চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ সন্মান

নিহত দানিচ চিদ্দিকিৰ নামো তালিকাত

0 52

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : পুলিৎজাৰ বঁটা-২০২২ৰ বিজয়ীসকলৰ তালিকাত স্থান দিয়া হৈছে প্রয়াত ভাৰতীয় সাংবাদিক দানিচ চিদ্দিকিক। ৰয়টাৰ্চৰ সাংবাদিক ছিদ্দিকিয়ে আফগানিস্তানত তালিবানৰ আক্ৰমণত শেষ নিঃশ্বাস ত্যাগ কৰিছিলে। চিদ্দিকিৰ উপৰি বিজয়ীসকলৰ তালিকাত আছে আৰু তিনি ভাৰতীয়। তেওঁলোক হ’ল ‘দ্য ৱাছিংটন পোষ্ট’ৰ আদনান আবিদি, চান্না ইৰচাদ মাট্টু আৰু অমিত দাভে। প্রত্যেকেই ক’ভিড-১৯ৰ মৃত্যু সংক্রান্তীয় ফটো তুলি শ্ৰেষ্ঠতাৰ তালিকাত স্থান লাভ কৰিছে। ৯ মে’ত সাংবাদিকতা, গ্ৰন্থ, নাটক আৰু সঙ্গীতৰ ক্ষেত্ৰত পুলিৎজাৰ বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। ৰয়টার্চৰ সাংবাদিক দানিচ চিদ্দিকি আৰু তেওঁৰ তিনি সহকর্মী ৱাছিংটন পোষ্টৰ সাংবাদিক আদনান আবিদি, চান্না ইৰচাদ মাট্টু আৰু অমিত দাভে— প্রত্যেকেই দেশৰ ক’ভিড মহামাৰী আৰু মহামাৰীৰ ক্ষয়-ক্ষতিৰ ফটো তোলাৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছে। দানিচ ছিদ্দিকিয়ে যোৱা বছৰেই আফগানিস্তানত তালিবানৰ যুদ্ধৰ ভয়ঙ্কৰ ফটো তোলাৰ সময়ত আক্ৰমণত প্রাণ হেৰুৱাইছিল। ব্রেকিং ফটোগ্রাফি বিভাগত তেওঁ তোলা ফটোসমূহ মনোনীত হৈছিল। তাৰ পৰাই বিচাৰকসকলে তেওঁৰ ফটোসমূহ শ্ৰেষ্ঠ বুলি চিহ্নিত কৰে। বিচাৰকসকলকৰ কথাত ভাৰসাম্যপূর্ণ, অন্তৰঙ্গতা আৰু ধ্বংসাত্মকতা— এই তিনিটা কাৰণত তেওঁৰ ফটোসমূহে দর্শকৰ মনত এক বিশেষ অনুভূতি সৃষ্টি কৰিছিল।— এনেদৰেই জনাইছে পুলিৎজাৰ কমিটীয়ে। যিসমূহ ফটোৰ বাবে উল্লিখিত সাংবাদিকসকলে পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে সেইকেইখন ফটোগ্ৰাফ আপোনালোকৰ বাবেও আগবঢ়াইছোঁ।165215641191116521564118141652156411796165215641178116521564117521652156411766165215641186216521564118781652156411727165215641189516521564117411652156411846

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More