চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত সোৱণশিৰিৰ মাছমৰীয়াৰ আৰ্থ-সামাজিক বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

0 36

শতাব্দ লখিমপুৰ, ১ জুলাই: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ আইকিউএচিৰ সহযোগত আৰু আই চি এছ এছৰ অৰ্থ সাহায্যত অসমৰ “সোৱণশিৰি নদীৰ মাছমৰীয়াৰ আৰ্থ-সামাজিক বিষয় আৰু স্থিতি: জীৱিকা বৃদ্ধিৰ বাবে নীতি খচৰা” সম্পৰ্কীয় ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনি ২৮ আৰু ২৯ জুনত সফলতাৰে অনুষ্ঠিত হয়। আলোচনা চক্ৰখন উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডেভিড কাডঙে। আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়াই। আলোচনা চক্ৰত মূল ভাষণ প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় জীৱ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° এছ পি বিশ্বাসে কয়- সোৱণশিৰি উপ-অৱবাহিকা মাছৰ ক্ষেত্ৰত চহকী আৰু ঐতিহ্যপূৰ্ণ। তেওঁ মাছমৰীয়াৰ জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোৱণশিৰি অৱবাহিকাৰ মাছৰ বৈচিত্ৰ্য, মাছ ধৰাৰ মাত্ৰা , নদী বান্ধ আৰু মথাউৰি, জলজ প্ৰদূষণ, সামাজিক-মাছমৰীয়াৰ অৰ্থনীতি, মীন সম্পদৰ অৱস্থা আৰু সংস্কৃতি ভিত্তিক মীনপালনৰ ওপৰত বিশ্লেষণ আগবঢ়ায়। কাৰিকৰী অধিৱেশনত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত (ভাৰপ্ৰাপ্ত) অধ্যক্ষ ড° এছ এন ফুকন, অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ লখিমপুৰৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শইকীয়া, মাধবদেৱ বিশ্ববিদ্যালয়ৰ ড° ৰঞ্জিত দত্ত আৰু অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ড° হীৰেন গগৈয়ে অংশ গ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নলিনী কুমাৰ দলে, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰূপা ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই আলোচনা চক্ৰৰ আহ্বায়ক ড° পবিত্ৰ শৰ্মাই জনোৱা মতে আলোচনা চক্ৰত ১৫০ জনতকৈ অধিক গৱেষক পণ্ডিত, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰৰ সময়ত ব্যক্তিগত আৰু ভাৰ্চুৱেল দুয়োটা দিশতে এশৰো অধিক গৱেষণা পত্ৰ উপস্থাপন কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More