চীনে চন্দ্ৰৰ পৰা আনিলে হীৰা সদৃশ নব্য খনিজ

কেনেকৈ উদ্ধাৰ হ’ল এই বিৰল সম্পদ?

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : পৃথিৱীৰ বুকুত চন্দ্ৰৰ হীৰা! যিমানেই আচৰিত যেন লাগিলেও, সেইটোৱেই সত্য। ঠিক হীৰা নহ’লেও চীনে চন্দ্ৰত স্ফটিক বা হীৰাৰ দৰে দেখাত সম্পূৰ্ণ নতুন খনিজ আৱিষ্কাৰ কৰিছে। দুবছৰমান আগতে চীনৰ চেং’এ-৫ মহাকাশযানে চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰিছিল, আৰু এই নতুন খনিজটো ইতিমধ্যে আৱিষ্কাৰ হৈছে। ২০২০ চনৰ ডিচেম্বৰ মাহত চন্দ্ৰ অভিযান সম্পূৰ্ণ কৰি পৃথিৱীলৈ উভতি আহিছিল চীনৰ চেং’এ-৫ চন্দ্ৰ অন্বেষণ মহাকাশযান। সেই সময়ত লগত লৈ আহিছিল চন্দ্ৰৰ বিভিন্ন নমুনা। এই নমুনাবোৰৰ মাজতে এই হীৰাৰ দৰে বস্তুটো পোৱা গৈছিল। নতুন খনিজটোৰ নাম দিয়া হৈছে চেংগেচাইট (Y)। হীৰাৰ দৰে স্বচ্ছ স্ফটিকটোক আন্তঃৰাষ্ট্ৰীয় খনিজ সংস্থা বা আই এম এয়ে নতুন খনিজ হিচাপে স্বীকৃতি দিছে। চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসন আৰু পাৰমাণৱিক শক্তি প্ৰাধিকৰণে যৌথভাৱে এই নতুন খনিজ আৱিষ্কাৰৰ কথা ঘোষণা কৰে। চেং’এ-৫ মহাকাশযানখনে অনা চন্দ্ৰ পৃষ্ঠৰ নমুনাৰ পৰা বেইজিং ৰিচাৰ্চ ইনষ্টিটিউট অৱ ইউৰেনিয়াম জিঅ’লজিয়ে এই নতুন খনিজটো আৱিষ্কাৰ কৰিছে। এইটো হৈছে চন্দ্ৰত এতিয়ালৈকে পোৱা ষষ্ঠটো খনিজ। চন্দ্ৰত এই সম্পূৰ্ণ নতুন খনিজ দ্ৰব্যৰ সন্ধান পোৱা বিশ্বৰ তৃতীয় দেশ হিচাপে পৰিগণিত হ’ল চীন। বিজ্ঞানীসকলে ৰিপ’ৰ্ট কৰিছে যে চেংগেচাইট (Y) হৈছে এক নতুন ধৰণৰ ফছফেট খনিজ। বেইজিং ৰিচাৰ্চ ইনষ্টিটিউট অৱ ইউৰেনিয়াম জিঅ’লজিৰ এটা গৱেষক দলৰ মতে, এই খনিজটোৰ এটা স্ফটিক কণা প্ৰায় ১০ মাইক্ৰন ব্যাসৰ, যিটো মানুহৰ গড় চুলিৰ ব্যাসৰ দশম ভাগতকৈও কম। ইয়াৰ স্ফটিক গঠন বিশ্লেষণ কৰিলে দেখা যায় যে ই এক সম্পূৰ্ণ নতুন খনিজ। কিন্তু এই নতুন খনিজটো সঠিকভাৱে কি কামত ব্যৱহাৰ কৰিব পৰা যাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উদ্বিগ্ন মহলে অনুভৱ কৰে যে চেংগাইছাইট (Y)ৰ বিষয়ে এতিয়াও বহু কথা জানিবলৈ বাকী আছে। মহাকাশ অভিযান সদায় অতি লাভদায়ক। এনে অভিযানে কিবা নহয় কিবা এটা নতুন কথা উলিয়াই আনে— সেয়া হ’ব পাৰে তথ্য বা বস্তু। আৰু সেইবোৰ বিশ্লেষণ কৰিলে নতুন নতুন কৌতুহলৰ ক্ষেত্ৰ মুকলি হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More