চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে নিজৰ দেহ দান কৰি যোৱা তেজপুৰৰ মহৎ ব্যক্তিত্ব বাণীকান্ত শৰ্মাক স্মৰণ 

0 19
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুনঃ এগৰাকী বদান্য ব্যক্তিৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি তেজপুৰত উন্মোচন হ’ল দুখনকৈ গ্ৰন্থ। উল্লেখ্য যে, যোৱা ৩ মে’ৰ দিনটোত পৰলোকপ্ৰাপ্তি ঘটাৰ কিছু দিন পূৰ্বে নিজৰ শৰীৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে দান দিবলৈ পৰিয়ালৰ লোকক লিখিত ভাবে জনাই থৈ যোৱাৰ পিছত পৰিয়ালৰ লোকে তেজপুৰৰ ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে সেই মহৎ কাৰ্য সমাধা কৰা তেজপুৰ মাজগাঁও বামুণ চুবুৰীৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাণীকান্ত শৰ্মাৰ বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত আজি  উন্মোচন হ’ল “দধিচী বাণী” শীৰ্ষক এখন সোঁৱৰণী গ্ৰন্থ। পৰিয়ালবৰ্গৰ সহযোগত বাসগৃহতে আয়োজন কৰা স্মৃতিচাৰণ অনুষ্ঠান আৰম্ভ হয় মহৎ ব্যক্তি গৰাকীৰ সহধৰ্মিনী তথা তেজপুৰ চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কিৰণ শৰ্মা বৰুৱাৰ দ্বাৰা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে। শিক্ষয়িত্ৰী তথা লেখিকা বিউটি শৰ্মা বেজবৰুৱাই আঁতধৰা অনুষ্ঠানটিত পুত্ৰ আলোক দীপ্ত শৰ্মাৰ লগতে সদৌ অসম কবি চক্ৰৰ সভাপতি অনুপ তালুকদাৰ আৰু সম্পাদক বিতোপন গোস্বামীৰ লগতে বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত সোঁৱৰণী গ্ৰন্থখনৰ সম্পাদকদ্বয় পংকজ বৰুৱা আৰু দেৱব্ৰত শৰ্মাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত বংকিম শৰ্মাই  সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰে। উন্মোচনী ভাষণত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই এনেধৰণৰ সোঁৱৰণী গ্ৰন্থ সমূহত ব্যক্তি গৰাকীৰ জীৱন কৃতী সংপৃক্ত হোৱাই নহয় এনে গ্ৰন্থ সমূহ সেই অঞ্চলৰ সামাজিক বুৰঞ্জী হিচাপেও এসময়ত স্বীকৃত হয় বুলি  কৈ বাণীকান্ত শৰ্মা এগৰাকী বিশেষ ব্যক্তিত্বৰ গৰাকী আছিল বুলি মন্তব্য কৰে। আনহাতে একেটা অনুষ্ঠানতে বাণীকান্ত শৰ্মাৰ সহধৰ্মিনী কিৰণ শৰ্মা বৰুৱাৰ কাব্য গ্ৰন্থ “জোন গলা আকাশত থুপিতৰাৰ হাঁহি” উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই। উন্মোচনী ভাষণত বৰুৱাই বিজ্ঞান মনস্কতাৰ পৰিচয় দি অহা অতি আধুনিক আৰু প্ৰকৃত সৎ ব্যক্তি আছিল বাবেই এক নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালৰ বাণীকান্ত শৰ্মাই মৃত্যুৰ পূৰ্বে নিজৰ দেহটো চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে দান দিব পাৰিছিল বুলি মন্তব্য কৰে। অনুষ্ঠানটিত সদৌ অসম কবি চক্ৰৰ সভাপতি, সম্পাদকৰ লগতে  বাণীকান্ত শৰ্মাৰ বাল্য বন্ধু, বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট শিল্পী, লেখক দুৰ্গেশ্বৰ শইকীয়াইও ভাষণ প্ৰদান কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More