শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাংলাদেশ ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই চিটাগং বন্দৰটোক ভাৰতৰ বাবে মুকলি কৰি দিয়াৰ ঘোষণা উত্তৰ পূব ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বাংলাদেশ চৰকাৰৰ এই ঘোষণাই ভূখণ্ডৰে আগুৰি থকা উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখনৰ সংযোগ ব্যৱস্থাত এটা বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব। বিশ্বৰ পুৰণি সামুদ্ৰিক বন্দৰ সমূহৰ ভিতৰত চিটাগং এটা অন্যতম বন্দৰ আৰু বিশ্বৰ ভিতৰত ৫৮ তম ব্যস্ত বন্দৰ। বাংলাদেশৰ আমদানি-ৰপ্তানিৰ শতকৰা ৮০ ভাগেই এই বন্দৰটোৰ যোগেদিয়েই সম্পন্ন হয়।
বৃটিছ শাসনৰ সময়ত সমগ্ৰ পূব ভাৰতৰ ই এটা প্ৰধান যোগাযোগৰ কেন্দ্ৰ আছিল। বিশেষকৈ তাহানিৰ বৃহত্তৰ অসমৰ বেপাৰ-বাণিজ্য এই চিটাগং বন্দৰৰ মাধ্যমেদিয়েই হৈছিল। দেশ বিভাজনৰ পাছত চিটাগংৰ লগত উত্তৰ পূব ভাৰতৰ যোগাযোগ বিচ্ছিন্ন হয়।পৰিৱৰ্তিত ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিত এতিয়া এই বন্দৰটো বিশেষকৈ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ৰূপৰেখা সলনি কৰাৰ ক্ষেত্ৰত এই চিটাগং বন্দৰটোৱে এক ভূমিকা পালন কৰিব পাৰে। এছিয়ান ডেভলেপমেণ্ট বেঙ্কৰ এক অধ্যয়নমূলক সমীক্ষাত কোৱা হৈছিল যে, ভাৰতৰ বাবে চিটাগং বন্দৰটো এটা ‘ট্ৰেন্সশ্বিপমেণ্ট হাব’ হ’ব পাৰে কিয়নো ভাৰতবৰ্ষৰ মূল ভূখণ্ডৰ পৰা উত্তৰ পূবৰ ৰাজ্যকেইখনলৈ সামগ্ৰী পৰিৱহণৰ ক্ষেত্ৰত চিটাগং বন্দৰটো ব্যৱহাৰ কৰিলে পৰিৱহণৰ সময় আৰু ব্যয় যথেষ্ট হ্ৰাস পাব। চাৰিওফালে ভূখণ্ডৰে আগুৰা ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ লগতে দক্ষিণ অসম ইয়াৰ পৰা বিশেষ ভাৱে উপকৃত হোৱাৰ সম্ভাৱনা অধিক। উদাহৰণস্বৰূপে কলকাতাৰ পৰা আগৰতলালৈ শিলিগুৰি হৈ স্থলপথেৰে সামগ্ৰীৰ পৰিৱহণত অতিক্ৰম কৰিবলগীয়া হয় সুদীৰ্ঘ ১,৫৭০ কিলোমিটাৰ আৰু সময় ব্যয় হয় ৮ ৰ পৰা ১০ দিন পৰ্যন্ত। কিন্তু জলপথেৰে কলকতাৰ পৰা চিটাগংলৈ দূৰত্ব হয় ৩৬০ নটিকেল মাইল(৬৫০ কিলোমিটাৰ)।চিটাগং বন্দৰৰ পৰা আখৌৱাৰা সীমান্ত চকীয়েদি আগৰতলালৈ স্থলপথেৰে দূৰত্ব হয় ২৫০ কিলোমিটাৰ।
ভাৰতৰ মূল ভূখণ্ডৰ পৰা উত্তৰ পূবৰ ৰাজ্যকেইখনলৈ সামগ্ৰী পৰিৱহণৰ ক্ষেত্ৰত চিটাগং আৰু মংলা বন্দৰ ব্যৱহাৰৰ বাবে ২০১০ চনতেই ভাৰত আৰু বাংলাদেশৰ মাজত এখন দ্বিপাক্ষিক চুক্তি সম্পাদিত হৈছিল আৰু ২০১৮ চনত বাংলাদেশ কেবিনেটে এই চুক্তিখনত সন্মতি প্ৰদান কৰিছিল। এই চুক্তি অনুযায়ী ভাৰতে চিটাগং আৰু মংলা বন্দৰৰ পৰা চাৰিটা স্থলপথেৰে সামগ্ৰী পৰিৱহণ কৰিব পাৰিব। এই পথকেইটা হৈছে, আখৌৱাৰা হৈ আগৰতলা, তামাবিল হৈ ডাউকী, শিউলা হৈ সূতাৰকান্দি আৰু সীমান্তপুৰ হৈ বিবেকবজাৰ। অৱশ্যে ভাৰতীয় কৰ্তৃপক্ষই বাংলাদেশৰ ভৌগোলিক এলেকাত বাংলাদেশৰ পৰিৱহণ ব্যৱস্থা ব্যৱহাৰ কৰিব লাগিব আৰু বাংলাদেশৰ আইন ব্যৱস্থা মানি চলিব লাগিব।শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দুই নিকটৱৰ্তী বন্ধু ৰাষ্ট্ৰৰ সৌহাৰ্দপূৰ্ণ সম্পৰ্কৰ আঁত ধৰি বৃহস্পতিবাৰে যি ঘোষণা কৰিলে সেয়া ভাৰতৰ বাবে বিশেষকৈ উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এটা যুগান্তকাৰী সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
পূৰ্বৱৰ্তী লেখা