চুবুৰীয়া ৰাষ্ট্ৰই বিয়পাইছে ক’ৰনা!

কিম জং উনৰ দাবীক লৈ চৰ্চা

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাই: উত্তৰ কোৰিয়াত দিনে-নিশাই নানা ধৰণৰ অদ্ভুত ঘটনা ঘটে! একনায়কত্ববাদী কিম জং উনৰ ৰাজত্বকালত দেশখনৰ বাসিন্দাসকলে যেন শান্তিৰে নিশ্বাসো ত্যাগ কৰিব নোৱাৰে। তেওঁ নিজৰ সকলো অদ্ভুত আইন নাগৰিকৰ ওপৰত জাপি দিয়ে। সেই নিয়মবোৰ সঠিকভাৱে পালন নকৰিলে সকলো ভয়ংকৰ শাস্তি নাগৰিকৰ ওপৰত পৰিব। ১ জুলাইত কিম জং উনে দিয়া এক ভাষণে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ বক্তব্য শুনি চিকিৎসকসকলো আচৰিত হৈছে। কিমে দাবী কৰিছে যে, বিগত দুবছৰত উত্তৰ কোৰিয়াত কোনো লোক ক’ৰনাত আক্ৰান্ত হোৱা নাছিল, যেতিয়া বিশ্ব ক’ৰনাত আক্ৰান্ত হৈছিল। কিন্তু কিছুদিন পূৰ্বে উত্তৰ কোৰিয়াত ক’ৰনা আক্ৰান্তৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পোৱাৰ খবৰ আহিছে। আনকি প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াৰ শাসকজনেও মাস্ক পৰিধান কৰি ৰাজহুৱা স্থানত চৰ্চালৈ অহা দেখা গৈছে। উত্তৰ কোৰিয়া প্ৰশাসনে ১ জুলাইত জনোৱা মতে, উত্তৰ কোৰিয়াৰ লোকসকল কোনো এলিয়েন বা এলিয়েনজাতীয় বস্তুৰ সংস্পৰ্শলৈ অহাৰ পিছতে ক’ৰনাত আক্রান্ত হৈছে। তেওঁলোকে পৰোক্ষভাৱে ক’ৰনা সংক্ৰমণৰ বাবে দক্ষিণ কোৰিয়াক জগৰীয়া কৰে। এনে অদ্ভুত তথ্য প্ৰকাশ কৰাৰ পাছত প্ৰশাসনে কয় যে, সীমান্ত অঞ্চলৰ বাসিন্দাসকল বায়ু, বেলুন আৰু এলিয়েন বেলুনৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকিব লাগে। প্ৰাপ্ত তথ্যমতে, দেশখনৰ পূব প্ৰান্তৰ কুমগাং অঞ্চলত এক অজ্ঞাত বস্তুৰ সংস্পৰ্শলৈ আহি এজন ১৮ বছৰীয়া জোৱান আৰু এটি ৫ বছৰীয়া শিশু ক’ৰনা পজিটিভ হৈ পৰে। এপ্ৰিল মাহত দক্ষিণ কোৰিয়াৰ একাংশ চৰকাৰ বিৰোধী স্বেচ্ছাসেৱী সংগঠনে শান্তিৰ বাৰ্তাৰে বেলুন উৰুৱাইছিল। আৰু সেই মাহৰ পৰা কিমে দাবী কৰিছে যে, উত্তৰ কোৰিয়াত ক’ৰনাৰ শক্তি বৃদ্ধি পাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More