চীনত পুনৰ লকডাউন আৰম্ভ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : যেন বাৰ্ষিক উৎসৱতহে পৰিণত হৈছে ক’ৰনা মহামাৰীৰ সংক্ৰমণ। এইবিধ ভাইৰাছৰ সংক্ৰমণৰ উৰ্ধমুখী ধাৰাৰ বাবে চীনৰ কেইবাখনো চহৰত ৬ জুলাইৰ পৰা পুনৰ আৰম্ভ হৈছে লকডাউন। স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাই বুধবাৰে এদিনতে কমেও ৩০০ জন লোক আক্ৰান্ত হৈছিল। উত্তৰ দিশৰ জিয়ান চহৰত এই গোটটোৱে ক’ৰোনা ভাইৰাছ বিয়পোৱাৰ ইংগিত পোৱা গৈছে। চাংহাইতো একেধৰণৰ পৰিস্থিতি। কিন্তু নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাক লৈ বাসিন্দাসকলৰ মাজত আন এক চিন্তাৰ সৃষ্টি হৈছে। তেওঁলোকে পুনৰ প্ৰশাসনৰ ‘অত্যধিক কঠোৰতা’ৰ আশংকা কৰিছে। সেই প্ৰেক্ষাপটত ৫ জুলাইত ছাংহাইৰ এটা অংশৰ বাসিন্দাই ঘৰতে চৰকাৰী ৰেচন সেৱা লাভ কৰাৰ বাবে ছ’চিয়েল মিডিয়াত উদ্বেগ প্ৰকাশ কৰে। এমাহ পূর্বে অন্ত পৰা ভয়াৱহ লকডাউনৰ স্মৃতি এনেদৰে জগাই তুলিছে বুলি তেওঁলোকে দাবী কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, Omicron ৰ BA 5.2 ভেৰিয়েন্ট এই সংক্ৰমণৰ মূল কাৰণ। বিশেষজ্ঞসকলে দাবী কৰে যে ই অন্যান্য ভেৰিয়েণ্টতকৈ অধিক সংক্ৰামক আৰু ই প্ৰতিৰোধ ক্ষমতা সহ্য কৰিবলৈও যথেষ্ট সক্ষম। ফলত সংক্ৰমণ আৰু অধিক বিয়পি পৰাৰ পৰা ৰক্ষা পাবলৈ প্ৰশাসনে কেইবাঠাইত ‘কন্টাক্ট ট্ৰেচিং’ৰ আশ্ৰয় লৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More