত যাত্ৰা কৰা তীৰ্থযাত্ৰী সকলে যাত্ৰাপথত নিৰ্বিবাদে কলুষিত কৰি গৈছে ঈশ্বৰৰ দেশ বুলি আখ্যা দিয়া পৱিত্ৰ ভূমিৰ নদ-নদী, জনপদ, অৰণ্য সকলো। ঈশ্বৰ প্ৰাপ্তিৰ পথত দৈনিক সহস্ৰাধিক তীৰ্থযাত্ৰীয়ে আৱৰ্জনাৰ সৃষ্টি কৰি আজি দেৱভূমিক নৰকসদৃশ স্থানলৈ পৰ্যবসিত কৰিছে। যাত্ৰাৰ এই পথচোৱাত বাটে-পথে, দোকানে-পোহাৰে এতিয়া প্লাষ্টিকৰ পানীবটল, পলিথিনৰ মোনা আৰু আন তেনেধৰণৰ পেলনীয়া সামগ্ৰীৰ আৱৰ্জনাই স্তুপৰ আকাৰ ধাৰণ কৰিছে। বিশেষকৈ গঙ্গোত্ৰীৰ কাষতে থকা উত্তৰ কাশী আৰু বদ্ৰীনাথ মন্দিৰৰ কাষৰ চামোলী নগৰৰ বাসিন্দা সকলক এই অভাৱনীয় সমস্যাই এতিয়া বিপদত পেলাইছে। আৱৰ্জনাৰ স্তুপ আৰু ইয়াৰ পৰা নিৰ্গত দুৰ্গন্ধৰ বাবে বাটে-পথে চলাচল কৰাতো অসহনীয় হৈ পৰিছে বুলি তীৰ্থস্থান কেইখনৰ কাষৰীয়া জনসাধাৰণে স্থানীয় প্ৰশাসনক অভিযোগো দাখিল কৰিছে। ডেৰাডুনস্থিত এটা স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া অনুপ নৌটিয়ালে কয় যে, যাত্ৰাৰ সময়ছোৱাত এগৰাকী লোকে নদিনীয়া ভ্ৰমণকালত গড় হিচাপত ৭ ৰ পৰা ৯ কিলোগ্ৰাম আৱৰ্জনা সৃষ্টি কৰে। এই হিচাপত যাত্ৰাৰ সমগ্ৰ সময়ছোৱাত কম পক্ষেও এক নিযুত লোকে কিমান আৱৰ্জনা সৃষ্টি কৰি ইয়াত এৰি থৈ যাব সেয়া সহজেই অনুমেয়। নিয়মীয়া সময়তে ৰাজ্যখনত প্ৰতিদিনে গোটা আৱৰ্জনাৰ সৃষ্টি হয় ৩,০০০ মেট্ৰিক টনতকৈ অধিক। নৌটিয়ালে অভিযোগ কৰে যে, যাত্ৰাৰ সময়ছোৱাত উৎপন্ন হোৱা এই পৰ্বতসম আৱৰ্জনা নিষ্কাষণ কৰিবৰ বাবে চৰকাৰে কোনো প্ৰচেষ্টাই হাতত লোৱা নাই। পৰিষ্কাৰৰ নামত এই আৱৰ্জনা সমূহ মুকলিকৈ জ্বলাই দিয়া হয় নতুবা কাষৰীয়া নদীসমূহত বিসৰ্জন দিয়া হয়। ইয়াৰ দ্বাৰা পুনৰ বায়ুমণ্ডল দূষিত কৰাৰ উপৰি জলভাগো প্ৰদূষিত কৰা হয়। এই তীৰ্থস্থান কেইখনৰ কাষেদিয়েই প্ৰবাহিত হোৱা যমুনোত্ৰী, গঙ্গোত্ৰী, ভাগীৰথী আৰু অলকানন্দা নদীকেইখনৰ হিমগলা নিৰ্মল জলধাৰা এই সময়ছোৱাত আৱৰ্জনা কঢ়িওৱা নৰ্দমালৈ পৰিণত হয়। আনহাতে কোনো কুসংস্কাৰৰ বলি হৈ শত-সহস্ৰ জনে পৱিত্ৰ স্নান কাৰ্যত পৰিহিত বস্ত্ৰ আৰু আন পুৰণি বস্ত্ৰ এই নদীকেইখনতে বিসৰ্জন দিয়াত পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটে। প্ৰশাসনিক বিষয়া সকলৰ মতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা স্বত্বেও তীৰ্থযাত্ৰী সকল নাচোৰবান্দা। মন্দিৰ সমূহৰ পৰিচালনা সমিতি সমূহেও তীৰ্থযাত্ৰী সকলক জল বিসৰ্জন দিয়াতকৈ দৰিদ্ৰ সকলৰ বাবে এই বস্ত্ৰ সমূহ দান দিবলৈ অনুৰোধ জনাই আহিছে যদিও তালৈ কৰ্ণপাত কৰোঁতা কোনো নাই। গোড়া ধৰ্মবিশ্বাসৰ হেতুকে আৰু চৰকাৰী কঠোৰ নিয়ন্ত্ৰণ ব্যবস্থাৰ অভাৱৰ বাবে দিনক দিনে এই পৰিস্থিতি আৰু ভয়াবহ দিশলৈ গতি কৰিছে। এই সময়ছোৱাত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰত ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও কাৰ্যত: ই অৰ্থহীন। ২০১৬ চনৰ গোটা আৱৰ্জনা পৰিচালনা আইনৰ অধীনত চৰকাৰী সংস্থাসমূহে এই আৱৰ্জনা নিষ্কাষণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া কৰা হোৱা নাই বুলি অঞ্চলটোৰ স্বেচ্ছাসেৱী সংস্থাসমূহে অভিযোগ উত্থাপন কৰিছে। স্বচ্ছ ভাৰত অভিযানক চৰম উপলুঙা কৰি এনেদৰেই পুণ্য অৰ্জন কৰি আছে লক্ষ লক্ষ ভাৰতীয় নাগৰিকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More