চিতা বিতৰ্ক : ৰাজনীতি বনাম বিজ্ঞান

0 44
দাদুল দেৱকৃষ্ণ বৰুৱা
গভীৰ নিশা। মৃগয়ালৈ ওলাইছিল চৰগুজাৰ (বর্তমান ছত্তিচগড়)ৰ ৰামানুজ প্রসাদ সিংহদেও। মটৰ গাড়ীৰ হেডলাইটৰ পোহৰত হঠাৎ পথৰ অদূৰত জিলিকি উঠিছিল তিনিযোৰ চকু। মুহূর্তৰ ভিতৰতে নির্ভুল লক্ষ্যত গর্জি উঠিল পূৰঠ চিকাৰী ৰামানুজৰ হাতৰ ৰাইফল। আৰু তাৰ লগে লগে ভাৰতৰ অৰণ্যৰ পৰা প্ৰায় নিশ্চিহ্ন হৈ গ’ল বন্যপ্রাণীৰ এটা প্রজাতি— এছীয় চিতা।
* সিংহ আৰু চিতা ৰাজনীতি
১৯৪৭ চনৰ সেই নিশাটোত তিনিটা চিতা পোৱালি নিধনৰ পিছতো চিতা দেখাৰ ‘খবৰ’ শুনা গৈছিল। উৰিষ্যাৰ ঢেঙ্কানলত স্থানীয় এজন চিকাৰীৰ গুলিত এটা চিতাৰ মৃত্যু হোৱা বুলিও দাবী উঠিছিল। কিন্তু সেই বিষয়ে কোনো প্রমাণ পোৱা নগৈছিল। কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রী ভূপেন্দ্র সিঙে চলিত বছৰৰ জানুৱাৰীত সগর্বে ঘোষণা কৰিছিল— ৭০ বছৰ পূৰ্বে বিলুপ্ত হৈ যোৱা চিতা পুনৰ উভতি আহিব ভাৰতৰ অৰণ্যলৈ। আফ্রিকাৰ নামিবিয়া, দক্ষিণ আফ্রিকা আৰু বৎচোৱানাৰ পৰা সেই চিতা আনি মুকলি কৰা হ’ব মধ্যপ্রদেশৰ কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানসহ আৰু কেইবাটাও সংৰক্ষিত অঞ্চলত। মন্ত্রীৰ সেই ঘোষণাৰ পিছতেই প্রশ্ন তুলিছিল বন্যপ্রাণী বিশেষজ্ঞসকলৰ একাংশই— ভাৰতলৈ চিতা আহিব। কিন্তু ‘উভতি আহিছে’ কি? তাৰ লগে লগেই পোহৰলৈ আহিছিল এক দশকৰ পুৰণি বিতর্ক। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাজ্য গুজৰাটৰ ‘গর্ব’ সিংহক মধ্যপ্রদেশৰ কুনো-পালপুৰলৈ স্থানান্তৰৰ প্রস্তাৱ আৰু তাক ঘেৰি আইনী টনা-আঁজোৰা। ঘটনাচক্রত, ইউপিএ চৰকাৰৰ আমোলত কুনো-পালপুৰতেই এছীয় সিংহৰ বিকল্প বাসস্থান গঢ়ি তোলাৰ উদ্যোগ আৰম্ভ হৈছিল। উদ্দেশ্য আছিল, একমাত্র প্রাকৃতিক আবাসস্থল গুজৰাটৰ গিৰ অৰণ্যৰ পৰা কিছু এছীয় সিংহ আনি মধ্যপ্রদেশত সংৰক্ষণৰ ব্যৱস্থা কৰা। কাৰণ মূলতঃ দুটা। প্রথমটো— প্রাকৃতিক বিপর্যয় বা ‘কেনাইন ডিষ্টেম্পাৰ ডিজিজ’ৰ দৰে ভয়াৱহ মাৰি মৰক হ’লে সমগ্ৰ প্রজাতিটো যাতে নিশ্চিহ্ন হৈ নাযায়, সেয়া নিশ্চিত কৰা। দ্বিতীয়টো— গিৰ অৰণ্য আৰু আশপাশৰ সংৰক্ষিত এলেকাত বিচৰণৰ ঠাই অনুপাতে সিংহৰ সংখ্যা (বর্তমান প্রায় ৭০০) বাঢ়ি অহাত প্রাকৃতিক ভাৰসাম্য বজাই ৰখাৰ স্বার্থত স্থানান্তৰ নিশ্চিত কৰা। ডেৰাদুনৰ Wildlife Institute of Indiaৰ বিশেষজ্ঞ আৰু মধ্যপ্রদেশ বনবিভাগৰ সহযোগত কুনো-পালপুৰত সিংহৰ চিকাৰক্ষেত্র উপযোগী বিস্তীর্ণ তৃণভূমি তৈয়াৰৰ কাম-কাজো হৈছিল সেই সময়ত। কিন্তু আৰম্ভ হৈছিল বিতৰ্ক। আৰম্ভ হৈছিল প্ৰতিবাদ। সেই সময়ত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদী সোচ্চাৰ হৈ উঠিল। কোনো কাৰণতেই চুবুৰীয়া ৰাজ্যৰ লগত ‘সিংহবিক্রম’ ভাগ বতৰা কৰিবলৈ ৰাজী নহয় তেওঁ। সিংহ পর্যটনৰ পৰা গুজৰাট চৰকাৰৰ বিপুল আয়ৰ একাংশ হাতৰ পৰা হেৰাই যোৱাৰ কথা ভাবিয়েই সেই সময়ত কঠোৰ অৱস্থান লৈছিল মোদীয়ে। আনকি গুজৰাটৰ ‘ইউএছপি’ ধৰি ৰাখিবলৈ উচ্চতম ন্যায়ালয়পর্যন্ত গৈছিল তেওঁৰ গুজৰাট চৰকাৰ। নিৰাশ হ’বলগীয়া হৈছিল মোদী। ২০১৩ চনত বিচাৰপতি কে এছ ৰাধাকৃষ্ণন আৰু বিচাৰপতি চি কে প্রসাদক লৈ গঠিত শীর্ষ আদালতৰ বেঞ্চে সংৰক্ষণৰ স্বার্থত এছীয় সিংহৰ ‘ছেকেণ্ড পপুলেচন’ গঢ়ি তোলাৰ ৰায় দিয়ে। গুজৰাট চৰকাৰক সিংহ হস্তান্তৰৰ নির্দেশ দিয়ে আৰু কেন্দ্রীয় বন আৰু পৰিৱেশ মন্ত্রণালয়ৰ তত্ত্বাৱধানত এই বিষয়ে বিশেষজ্ঞ কমিটী গঠন কৰিবলৈ কয় দুই বিচাৰপতিয়ে। দুই-তিনি বছৰৰ ভিতৰতেই লোকসভা নির্বাচনত বিপুল সংখ্যাগৰিষ্ঠতা লৈ প্রধানমন্ত্রী হয় মোদী। আৰু শীতনিদ্ৰালৈ গুচি যায় কুনো-পালপুৰত এছীয় সিংহৰ দ্বিতীয় বসতি গঢ়ি তোলাৰ প্রকল্প। ইয়াৰ কিছু বছৰ পিছতেই কেন্দ্রীয় চৰকাৰৰ ‘জোলোঙা’ৰ পৰা বাহিৰ হয় আফ্রিকাৰ পৰা চিতা অনাৰ পৰিকল্পনা। আৰু তাৎপর্যপূর্ণভাৱে চিতা ‘পুনর্বাসনৰ’ বাবে মোদী চৰকাৰৰ প্রথম পছন্দ হয় কুনো-পালপুৰেই। বাঘ বা চিতাবাঘৰ (লিঅ’পার্ড) দৰে বৃহৎ গছৰ অৰণ্য নহয়, সিংহ আৰু চিতাৰ পছন্দৰ চিকাৰ ক্ষেত্র হ’ল বিস্তৃত ঘাঁহনি। মধ্যপ্রদেশৰ এই জাতীয় উদ্যান ইমানদিনে হৈ উঠিছে সিংহৰ উপযোগী আবাসস্থল। লগে লগে চিতাৰো।
* এছীয় চিতাৰ দুই-এটা কথা
চলিত সপ্তাহত কেন্দ্রৰ এক সূত্রই জনায় যে, আগন্তুক আগষ্টতেই আফ্রিকাৰ পৰা ছটা চিতা লৈ অহা হ’ব। ইয়াৰ পিছত পৰ্যায়ক্ৰমে অনা হ’ব আৰু প্রায় ৪৫টা চিতা। কুনো-পালপুৰৰ ওচৰাওচৰিকৈ আৰু কেইবাটাও সংৰক্ষিত এলেকাত ঠাই দিয়া হ’ব এইসমূহ চিতাক। প্রাচীন যুগৰ পৰাই পঞ্জাব, ৰাজপুতনা, উত্তৰ ভাৰত, মধ্যভাৰত, দাক্ষিণাত্য আনকি উৰিষ্যা আছিল চিতাৰ বসতিস্থল। পোহ মনাই, প্ৰশিক্ষণ দি (মেলি দি চিকাৰ কৰোৱাৰ খেল)ৰ পৰম্পৰাও প্রায় হাজাৰ বছৰৰ পুৰণি। দ্বাদশ শতিকাত কল্যাণীৰ চালুক্যৰাজ তৃতীয় সোমেশ্বৰৰ দৰবাৰী নথিত পোষ্য চিতাৰ সহায়ত কৃষ্ণসাৰ, চিঙ্কাৰা চিকাৰৰ খেলাৰ প্রসঙ্গ আছে। ‘তুজ্‌ক-ই-জহাঙ্গিৰি’য়ে কৈছে, মোগলৰাজ জাহাঙ্গীৰৰ পশুশালাত আছিল কেইবা হাজাৰ প্রশিক্ষিত চিকাৰী চিতা। তেওঁৰ পিতাক আকবৰৰ জমানাত এই সংখ্যা তাতোকৈয়ো অধিক আছিল। কিন্তু ইমান ‘আদৰ-যত্ন’ সত্ত্বেও এছীয় চিতা ভাৰতত বেছি দিন নিটিকিল। ব্রিটিছ জমানাত চিকাৰৰ সমানে সমানে ইয়াৰ নেপথ্যত আছে আৰু দুটা কাৰণ— চিকাৰৰ উপযোগী তৃণভূমি ধ্বংস কৰি খেতি কৰা আৰু বন্দী অৱস্থাত প্রজননৰ অক্ষমতা। ভাৰতৰ মাটিত অস্তিত্বৰ যুঁজত পৃথিৱীৰ দ্রুততম স্থলচৰ প্রাণীবিধক সেয়ে হাৰ মানিবলগীয়া হৈছিল। অস্তিত্বৰ প্রান্তসীমালৈ গুচি যোৱা এছীয় চিতাৰ একমাত্র প্রাকৃতিক আবাস এতিয়া ইৰাণ। ‘পার্চিয়ান ৱাইল্ডলাইফ হেৰিটেজ ফাউণ্ডেচন’ আৰু ‘ইৰাণিয়ান চিতা চছইটি’ৰ সমীক্ষাত দাবী— সেই দেশৰ তুৰান সংৰক্ষিত অঞ্চলসহ কিছু এলেকাত এতিয়াও কিছু এছীয় চিতা টিকি আছে। অৱশ্যে সংখ্যাত সেয়া ১০০ত কৈয়ো কম। প্রসঙ্গত উল্লেখ কৰিব পাৰি যে, ২০১৪ চনৰ বিশ্বকাপ ফুটবলত অংশ লোৱা ইৰাণ টিমৰ জার্ছিতো আছিল এছীয় চিতাৰ ছবি।
* চিতা বিতৰ্ক
ঘটনাচক্রত, মনমোহন সিঙৰ চৰকাৰৰ আমোলত ২০০৯ চনত ইৰাণৰ পৰা এছীয় চিতা অনাৰ উদ্যোগ আৰম্ভ হৈছিল। এই বিষয়ে তেহৰানৰ প্রাথমিক সন্মতিও পোৱা গৈছিল। এছীয় চিতাৰ বিনিময়ত ভাৰতৰ পৰা এছীয় সিংহ বিচাৰিছিল ইৰাণে। এসময়ত ভাৰতৰ দৰে ইৰাণো আছিল এছীয় সিংহৰ প্রাকৃতিক বাসভূমি। কিন্তু পিছত সেই ঠাইৰ পৰা বিলুপ্ত হৈ যায়। ঠিক যি পৰিণতি হৈছিল ভাৰতৰ বাসিন্দা এছীয় চিতাৰ। প্ৰতিবেশী ৰাজ্য মধ্যপ্রদেশকক সিংহ দিবলৈ নাৰাজ গুজৰাটৰ মুখ্যমন্ত্রী মোদী যে কোনো অৱস্থাতেই ইৰাণক সিংহ দিবলৈ ৰাজী নহ’ব, সেয়া বুজিব পাৰি তেতিয়া আৰু কথা আগবঢ়োৱা নাছিল ইউপিএ চৰকাৰে।
* কিয় এই বিতৰ্ক
জিনগত বিৱর্তন বিশ্লেষণ কৰি দেখা গৈছে, প্রায় ৫০০০ বছৰ আগেয়ে আফ্রিকাৰ চিতাৰ (Acinonyx jubatus jubatus) পৰা জন্ম হৈছিল জ্ঞাতিভাই এছীয় চিতা (Acinonyx jubatus venaticus)। সেই দৃষ্টিকোণেৰে দুয়োখন মহাদেশৰ চিতা ভিন্ন উপপ্রজাতিৰ। অর্থাৎ ভাৰতৰ মাটি কেতিয়াও মোদী চৰকাৰে অনা চিতাৰ বাসভূমি নাছিল। প্রসঙ্গত উল্লেখ কৰিব পাৰি যে, আফ্রিকা আৰু ভাৰতত চিতাবাঘ বা লিঅ’পার্ডৰ বাহ্যিক চেহেৰা মিলে। চেহেৰাৰ দৰে চিতা আৰু চিতাবাঘৰ কিছু মিল আছে। চিতাৰ শৰীৰত ক’লা দাগবোৰ গভীৰ। চিতাবাঘৰ ক্ষেত্রত তেনে নহয়। দুচকুৰ কাষেৰে মুখ পর্যন্ত বিয়পি অহা ক’লা দাগ বা ‘টিয়েৰ মার্ক’ দেখি সহজেই চিনিব পৰা যায় চিতাক। চিতাৰ ‘বহিৰাগত’ উপপ্রজাতিটোক ভাৰতীয় বনাঞ্চলৰ পৰিস্থিতিতন্ত্রত ঠাই দিয়াটো সংৰক্ষণৰ দৃষ্টিকোণৰ পৰা প্রয়োজনীয় হয় নে নহয়, সেই লৈ প্রশ্ন উঠিছিল কেইবা বছৰ আগেয়ে। বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ। কিন্তু ২০২০ চনত শীর্ষ আদালতে বিশেষজ্ঞৰ তত্ত্বাৱধানত পৰীক্ষামূলকভাৱে আফ্রিকাৰ পৰা চিতা অনাৰ অনুমতিপত্র দিয়ে। যদিও ভাৰতীয় পৰিৱেশত শেষ পর্যন্ত আফ্রিকাৰ চাভানা তৃণভূমিৰ পৰা তুলি অনা প্রাণীবোৰ টিকি থাকি বংশবৃদ্ধি কৰিব পাৰিবনে নাই, তাক লৈ বন্যপ্রাণী বিশেষজ্ঞসকলৰ একাংশ সন্দিহান। আছে অন্য বিপদো। বর্তমান ৰাজস্থানৰ সীমাত লাগি থকা কুনো-পালপুৰৰ স্থায়ী বাসিন্দা প্ৰায় ত্ৰিছটা চিতাবাঘ (লিঅ’পার্ড)। অদূৰৰ ৰণথম্ভোৰ ব্যাঘ্র প্রকল্প আৰু কৈলাদেৱী অভয়াৰণ্যৰ পৰা বাঘৰ অহা-যোৱাও ঘটে প্রায়েই। ‘বহিৰাগত’ চিতাৰ লগত এইবোৰ প্ৰাণীৰ সঙ্ঘাতৰ সম্ভাৱনা আছে। চিতা গৱেষক ডেৰেক জোবার্টে কয় যে, আফ্রিকাত প্রতি ১০টা চিতাৰ ভিতৰত এটা মৰা পৰে সিংহ বা লিঅ’পার্ডৰ লগত হোৱা সঙ্ঘাতত। ভাৰততো এনে হোৱাৰ আশঙ্কা আছে। নামিবিয়াৰ চিতা সংৰক্ষণ প্রকল্পৰ বিষয়া লৰি মার্কাৰৰ ভাষাত— ‘‘ৰোগ বা চিকাৰী প্রাণীৰ আক্ৰমণত চিতাৰ ৯০ শতাংশ পোৱালিৰেই মৃত্যু হয়।’’ অচিনা পৰিৱেশত সেই হাৰ আৰু বঢ়াৰ আশঙ্কা আছে। ফলত আফ্রিকাৰ পৰা ৫০টা চিতা আনি ভাৰতত বসতি গঢ়াৰ প্রকল্প সফল হ’বনে নাই, তাক লৈ সন্দেহৰ অৱকাশ থাকি যায়। এই পৰিস্থিতিত সেয়ে অনেকেই অনুমান কৰিছে যে, বৈজ্ঞানিক বা সংৰক্ষণৰ দৃষ্টিকোণ নহয়, মোদী চৰকাৰৰ ‘চিতা উভতাই অনা’ উদ্যোগ একেবাৰেই ৰাজনৈতিক!
অৱশ্যে ভাৰতৰ বনাঞ্চললৈ ‘বহিৰাগত’ বন্যপ্রাণী অনাক লৈ উদ্ভৱ হোৱা বিতর্ক এয়াই প্রথম নহয়। ইন্দিৰা গান্ধীৰ জমানাত ব্রিটেইনৰ এখন চিৰিয়াখানাৰ পৰা তাৰা নামৰ বাঘিনী আনি এৰা হৈছিল উত্তৰ প্রদেশৰ দুধওৱা ব্যাঘ্র প্রকল্পত। চাইবেৰিয়ান বাঘ আৰু ভাৰতীয় বাঘৰ বর্ণশঙ্কৰ তাৰাক মুক্ত পৰিৱেশত এৰাৰ বিৰোধিতা কৰিছিল সেই সময়ৰ বন্যপ্রাণী বিশাৰদসকলৰ বহুতেই। তেওঁলোকৰ আশঙ্কা আছিল, ইয়াৰ ফলত দুধওৱাৰ বাঘ জিন দূষণৰ চিকাৰ হ’ব। যদিও চাৰি দশক আগেয়ে এনে আশঙ্কালৈ কর্ণপাত কৰা নাছিল তৎকালীন শাসকসকলে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More