চিলিকন ভেলীত ‘অমৰত্ব’ৰ সন্ধান

0 63

দাদুল দেৱকৃষ্ণ বৰুৱা
চীনৰ এজন ৰজাই তেওঁৰ প্রজাসকলক নির্দেশ দিছিল এক অমোঘ ঔষধ বিচাৰি আনিবলৈ, যাৰ থাকিব মৃত্যু বিনাশী ক্ষমতা। ষোড়শ শতাব্দীৰ ফ্রান্সত অভিজাত শ্রেণীৰ লোকসকলে তেওঁলোকৰ আয়ুস বৃদ্ধিৰ বাবে হজমযোগ্য সোণ পান কৰিছিল। অমৰত্ব লাভৰ চেষ্টাক লৈ আছে হাজাৰ বিজাৰ গল্প। চুমেৰীয় ৰজা গিলগামেশে বিচাৰি ফুৰিছিল অমৰত্ব প্রদানৰ ক্ষমতা সম্পন্ন এক যাদুকৰী গছ। পাইছিলেও বিচাৰি। কিন্তু সেই গছজোপা এটা সাপে খাই পেলোৱাত গিলগামেশে নিজৰ ওচৰত ৰাখিবলৈ ব্যর্থ হৈছিল। চিৰ যৌৱন লাভৰ উদ্দেশ্যে অস্কাৰ ৱাইল্ডৰ উপন্যাসৰ চৰিত্র দৰিয়ান গ্রেই বিক্রী কৰি দিছিল নিজৰ আত্মা।
  • মৃত্যুক প্ৰতাৰণাৰ প্ৰয়াস
সাম্প্রতিক সময়ৰ অমৰত্ব অর্জনৰ যাত্রা মূলতঃ বিজ্ঞানভিত্তিক আৰু প্রযুক্তিনির্ভৰ তথা এই যাত্রা পৰিচালিত হৈছে চিলিকন ভেলীৰ প্রযুক্তি ধনকুবেৰসকলৰ দ্বাৰা। মানুহে যাতে ‘মৃত্যুকে প্ৰতাৰণা’ কৰিব পাৰে, তাৰ বাবে বহুকেইজন টেক্ বিলিয়নাৰে তেওঁলোকৰ অগাধ সম্পদ ব্যৱহাৰৰ সিদ্ধান্ত লৈছে। বিভিন্ন সাক্ষাৎকাৰ, কিতাপ আৰু গণমাধ্যমৰ প্রতিবেদনৰ যোগেদি জনা যায় যে, ‘আমাজন’ৰ জেফ বেজচ, ‘আলফাবেট’ৰ লেৰি পেজ, ‘ওৰাকল’ৰ লেৰি এলিচন, ‘পেলান্টিৰ’ৰ পিটাৰ থিয়েলৰ দৰে চিলিকন ভেলীৰ কর্ণধাৰ আৰু অসম্ভৱ ধনী ব্যক্তিসকলে দীর্ঘায়ু অর্জনৰ গৱেষণাত, উদ্যোগত বিপুল বিনিয়োগ কৰিছে। MIT Technology Reviewৰ মতে, ‘আল্টচ লেবছ’ নামৰ নৱজীৱন লাভৰ এক উদ্যোগত শীর্ষস্থানীয় ধনকুবেৰ বেজচে তেওঁৰ সম্পদৰ প্রায় ১৯৯ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰিছে। এই বার্ধক্য প্রতিৰোধী ষ্টার্ট-আপত (যি জৈৱ প্রক্রিয়া মেৰামতিৰ বাবে প্রযুক্তিৰ সন্ধানত আছে) পুঁজিপতি য়ুৰি মিলনাৰেৰো বিনিয়োগ আছে বুলি জানিব পৰা গৈছে। আনহাতে, ওৰাকলৰ প্রতিষ্ঠাতা এলিচনে বার্ধক্য আৰু বার্ধক্য সৃষ্ট ৰোগৰ গৱেষণাত প্রায় ৩৭০ মিলিয়ন মার্কিন ডলাৰ দান কৰিছে বুলি জানিব পৰা গৈছে। অমৰত্বৰ গৱেষণাৰ অন্যতম প্রবক্তা আৰু সকলোতকৈ বেছি ভূমিকা লোৱা ব্যক্তি হৈছে ‘পে’পল’ আৰু ‘পেলান্টিৰ’ৰ সহপ্রতিষ্ঠাতা পিটাৰ থিয়েল। যিজনে ২০১৬ চনত আমেৰিকাৰ নির্বাচনত ডনাল্ড ট্রাম্পৰ পক্ষে প্রচাৰ অভিযানতো অংশ লৈছিল। ২০০৬ চনত থিয়েলে অ-লাভজনক প্রতিষ্ঠান ‘মেথুচেলাহ মাউচ প্রাইজ ফাউণ্ডেচন’ৰ যোগেদি বার্ধক্য প্রতিৰোধী গৱেষণাত ৩.৫ মিলিয়ন মার্কিন ডলাৰ দান কৰিছিল, যি পৰিমাণ ২০১৭ চনত হয়গৈ ৭ মিলিয়ন মার্কিন ডলাৰ। থিয়েল আৰু বেজচ উভয়েই ছানফ্রান্সিচকো ভিত্তিক ইউনিটি বায়’টেকনলজি কোম্পানীত বিনিয়োগ কৰিছে বুলিও জনা যায়। শুনা যায়, এই কোম্পানীৰ মালিকে উন্নত বিশ্বৰ দেশবোৰৰ পৰা মানুহৰ ৩ ভাগ ৰোগ বিলীন কৰি পেলাব বিচাৰে।
  •  এইবাৰ গল্পৰ যাদুকৰী গছ নহয়1651287738110
চিলিকন ভেলীৰ ধনকুবেৰসকলৰ মৃত্যুক আলিঙ্গন নকৰাৰ ধাৰণাৰ কথা শুনি মনলৈ আহিব পাৰে বৈজ্ঞানিক কল্পকাহিনীৰ দৰে কিছু কথা। কিন্তু তেওঁলোক যিসমূহ পৰীক্ষামূলক পদ্ধতি গ্রহণ কৰিছে সেইবোৰ বৈজ্ঞানিক কল্পকাহিনী-নির্ভৰ চলচ্চিত্র বা উপন্যাসৰ জনপ্রিয় উপাদান, যেনে জাৰত ডুবাই ৰখা মগজু, ৰিফ্রিজাৰেটৰত থকা দেহ বা গাড়ীৰ বেটাৰীৰ লগত তাঁৰেৰে সংযুক্ত হৃদপিণ্ড আদিবোৰতকৈ বহু বেছি ভিন্ন।
অমৰত্ব অর্জনৰ বর্তমান সময়ৰ বিজ্ঞানী আৰু উদ্যোক্তাসকলে কোষৰ বার্ধক্য প্রতিৰোধৰ পৰা আৰম্ভ কৰি বয়স্কসকলৰ শৰীৰত তৰুণ ৰক্ত প্রৱেশৰ দৰে বেছ কিছু কৌশলৰ আশ্রয় লৈছে। তেওঁলোকৰ প্রচেষ্টাত কেৱল অধিক সময় বাচি থকাটোৱেই প্রাধান্য পোৱা নাই, বৰং সুস্থভাৱে দীর্ঘকাল বাচি থকাৰ উপায় বাহিৰ কৰাটোৱে প্রাধান্য পাইছে। ‘গুগল’ৰ প্রতিষ্ঠাতা ছের্গেই ব্রিন আৰু লেৰি পেজে ‘কেলিকো’ নামৰ এক গোপন উদ্যোগত বিনিয়োগ কৰি আহিছে আৰম্ভণিৰে পৰা। কেলিকোৱে এন্দুৰৰ জন্মৰ পৰা মৃত্যুপর্যন্ত প্রত্যেকটো মুহূর্ত, ধাপ নিৰীক্ষণ কৰিছে ডায়েবেটিচ আৰু আলঝেইমাৰৰ দৰে ৰোগৰ সুনির্দিষ্ট কাৰণ আৰু সামগ্রিকভাৱে মৃত্যুৰ সমাধান বাহিৰ কৰাৰ উদ্দেশ্যে। যিসকলে অমৰত্ব সংক্রান্তীয় কার্যক্রমত বিনিয়োগ আগবঢ়াইছে তাৰ ভিতৰত আছে ‘ইনচিলিকো মেডিচিন’, যি ঔষধ আৱিষ্কাৰত কৃত্রিম বুদ্ধিমত্তাক কামত লগাব বিচাৰে। অথবা ‘এইজএক্স থেৰাপিউটিকচ’, কেলিফর্নিয়াত মূল অফিচ থকা প্রতিষ্ঠানটোৱে ষ্টেম চেল তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে, যি মৃতপ্রায় টিচুসমূহক নতুনকৈ জীৱন দিয়াৰ সক্ষমতা ৰাখে। অথবা ক’ব পাৰি ‘লাইজেনেচিচ’ৰ কথা। যি এনে প্রযুক্তি তৈয়াৰ কৰিব বিচাৰিছে যিটোৱে প্রতিস্থাপনযোগ্য অঙ্গৰ পুনৰ উৎপাদনত লিম্ফ নোডক বায়’ৰিয়েক্টৰ হিচাবে ব্যৱহাৰ কৰে। মৃত্যুক প্ৰতাৰণা কৰাৰ প্রচেষ্টাত নিয়োজিত থকা আৰু এটা কোম্পানীৰ নাম ‘চিয়েৰা চায়েন্স’। এই কোম্পানীটোৱে টেলোমিয়াৰ বৃদ্ধি কৰিব পাৰে, এনে চিকিৎসা পদ্ধতি বাচি লৈছে। অমৰত্বক লৈ কাম কৰি আছে ‘কোৱালিচন অব ৰেডিকেল লাইফ এক্সটেনচন’ নামৰ প্রতিষ্ঠানটোৱেও। ‘বায়’ভিভা’ অমৰত্বক লৈ কাম কৰা আৰু এটা বৃহৎ প্রতিষ্ঠানৰ নাম আৰু চিয়েৰা চায়েন্সৰ প্রতিদ্বন্দ্বী। এই কোম্পানীৰ প্রধান নির্বাহী কর্মকর্তা এলিজাবেথ হ’ল পৃথিৱীৰ প্রথম ব্যক্তি, যি ২০১৫ চনত টেলোমিয়াৰ থেৰাপি গ্রহণ কৰে। ২০১৮ চনত তেওঁ দাবী কৰে যে, ট্রিটমেন্টৰ পিছৰে পৰা তেওঁৰ টেলোমিয়াৰৰ বয়স প্রায় ৩০ বছৰ হ্রাস পাইছে আৰু তেওঁৰ দেহে ধীৰে ধীৰে তাৰুণ্য অর্জন কৰিছে। ‘ৰিজুভেনেট বায়’ৰ প্রতিষ্ঠাতা জর্জ চার্চে কয় যে, তেওঁলোকে এন্দুৰৰ জীৱনকাল দ্বিগুণ কৰিবলৈ সক্ষম হৈছে। আৰু এই গোপনীয় প্রতিষ্ঠানটোৱে কুকুৰৰ ওপৰতো একে ধৰণৰ পৰীক্ষা চলাই আছে বুলি শুনিবলৈ পোৱা যায়। অন্যহাতে ২০১৮ চনত কেলিকোৰ বিজ্ঞানীসকলৰ এন্দুৰৰ বয়স নবঢ়াৰ আৱিষ্কাৰে অমৰত্বৰ সন্ধানক আৰু শক্তিশালী কৰি তুলিছে। শুনিবলৈ পোৱা গৈছে যে, অস্ত্রোপচাৰৰ মাধ্যমেৰে কম বয়সৰ এন্দুৰৰ তেজ বয়স্ক এন্দুৰৰ শৰীৰত প্রৱেশ কৰোৱাৰ পিছত বয়স্ক এন্দুৰৰ বয়স কমোৱাত ‘সাফল্য’ লাভ কৰিছে। ‘ইউনাইটেড থেৰাপিউটিক্স’ নামৰ আৰু এটা প্রতিষ্ঠানে কাম কৰিছে মানুহৰ ডিএনএৰ পৰা নতুন অঙ্গ সৃষ্টিৰ লক্ষ্যৰে। ‘ইউনিটি বায়’টেকনলজি’য়েও কাম কৰি আছে অমৰত্বৰ ধাৰণাক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে। অৱশ্যে এই গৱেষণা, পৰীক্ষা-নিৰীক্ষাত নিশ্চিত সাফল্য দেখা পোৱাৰ বাবে এতিয়াও দীঘলীয়া সময়ৰ প্ৰয়োজন। তথাপি অমৰত্বৰ ক্ষেত্ৰত আশাবাদী ব্যক্তিসকলৰ আশা যে, বিভিন্ন ঔষধ, থেৰাপি আৰু অন্যান্য প্রযুক্তিৰ সহায়ত মানুহে অন্ততঃ এশ বছৰৰ সীমা পাৰ হৈ ২০০, ৩০০ বা ততোধিক বছৰ যেন বাচিবলৈ সক্ষম হয়।
  •  মুমূর্ষু পৃথিৱী, নিঃসীম জীৱন
প্রশ্ন হয়— অমৰত্ব অর্জনৰ প্রচেষ্টাৰ সুফল সমগ্ৰ মানৱজাতিয়ে নে কেৱল একাংশ অত্যন্ত ধনী মানুহে ভোগ কৰাৰ সুযোগ পাব? প্রশ্নৰ উত্তৰত পোৱা গৈছে দ্বিধাৰ উপস্থিতি। ৰেডিকেল লাইফ এক্সটেনচনৰ পৰিচালক জেমছ স্ট্রোলৰ ভাষ্যমতে, অমৰত্ব সম্পৃক্ত প্রযুক্তিসমূহে যদি সফলতাৰ মুখ দেখে তেন্তে সেইবোৰ নিশ্চিতভাৱেই অসম্ভৱ খৰচৰ বিষয় হ’ব। চাহিদা বৃদ্ধিৰ লগে লগে মূল্য কমাৰ সম্ভাৱনা থাকিলেও সেই সময়ৰ ভিতৰত ধনকুবেৰ বা এনে অসংখ্য মানুহৰ অৱশ্যেই মৃত্যু ঘটিব। CNBCক দিয়া এক সাক্ষাৎকাৰত ‘লণ্ডন স্কুল অব ইকনমিক্স এণ্ড পলিটিক্স’ৰ গৱেষক আৰু বিশেষজ্ঞ ষ্টেফান ষ্টুৱার্টে কয়— “আৰম্ভণিতে প্রযুক্তি কেৱল ধনীৰ আওঁতাত থাকিলেও সেয়া এসময়ত সকলোৰে বাবে কামত আহে।” ‘স্কাইপ’ৰ সহপ্রতিষ্ঠাতা আৰু প্রযুক্তিত বিনিয়োগকাৰী জান টেলিনৰ ধাৰণা— চিলিকন ভেলীৰ অমৰত্বৰ সন্ধানে প্ৰথমতে ধনাঢ্যক সহায় কৰিলেও শেষত সমগ্র মানৱ জাতিকেই সহায় কৰিব।
অনেকৰ চিন্তাৰ কাৰণ— মানুহে যদি দীর্ঘায়ু অর্জন কৰে তেন্তে পৃথিৱীৰ সীমাবদ্ধ সম্পদ অচিৰেই নিঃশেষ হ’ব। পৰিৱেশ বিপর্যয়ৰ এই সময়ত সেইবাবে কোনো কোনোৰ মতে ধনকুবেৰসকলে পৰিৱেশৰ দৰে বর্তমান পৃথিৱীৰ অন্যান্য চলমান সমস্যা সমাধানৰ বাবে তেওঁলোকৰ অর্থ ব্যয় কৰা উচিত, জীৱন-আয়ু বৃদ্ধিৰ গবেষণাত নহয়। এই ক্ষেত্রত কেমব্রিজ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চায়েন্সৰ অধ্যাপক জন ক্রোক্রফ্টৰ মতামত উল্লেখ কৰিব পৰা যায়। তেওঁ কয়— “মুমূর্ষু জগতত অসীম সময় বাচি থকাৰ কোনো অর্থ নাই।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More