চিঠি- প্রেমপত্র লিখন ঘূৰি আহিছে জাপানীৰ মাজলৈ

জন্মৰ হাৰ বঢ়াবলৈ নতুন প্রকল্প আৰম্ভ

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুন : গোটেই বিশ্ব যি সময়ত বিয়া, প্রেম বা অনেক ক্ষেত্রত ‘লিভ ইন’ সম্পর্কৰ বাবে অনলাইন ডেটিং এপৰ ওপৰত নির্ভৰশীল, সেই সময়ত সম্পূর্ণ অন্য পথেৰে আগবাঢ়িছে জাপান। সম্প্রতি সেই দেশত আৰম্ভ হৈছে প্রেমপত্র লিখাৰ মাধ্যমেৰে ডেটিং এপ। নতুনৰ লগত পুৰণিক মিলাই দিয়াৰ প্রক্রিয়া। The Guardianত প্ৰকাশিত এক প্রতিবেদনত কোৱা হৈছে যে, জাপানৰ মিয়াজাকি চহৰৰ শ শ পুৰুষ আৰু মহিলাক এই সফল ‘ম্যেচমেকিং স্কিম’ত অংশগ্রহণ কৰা দেখা গৈছে। যিসকলে চিঠি লিখি ধৈর্যসহকাৰে সঙ্গীৰ চিঠিৰ বাবে অপেক্ষা কৰিছে। প্রতিবেদনত আৰু কোৱা হৈছে যে, প্রেমপত্র লেখাৰ এই আঁচনিখন মূলতঃ আৰম্ভ কৰা হৈছে জাপানত জন্মৰ হাৰ বৃদ্ধিৰ বাবে। মূলতঃ যিসকলে সন্তান বিচাৰে তেওঁলোকৰ বাবেই এই আঁচনিখন প্রযোজ্য। যি হওক এই পর্যন্ত ৪৫০ জনে এই আঁচনিত নাম নথিভুক্ত কৰিছে। যিসকলৰ ৭০ শতাংশৰেই বয়স ২০-৩০ৰ ভিতৰত। সংস্থাৰ এজন বিষয়াই জনাইছে যে এই প্ৰক্ৰিয়াটোত অনলাইন ডেটিঙতকৈ বেছি সময় লয় জীৱনসঙ্গী বিচাৰোতে। কিন্তু এই প্রক্রিয়া খুবেই নিখুঁত। কাৰণ হাতৰ লেখাৰ সমানে সমানে প্রতিজন ব্যক্তিৰ পছন্দ আৰু ভালকৈ বিচাৰ কৰিব পৰা যায় চিঠিৰ মাধ্যমেৰে। চিঠি লেখাৰ মাধ্যমেৰে যিকোনো ব্যক্তিৰ মনৰ ভাব বহু বেছি গভীৰভাৱে জনা যায়। সেই ব্যক্তি বা মহিলাৰ চিন্তা-ভাবনা সম্পর্কে এটা স্পষ্ট ধাৰণা কৰিব পৰা যায়। যিসকলে নিজৰ নাম নথিভুক্ত কৰিছে তেওঁলোক যথেষ্ট উৎসাহী বুলিও জনা গৈছে। আঁচনিখনত অংশগ্রহণকাৰীসকলে মূলতঃ তেওঁলোকৰ পছন্দৰ খাদ্য, কিতাপ, চিনেমা, গান আদিবোৰৰ বিষয়েই চিঠি আদান প্রদান কৰিছে। অৱশ্যে এতিয়ালৈকে এই প্রফাইলত ফটো নিষিদ্ধ। অৱশ্যে কোনোবাই যদি নিজৰ ইচ্ছাত সঙ্গীলৈ ফটো পঠায়, তেন্তে কোনো আপত্তি নাই কর্তৃপক্ষৰ। কিন্তু প্রফাইল সৃষ্টি কৰিবৰ বাবে ফটোৰ প্রয়োজন নাই। The Guardianৰ মতে, এই প্রকল্পটো আৰম্ভ কৰাৰ মূল উদ্দেশ্যই হ’ল জাপানত জন্মৰ হাৰ বৃদ্ধি কৰা। অবিবাহিতসকলে যাতে নিজৰ পছন্দ মতে সঙ্গী বিচাৰি ল’ব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ মাধ্যমেৰে এজন ব্যক্তি তেওঁৰ সঙ্গী সম্পর্কে কিমান আন্তৰিক আৰু কিমান গভীৰ সেই অনুভূতিৰ বিষয়ে ভালকৈ জনা যাব বুলিও অনুমান কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More