দাদুল দেৱকৃষ্ণ বৰুৱা
আমি সকলোৱেই দীৰ্ঘ জীৱন বিচাৰোঁ। বিচাৰোঁ সুস্বাস্থ্য আৰু সুখী জীৱন। কিন্তু এয়া কিদৰে সম্ভৱ? ইয়াৰ ৰহস্য কি? যদিও বহুজনে এতিয়াও চিৰ তাৰুণ্যৰ উৎস বিচাৰি ফুৰিছে, চাৰ্ডিয়ানসকলে যেন সেই গুপ্ত ৰহস্য কেতিয়াবাই ভেদ কৰি নিজৰ জীৱনত প্ৰয়োগ কৰি আহিছে ! আচৰিত যেন লাগিলেও সত্য যে, চাৰ্দিনিয়াৰ এখন গাঁৱতেই আছে ৮জন শতবৰ্ষ অতিক্ৰম কৰা লোক। ‘শতাব্দ’ৰ পাঠকৰ বাবে নীল অঞ্চল বা ব্লু জ’নৰ বিষয়ে আগবঢ়োৱা লেখালানিৰ আজিৰ তৃতীয়টো লেখাত সংক্ষিপ্ত আলোচনা কৰা হৈছে চাৰ্দিনিয়াৰ বিষয়ে।
সমগ্ৰ বিশ্বত পুৰুষতকৈ মহিলা বেছি দিন জীয়াই থকা দেখা যায়। আমেৰিকাত যদি এজন পুৰুষ গড় হিচাপত ৭৬ বছৰ জীয়াই থাকে, তেন্তে এগৰাকী মহিলা জীয়াই থাকে ৮১ বছৰ। পৃথিৱীত এনে ঠাই খুব কমেইহে আছে, যিবোৰত মহিলাৰ তুলনাত পুৰুষৰ আয়ুস অধিক। আৰু এনে ঠাইবোৰৰ ভিতৰত প্ৰথমেই নাম আহে চাৰ্দিনিয়াৰ। পৃথিৱীৰ পাঁচটা নীল অঞ্চল বা ব্লু জ’নৰ ভিতৰুৱা এই চাৰ্দিনিয়া(Sardinia)।
চাৰ্দিনিয়া পশ্চিম ভূমধ্যসাগৰত অৱস্থিত এটা দ্বীপ। ভূমধ্যসাগৰত চিচিলিৰ কাষত এটা এলেকা আৰু পার্শ্বৱর্তী দ্বীপবোৰৰ সতে ইটালিয়ে এক ৰাজ্য গঠন কৰে। চাৰ্দিনিয়াৰ আয়তন ২৪,০৯০ কিলোমিটাৰ আৰু ২০০৪ চনৰ তথ্য অনুযায়ী জনসংখ্যা ১.৭৫ মিলিয়ন। প্রধান চহৰ কাগলিয়াৰি। প্রাকৃতিক অৱস্থা আৰু ঐতিহাসিক পটভূমিত পার্থক্যৰ কাৰণে ইটালিৰ প্রতিখন ৰাজ্যৰ এক শক্তিশালী স্থানীয় চৰিত্র আছে। দ্বীপটো এসময়ত স্পেনিচ শাসনৰ অধীনত থকাৰ ঐতিহাসিক পৰিস্থিতিৰ কাৰণে, ইয়াত অন্যান্য ইটালীয় এলেকাতকৈ এক সুকীয়া সমাজ আৰু সংস্কৃতি আছে। ভূতাত্ত্বিকভাৱে চার্ডিনিয়াত পার্শ্বৱর্তী দ্বীপ কৰ্চিকাসহ এনে কিছু অংশ আছে যিবোৰ পেলিঅ’জোয়িক যুগৰ বুলি কোৱা হয়। কেমব্রিয়ান শিলাবোৰ ইগলিচিয়েন্ট পর্বতমালাত পোৱা যায়, য’ত গ্রেনাইট অনুপ্রৱেশ দেখা যায়। ইয়াত আমি চাৰ্দিয়াৰ এনেবোৰ কথা আলোচনা নকৰি আন এটা দিশলৈহে মন কৰিম। যিহেতু আমি পৃথিৱীৰ নীলা অঞ্চল বা ব্লু জ’নৰ বিষয়েহে আলোচনা কৰাৰ কথা।
দ্বীপটোৰ চালে চকুৰোৱা সমুদ্ৰ সৈকত, স্বচ্ছ স্ফটিকৰ দৰে সাগৰীয় পানীয়ে সকলোকে হাত বাউলি মাতে! সৌন্দৰ্যৰে ভৰপূৰ এই চাৰ্দিনিয়াত আছে আন এক ৰহস্য। ইতিপূৰ্বে কৈ অহা হৈছে যে, ইয়াত মহিলাৰ তুলনাত বেছি বছৰ জীয়াই থাকে পুৰুষ। কেৱল জীয়াই থকাই নহয়; বছৰৰ লেখেৰে আয়ুসে শতক অৰ্জন কৰে। কোৱা হয় আমেৰিকাৰ তুলনাত চাৰ্দিনীয়াত দহ গুণ অধিক শতবৰ্ষীয় লোক আছে।
- প্ৰকৃতি নে প্ৰবৃত্তি?
প্ৰশ্নটো প্ৰায়েই উঠে। বিভিন্ন সময়ত চৰ্চাত থাকে— চাৰ্দিনিয়াৰ পুৰুষসকল জেনেটিকেলি সৌভাগ্যবান নেকি যে, তেওঁলোক দীঘলীয়া জীৱন উপভোগ কৰিবলৈ সক্ষম? কোনো ককাক বা দেউতাক যদি ১০০ বা ৯০ বছৰ জীয়াই থাকে, তেন্তে তেওঁৰ সন্তানো দীৰ্ঘ জীৱনৰ অধিকাৰী হয় বুলি বিশ্বাস কৰা হয়। বিজ্ঞানে কিন্তু বেলেগকৈহে কয়। বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে, দীৰ্ঘ জীৱনৰ ক্ষেত্ৰত প্ৰায় ২০ শতাংশহে জেনেটিকচৰ ধাৰণাটো প্ৰযোজ্য হয়। বাকী ৮০ শতাংশ নিৰ্ভৰ কৰে জীৱন নিৰ্বাহ প্ৰণালীৰ ওপৰত। সীমাহীন অধ্যয়নে দেখুৱাই আহিছে যে, ধূমপান, মদ্যপান, মেদবহুলতা, পুষ্টিকাৰক আহাৰৰ অভাৱ আৰু শাৰীৰিক কাৰ্যকলাপহীনতাই বহু লোকৰ আয়ুস কাঢ়ি নিয়ে। কিন্তু ইয়াৰ বিপৰীতে চাৰ্দিয়ান পুৰুষে নিজৰ জীৱন শৈলী এনেদৰে গঢ় দি লৈছে যে, তেওঁলোক সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু দীৰ্ঘ জীৱনো লাভ কৰে।
- চাৰ্দিনিয়ান জীৱন শৈলী
চাৰ্দিনিয়ান পুৰুষসকলৰ দিনচৰ্যাই তেওঁলোকৰ আয়ুস বৃদ্ধিত অৰিহণা যোগায় আহিছে বুলি কোৱা হয়। প্ৰতিটো দিনেই তেওঁলোকে কৰ্ম ব্যস্ততাৰ মাজেৰে পাৰ কৰে। দৈনিক কেইবা কিলোমিটাৰ খোজকঢ়াতো তেওঁলোকৰ বাবে তেনেই সাধাৰণ কথা। বহু পুৰুষে ছাগলী চৰাবৰ বাবে থিয় পাহাৰ ঢালেৰে উঠা-নমা কৰাৰ লগতে শিলাময় এলেকাত দিনটোত কমেও ছয় কিলোমিটাৰ খোজকাঢ়িব লাগে। যিসকল এনেবোৰ কামত নিয়োজিত নহয়, তেওঁলোকে শাৰীৰিক শ্ৰম কৰিবলৈ বাচি লয় বাগিচা পতা, ঘৰৰ চৌহদ চাফা কৰা আৰু ৰন্ধন কাৰ্য তথা গৃহ পৰিচালনাৰ দৰে কামবোৰ। চাৰ্দিনিয়ানসকলে প্ৰায়বোৰ ইটালিয়ানৰ দৰেই ঘৰৰ পিছফালে একোখন বাগিচা পাতি লয়, য’ত তেওঁলোকৰ প্ৰয়োজনীয় সতেজ শাক-পাচলি উৎপাদন কৰে। তেওঁলোকে আনন্দ মনেৰে পৰিমিত ভোজনহে কৰে। ঘৰতে কৰা শাক-পাচলি, ফলমূল তেওঁলোকৰ খাদ্য তালিকাৰ ভিতৰুৱা। খাদ্যৰ অৰ্ধেক অংশ মাকৈ, বাৰ্লি, ঘেঁহু আদিৰে সমৃদ্ধ। মাংসৰ প্ৰতি তেওঁলোক উদাসীন। দৈনিক খাদ্য তালিকাত ৰখাতকৈ কোনো বিশেষ উপলক্ষতহে মাংস ভক্ষণ কৰাটোতহে তেওঁলোক অভ্যস্ত। বিশেষকৈ অলিভ অইল ব্যৱহাৰে তেওঁলোকক হৃদৰোগ, কেন্সাৰৰ সম্ভাৱনীয়তা, উচ্চ ৰক্তচাপ, মধুমেহ আদিৰ পৰা নিলগত থকাত সহায় কৰে। তেওঁলোকে চেনিও খুব সামান্য পৰিমাণেহে ব্যৱহাৰ কৰে। যাৰ ফলত মধুমেহ, মেদবহুলতা, হৃদপিণ্ডৰ ৰোগ আদিৰ পৰা বাচি থাকে। তেওঁলোকে মাছো খুব কমেইহে খায়। তাৰ বিপৰীতে পালনীয় ছাগলী আৰু ভেৰাৰ গাখীৰ, চীজ আদি খায়। অমেগা-৩ ফেটি এচিদেৰে ভৰা এনেবোৰ খাদ্য খোৱাৰ ফলত তেওঁলোক এলঝেইমাৰ, কেন্সাৰ আদি ৰোগৰ চিকাৰ হোৱাৰ পৰাও বাচি থাকে। সেউজীয়া আঙুৰৰ পৰা তৈয়াৰ কৰা Cannonau নামৰ বিশেষ ৱাইনবিধ চাৰ্দিয়ান লোকৰ প্ৰিয় আৰু বিশ্ব বিখ্যাত। তেওঁলোকে পৰিমিত পৰিমাণে এই ৱাইন সেৱন কৰে। যাৰ ফলত ডিমেনচিয়া, কেন্সাৰ, হৃদপিণ্ডৰ ৰোগ আদিৰ প্ৰতিৰোধী হিচাপে কাম কৰে এই ৱাইনে। - সামাজিক দায়বদ্ধতাৰ উপকাৰিতা
মানসিক বা আবেগিক স্বাস্থ্য বহু সময়ত সমাজৰ ওপৰত নিৰ্ভৰ কৰে। চাৰ্দিনিয়াৰ কলা-সংস্কৃতিয়ে এই সুবিধা প্ৰতিজন আবাসীকে দিছে। পৰিয়াল আৰু সমাজক সকলোতকৈ ওপৰত বুলি ভাবে তেওঁলোকে। কাম কৰা, উপাৰ্জন কৰা, পৰিয়াল আৰু সমাজক সময় দিয়াটো দায়িত্বৰ ভিতৰত পৰে প্ৰতিজন চাৰ্দিয়ানৰ। কৰ্মত বিশ্বাসী মূল্যবোধৰ গৰাকী চাৰ্দিনিয়ান পুৰুষসকলে এক চাপমুক্ত জীৱন অতিবাহিত কৰে। তেওঁলোকে নিজৰ ভাল লগা কামবোৰ কৰে, যিবোৰে পৰিয়াল, সমাজ তথা মানৱ জাতিৰ অপকাৰ নকৰে। যিমান দিনলৈকে পাৰে সিমান দিনলৈকে কাম কৰে তেওঁলোকে। হাঁহি আৰু ৰসিকতাৰ মাজত সময় কটাই তেওঁলোকে ভাল পায়। কাম আৰু পৰিয়াল তথা সমাজৰ লগতে আধ্যাত্মিকতাক সামৰি তেওঁলোকে কটায় এক সন্তুলিত জীৱন। সেয়ে দেহৰ লগতে ভালে থাকে মানসিক স্বাস্থ্য।
- জ্যেষ্ঠৰ প্ৰতি সন্মান
চাৰ্দিনিয়ানসকলে বাৰ্ধক্যক সন্মান জনায়। জ্যেষ্ঠসকলক জ্ঞান আৰু গুণৰ গৰাকী বুলি মান্যতা দিয়ে। পৰিয়ালত জ্যেষ্ঠৰ আদৰ সদায় আগত। পৰিয়ালৰ সকলোৱেই তেওঁক আদৰ সন্মান কৰা মানে এইটো নহয় যে, তেওঁ খাই-বৈ-শুই সময় কটাব। কাৰ্যক্ষম হৈ থকালৈকে চাৰ্দিয়ান লোকে কাম কৰিবলৈ নেৰে। ঘাইকৈ এই সময়ত তেওঁলোকে বাগিচা চাফা কৰা, সৰু-সুৰা ঘৰুৱা কাম কৰি সময় সুন্দৰভাৱে অতিবাহিত কৰে।
দীৰ্ঘ জীৱন লাভৰ বাবে কোনো যাদুকৰী দৰব নাই। কিন্তু নিজৰ জীৱন শৈলী, সমাজ, সংস্কৃতি আৰু খাদ্যাভ্যাসৰ জৰিয়তে যে দীৰ্ঘ জীৱন লাভ কৰিব পাৰি তাৰ প্ৰমাণ চাৰ্দিনিয়ানসকল বুলি বিজ্ঞানীসকলে মতপোষণ কৰিছে। সু-অভ্যাস যে সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ সোপান চাৰ্দিনিয়ানসকল তাৰ উপযুক্ত উদাহৰণ।