চিনেমা চাবলৈ বহিলে পপকৰ্ণ খায় নেকি?

শৰীৰৰ কি ক্ষতি কৰিছে জানি লওক

0 20
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : চিনেমা চাবলৈ শ্বপিং মললৈ গ’লে পপকৰ্ণ খাবই লাগিব বুলি ভাবে নেকি?এই পপকৰ্ণে উপকাৰৰ সলনি আমাৰ ক্ষতি কৰে বুলি জানেনে? পপকৰ্ণ অতি উপযোগী যদিও মাল্টিপ্লেক্সত পোৱা সোৱাদযুক্ত, টেঙা, চীজযুক্ত, মাখন মিহলি পপকৰ্ণ বিহৰ দৰে। সাধাৰণ পপকৰ্ণত অলপ নিমখ ছটিয়াই দিলে বৰ উপকাৰী হয়, কিন্তু মছলা, মাখন, পনিৰ আদি মিহলাই দিলে ই স্বাস্থ্যকৰৰ সলনি অস্বাস্থ্যকৰ হৈ পৰে। প্লেইন পপকৰ্ণ হৈছে বিশ্বৰ অন্যতম স্বাস্থ্যকৰ স্নেক ফুড। আটাইতকৈ সস্তা আৰু স্বাস্থ্যৰ বাবে অতি ভাল। বিজ্ঞানী আৰু বনৌষধি বিশেষজ্ঞসকলে কয় যে, মাত্ৰ ১০০ গ্ৰাম পপকৰ্ণে আমাক বহুতো উপকাৰ দিয়ে। ইয়াত আঁহ, ভিটামিন বি কমপ্লেক্স, ফছফৰাছ, জিংক, মেংগানিজ আৰু আইৰণ প্ৰচুৰ পৰিমাণে থাকে। মানুহক প্ৰতিদিনে ৩০ গ্ৰাম আঁহৰ প্ৰয়োজন হয়, তাৰ ৫০ শতাংশ ১০০ গ্ৰাম পপকৰ্ণত পোৱা যায়। স্ক্ৰেণ্টন বিশ্ববিদ্যালয়ৰ এক অধ্যয়ন অনুসৰি পপকৰ্ণত ভাল পৰিমাণে পলিফেনল এন্টিঅক্সিডেন্ট থাকে, এই পলিফেনলবোৰ আমাৰ তেজ চলাচলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি এই পপকৰ্ণবোৰে পেটৰ স্বাস্থ্য বজাই ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডায়েবেটিছ ৰোগী আৰু মেদবহুলতাত ভুগি থকা লোকসকলৰ বাবে পপকৰ্ণত আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে অতি উপকাৰী। প্ৰতিদিনে ১০০ গ্ৰাম প্লেইন পপকৰ্ণ খালে সম্পূৰ্ণ ১৫ গ্ৰাম ফাইবাৰ পাব, পেট ভৰি পৰিব আৰু শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পাব। আনহাতে, মলত পোৱা পপকৰ্ণ, ৱেফাৰ, আলুৰ চিপচ আদি আমাৰ অন্ত্ৰৰ বাবে বিষৰ দৰে। পপকৰ্ণ খোৱাটো স্বাস্থ্যৰ বাবে অতি বিশেষ; কিন্তু মনত ৰাখিব চিলি মছলা, পেৰি পেৰি, পনিৰ, মাখন নোহোৱাকৈ। প্ৰতিদিনে ১০০ গ্ৰাম সাধাৰণ পপকৰ্ণ খাওক আৰু টিনত ভৰাই থোৱা আৰু ৰেডিমেড পেকেটত অহা দামী পপকৰ্ণৰ পৰা বিৰত থাকক। যদি আপুনি ওজন কমাব বিচাৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ঘৰতে পপকৰ্ণ খাব লাগিব তেতিয়াহে আমি প্ৰকৃত উপকাৰ পাম। স্বাস্থ্যৰ ক্ষেত্ৰত গাঁৱৰ মানুহ এতিয়াও চহৰৰ মানুহতকৈ আগবাঢ়ি আছে, কাৰণ আজিও মানুহে গোমধানৰ গুটি বালিত তপতাই পপকৰ্ণ বনায়। ৫ৰ পৰা ১০ টকাত ঘৰতে বনোৱা পপকৰ্ণ শৰীৰৰ বাবে বেছ উপকাৰী। গতিকে চিনেমা চাওক; কিন্তু তাত উপলব্ধ পপকৰ্ণ আৰু ঠাণ্ডা পানীয়ৰ পৰা আঁতৰত থাকক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More