চুৰি গৰুৰ ভাগ্য! বিলাসী বাহনৰে সৰবৰাহ

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮ ডিচেম্বৰ: তেজপুৰ সদৰ থানাৰ অন্তগত তথা বৰঘাট আৰক্ষীয়ে আজি পুৱা চুৰি গৰু সহ দুই গৰু চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,যোৱানিশা শোণিতপুৰৰ বিহগুৰি পিঠাখোৱাৰ পৰা চাৰিজনী গাইগৰু চুৰি কৰি এএছ০৪এন৯০২৯নম্বৰ মহিন্দ্ৰা এক্স ইউ ভি বাহনৰ পিছৰ আসন খুলি ইয়াতে চাৰিওজনী গাই লৈ আহি থকা অৱস্থাত তেজপুৰৰ ভোমোৰাগুৰিৰ কলীয়াভোমোৰা দলঙৰ সমীপত বৰঘাট আৰক্ষীয়ে গাড়ীসহ গাই গৰু চাৰিজনী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে গৰুচোৰক গ্ৰেপ্তাৰ কৰে৷ IMG 20221228 WA0103বৰঘাট আৰক্ষীয়ে গৰুচুৰিৰ ঘটনাৰ বিষয়ে নিশাই খবৰ লাভ কৰি চোৰৰ সন্ধানত সতৰ্ক হৈ আছিল আৰু বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্তজিৎ পাঠকৰ নেতৃত্বত ওৰে নিশা চুৰি গৰু আৰু চোৰৰ সন্ধানত খাপ পিটিছিল৷উল্লেখযোগ্য যে,আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই গৰু চোৰক নগাঁৱৰ খাৱৈমাৰীৰ বৰমা পাঁচআলিৰ জামালুদ্দিনৰ পুত্ৰ আছিবুল হুছেইন (১৮) আৰু চামগুৰিৰ বৰমা সোণাৰি বালিৰ ছাইকুল উদ্দিনৰ পুত্ৰ মজিদুল হক(১৮)বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ বিভিন্ন স্হানত শেহতীয়াকৈ বহুসংখ্যক গৰু চুৰি হৈছে৷ সম্প্ৰতি গৰু চোৰে তথা চোৰাং সৰবৰাহকাৰীয়ে বিভিন্ন কৌশলৰে গৰু সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ অহাৰ সময়তে বিলাসী বাহনত গৰু চুৰিৰ এই ঘটনাই সৰ্বসাধাৰণক আচৰিত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More