চীন আৰু পাকিস্তানৰ ক্রমাগত ভাবুকিঃ ৯৬খন যুদ্ধবিমান তৈয়াৰ হ’ব দেশত

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বাধীন আত্মনির্ভৰ ভাৰত প্রকল্পৰ বাবে এক বৃহৎ পদক্ষেপ লৈছে ভাৰতীয় বিমান বাহিনীয়ে। ১১৪খন যুদ্ধবিমান কিনাৰ পৰিকল্পনা আছে বাহিনীটোৰ। যাৰ ভিতৰত ৯৬খন যুদ্ধবিমান ভাৰতত নিৰ্মাণ কৰা হ’ব। বাকী ১৪খন যুদ্ধ বিমান বিদেশৰ পৰা কিনা হ’ব বা আমদানি কৰা হ’ব। ভাৰতীয় বিমান বাহিনীৰ বাই গ্ল’বেল এণ্ড মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত ১১৪খন মাল্টিৰোল ফাইটাৰ এয়াৰক্রাফ্ট কিনাৰ পৰিকল্পনা আছে। এই পৰিকল্পনাৰ মাধ্যমেৰে ভাৰতীয় কোম্পানীসমূহক বিদেশত ক্রেতাসকলৰ লগত অংশীদাৰিত্ব কৰাৰ অনুমতি দিয়া হ’ব। সম্প্রতি ভাৰতীয় বিমান বাহিনীয়ে বিদেশী বিক্রেতাসকলৰ লগত এখন বৈঠকতো বহিছে। তাতেই মেক ইন ইণ্ডিয়া প্রকল্পটোৰ কথা তুলি ধৰা হৈছে। সংবাদ সংস্থা এএনআইক তেনেদৰেই জনাইছে কেন্দ্রীয় চৰকাৰৰ এক সূত্রই। সূত্রৰ খবৰ মতে পৰিকল্পনা অনুসৰি প্রাথমিক অৱস্থাত ১৮খন বিমান আমদানিৰ পিছত পৰৱর্তী ৩৬খন বিমান দেশৰ ভিতৰত নিৰ্মাণ কৰা হ’ব আৰু আংশিকভাৱে বৈদেশিক মুদ্রা আৰু ভাৰতীয় মুদ্রাত অর্থ প্রদান কৰা হ’ব। শেষৰ ৬০খন বিমান ভাৰতীয় অংশীদাৰৰ প্রধান দায়িত্ব হ’ব আৰু চৰকাৰে কেৱল ভাৰতীয় মুদ্রাত অর্থ প্রদান কৰিব বুলি সূত্ৰত প্ৰকাশ। ভাৰতীয় মুদ্রাত অর্থ প্রদান বিক্রেতাসকলৰ প্রকল্পত ৬০ শতাংশৰ বেছি ‘মেক-ইন-ইণ্ডিয়া’ সামগ্রী অর্জনত সহায় কৰিব বুলি সূত্রই জনাইছে। বয়িং, লকহিড মার্টিন, চাব, মিগ, ইৰকুট কর্পৰেচন আৰু ডাচাল্ট এভিয়েচনসহ বৈশ্বিক বিমান নির্মাতাসকলে টেণ্ডাৰত অংশ ল’ব বুলি আশা কৰা হৈছে। প্রতিবেশী চীন আৰু পাকিস্তান ক্রমাগত ভাবুকিৰ কাৰণ হৈ উঠিছে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্রত। আৰু সেই কাৰণেই এই ১১৪খন যুদ্ধবিমানৰ ওপৰত অনেকখিনি নির্ভৰ কৰিবলগীয়া হৈছে ভাৰতীয় বিমান বাহিনীয়ে। ভাৰতীয় বায়ুসেনাই ফাইটাৰ জেটৰ প্রয়োজনীয়তাৰ বাবে এক সাশ্রয়ী সমাধানৰো সন্ধান কৰিছে। এনে এবিধ প্লেন বিচৰা হৈছে যাৰ অপাৰেচনেল খৰচ কম হয় আৰু পৰিসেৱাত অধিক ক্ষমতা দিয়ে। অৱশ্যে এই পর্যন্ত ৰাফেল যুদ্ধ বিমানক লৈ যথেষ্ট সন্তষ্ট ভাৰতীয় বিমান বাহিনী। ২০২০ চনত ৩৬খন ৰাফেলে বিমান কিনা হৈছিল। যি লাদাখ সঙ্কটৰ সময়ত চীনৰ ওপৰত চাপ বঢ়োৱাত ব্যাপকভাৱে সহায় কৰিছিল। অৱশ্যে ইয়াৰ সংখ্যা পর্যাপ্ত নহয় আৰু ইয়াৰ বাবে আৰু বেছি সক্ষমতাৰ প্রয়োজন হ’ব। বিমান বাহিনীয়ে ইতিমধ্যে LCA Mk 1A বিমানৰ ৮৩খনৰ বাবে অর্ডাৰ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More