চিৰাং জিলাত লেমন ট্ৰী হোটেল গোষ্ঠীৰ বিলাসী হোটেল

0 67

শতাব্দ বিশেষ প্ৰতিনিধি, ৩১ মে’ : ভাৰতৰ এটা উল্লেখযোগ্য হোটেল চেইন প্ৰতিষ্ঠান ‘লেমন ট্ৰী হোটেলছ প্ৰাইভেট লিমিটেডে’ মঙ্গলবাৰে জনোৱা মতে তেওঁলোকে অসমৰ চিৰাং জিলাত এখন হোটেল স্থাপনৰ বাবে চুক্তিবদ্ধ হৈছে। লেমন ট্ৰী হোটেলে ইয়াৰ যোগেদি এই প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতি ঘোষণা কৰিছে।
ভাৰতী ব্ৰহ্মৰ মালিকানাধীন হোটেলখন পৰিচালনা কৰিব লেমন ট্ৰী হোটেলছ লিমিটেডৰ এটা ছাবছিয়েদাৰী সংস্থা Carnation Hotels Pvt. Limited এ। ২০২৬ চনৰ জুন মাহত মুকলি কৰিবলগীয়া নৱ নিৰ্মিত হোটেলখনত ৪০ টা কোঠাৰ উপৰি ভিন্নস্বাদী খাদ্যৰ এখন ৰেষ্টুৰেণ্ট,বাৰ, ফিটনেছ চেণ্টাৰ আদিৰ সুবিধা উপলব্ধ হ’ব। উল্লেখযোগ্য যে, এই চিৰাং জিলাতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আৰু উদ্যানখনলৈ অহা পৰ্যটকসকলৰ বাবে এই হোটেলখন এখন উপযুক্ত বিশ্ৰামস্থলী হ’ব পাৰিব। অসমৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ বাবে ই নিশ্চয়কৈ এটা উৎসাহজনক বাতৰি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More