চীন, পাকিস্তান আৰু ম্যানমাৰ সীমান্তত ৬৪ টা পথ আৰু ১০৩ খন দলং নিৰ্মাণ কৰিব

0 17

শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পথ যোগাযোগ উন্নত কৰিবৰ বাবে ভাৰত চৰকাৰে ৩১,০০০ কোটি টকা বিনিয়োগ কৰিব। India@75 Strategic Roads Package নামৰ প্ৰকল্পৰ অধীনত চৰকাৰে চীন, পাকিস্তান আৰু ম্যানমাৰ সীমান্তত ৬৪ টা পথ আৰু ১০৩ খন দলং নিৰ্মাণ কৰিব। প্ৰকল্পটোৰ অনুমোদনৰ বাবে ইতিমধ্যে প্ৰস্তাব নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীলৈ প্ৰেৰণ কৰা হৈছে। ভাৰত-চীন সীমান্তৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত এই প্ৰকল্পটোত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। নিৰ্মাণ কৰিবলগীয়া পথসমূহৰ তৃতীয় চতুৰ্থাংশই ভাৰত-চীন সীমান্তৰ আৰু মুঠ বিনিয়োগৰ ৭৫ শতাংশই ইয়াত ব্যয় কৰা হ’ব। বিনিয়োগৰ ১৪ শতাংশ ব্যয় কৰা হ’ব ভাৰত-পাক সীমান্তত। ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More