চেউৰী জন্ম দিয়াৰ নতুন আঁচনি

 ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্য

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০এপ্ৰিলঃ ৰাজ্যৰ পশপালক সকলৰ বাবে শীঘ্ৰেই এক বিশেষ আঁচনি ৰাজ্যত আৰম্ভ হ’ব৷ দুগ্ধ উৎপাদন বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থালৈ এক পৰিৱৰ্তন অনাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই পশুপালকসকলক যোগান ধৰিব কেৱল চেউৰী পোৱালী জন্ম দিব পৰা বীৰ্য৷ উল্লেখযোগ্য যে,কৃত্ৰিম প্ৰজননৰ বিপৰীতে অধিক সময়ত দমৰা পোৱালীহে জন্ম হোৱাৰ বাবে অধিকাংশ পশুপালকে তেওঁলোকৰ গাইগৰুৰ বৰ্তমানৰ কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ সুযোগ ল’বলৈ আগ্ৰহী নহয়৷ এনে অৱস্হাত ৰাজ্য চৰকাৰে চেউৰী পোৱালিহে জন্ম দিয়াৰ নিশ্চিতি থকা বিশেষ বীৰ্য বিদেশৰ পৰা ক্ৰয় কৰিব৷ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বীৰ্য চৰকাৰে প্ৰায় এহেজাৰ তিনিশ টকাকৈ ক্ৰয় কৰিব যদিও সেয়া ইচ্ছুক পশুপালকক ৭৫টকাতে যোগান ধৰিব। সূত্ৰটোৱে লগতে কয় যে,অৱশ্যে এই বীৰ্য কৃত্ৰিম পদ্ধতিৰে গাইগৰুৰ দেহত সংস্হাপিত কৰাৰ পূৰ্বে সেই গাইগৰুৰ স্বাস্থ্য পৰীক্ষাৰ লগতে সম্পূৰ্ণ সক্ষম কৰি তোলাৰো ব্যৱস্থা কৰা হ’ব৷ স্বাস্থ্যবান আৰু নিৰোগী গাইগৰুৰ বাবে উপযুক্ত এই পদ্ধতিত অধিকাংশই চেউৰী পোৱালীৰ জন্ম হ’ব৷ শীঘ্ৰেই এই প্ৰকল্প ৰাজ্যখনত আৰম্ভ হ’ব আৰু ইতিমধ্যেই চৰকাৰে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও সূত্ৰটোৱে সদৰি কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More