চিঞৰিও উপাৰ্জন কৰিব পাৰি টকা !

চিৎকাৰ কৰিয়েই লাখ লাখ টকা উপার্জন

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুন : বিভিন্ন ধৰণৰ পেশাৰ কথা নিশ্চয় শুনিছে। কিছু লোকে এটা ভাষা অন্য ভাষালৈ অনুবাদ কৰে আৰু কিছু লোকে ভইচ ডাবিং কৰি অর্থ উপার্জন কৰে। কিন্তু আজি আমি আপোনাক এনে এটা পেশা সম্পর্কে ক’বলৈ লৈছোঁ, য’ত আপুনি মাত্র চিৎকাৰ কৰিয়েই অর্থ উপার্জন কৰিব পাৰে। চর্ত এটাই যে, আপোনাৰ চিৎকাৰ প্রয়োজন অনুযায়ী নিখুঁত হ’বই লাগিব। এচলে পেণ্ডন নামৰ এগৰাকী মহিলা এই শিল্পত পাৰদর্শী আৰু চিৎকাৰ কৰাই তেওঁৰ পেশা। পেশাগতভাৱে তেওঁক কোৱা হয় স্ক্রিম আর্টিষ্ট। তেওঁ মাইকৰ সমুখত ঘন্টাৰ পিছত ঘন্টা বিভিন্ন চিৎকাৰ কৰি থাকে, যিবোৰ ৰেকর্ড কৰা হয় আৰু চিনেমা তথা টিভি শ্ব’ত ব্যৱহৃত হয়। এতিয়া নিশ্চয় বুজিব পাৰিছে ভূত দেখাৰ পিছত অভিনেত্রীৰ চিৎকাৰ কিম্বা গর্জন আৰু কন্দাৰ শব্দ কিমান নিখুঁত। হয়, এয়াই শিল্পীৰ পাৰদর্শিতা। এচলে পেণ্ডন এই শিল্পত বিশেষজ্ঞ। তেওঁৰ প্রাকৃতিকভাৱে বিভিন্ন ধৰণৰ চিৎকাৰ কৰাৰ ক্ষমতা আছে। সেইবোৰ ব্যৱহাৰ কৰি তেওঁ ৰীতিমত লাখ লাখ টকা উপার্জন কৰিছে। এচলেই চিনেমা আৰু টিভি চিৰিজত চিৎকাৰৰ দৃশ্যত তেওঁৰ কণ্ঠ দিয়ে। ‘দ্য গার্ডিয়ান’ত প্ৰকাশিত তেওঁৰ এটা নিবন্ধত লিখিছে যে, এই পেশাটো ঠিক ষ্টান্টমেনৰ দৰে। বিভিন্ন সময়ত বিভিন্ন ধৰণে চিৎকাৰ কৰিবলগীয়া হয়। কেতিয়া আৰু কিদৰে আৰম্ভ কৰিব লাগিব আৰু শেষ কৰিব লাগিব সেয়া অৱশ্যেই ভালদৰে জানিব লাগিব। যেতিয়া তেওঁৰ বয়স সাত বছৰ, তেতিয়াই তেওঁ এই প্রতিভা সম্পর্কে জানিব পাৰিছিল। তেওঁ ‘চাইল্ড অব এংগাৰ’ নামৰ এখন ছবিত কাম কৰিছিলে, য’ত অনেক চিৎকাৰৰ দৃশ্য আছিল। তাৰ পিছৰ পৰাই তেওঁ ২০-২৫ বছৰ বয়সলৈ, ৪০খন চলচ্চিত্র আৰু টিভি চিৰিজৰ বাবে কণ্ঠ দিছে। এচলে কয় যে, চিৎকাৰৰ শিল্পৰ বাবে কোনো অনুশীলনৰ প্রয়োজন নহয়, এইটো স্বাভাৱিকভাৱেই আহে। এইটো তেওঁৰ একেবাৰে স্বাভাৱিক প্রতিভা। তেওঁৰ মতে, প্রি-প্রডাকচনৰ সময়ৰ পৰাই তেওঁৰ কাম আৰম্ভ হয়। তেওঁ জানে কেতিয়া কিদৰে চিৎকাৰ কৰিব লাগে। জোক দেখাৰ চিৎকাৰ সুকীয়া, ভয়ৰ চিৎকাৰ সুকীয়া আৰু সুখৰ চিৎকাৰ সুকীয়া। এচলেই আৰু কয় যে, কামৰ দিনবোৰত ৮ ঘন্টা ধৰি এনেদৰে চিৎকাৰ কৰাৰ পিছত তেওঁ মাজে মাজে খুব ক্লান্ত অনুভৱ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More